Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




পাঁচনি 18:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

6 যেতিয়া ইহুদী সকলে পৌলৰ বিৰুদ্ধাচৰণ কৰি তেওঁক অপমান কৰিবলৈ ধৰিলে, তেতিয়া পৌলে তেওঁলোকৰ ফালে নিজৰ কাপোৰ জোকাৰি ক’লে, “আপোনালোকৰ তেজৰ দায় আপোনালোকৰ মূৰৰ ওপৰতে থাকক; মই নিৰ্দোষী। এতিয়াৰ পৰা মই অনা-ইহুদী সকলৰ ওচৰলৈ যাওঁ।”

অধ্যায়টো চাওক কপি কৰক




পাঁচনি 18:6
37 পৰস্পৰ সংযোগসমূহ  

তেতিয়া যদি সেই লোকসকলে শিঙাৰ শব্দ শুনি সতৰ্ক নহয়, আৰু তৰোৱালে আহি তেওঁলোকক বধ কৰে, তেনেহ’লে তেওঁলোকৰ ৰক্তপাতৰ দোষ প্রতিজনৰ নিজৰ মূৰতে পৰিব।


তেতিয়া দায়ূদে সেই মৃত অমালেকীয়াজনক ক’লে, “তোমাৰ ৰক্তপাতৰ দোষ তোমাৰ নিজ মূৰতেই থাকক; কিয়নো, ‘ময়েই যিহোৱাৰ অভিষিক্ত জনক বধ কৰিলোঁ’ এইবুলি তোমাৰ নিজ মুখেৰেই নিজৰ বিৰুদ্ধে সাক্ষ্য দিলা।”


সি যদি সুতলৈ ধাৰ দিয়ে বা অনুচিত লাভ লয়, তেনেহ’লে সি জীয়াই থাকিব নে? সি জীয়াই নাথাকিব! সি এই আটাইবোৰ ঘিণলগীয়া কাৰ্য কৰিলে; তাৰ অৱশ্যে মৃত্যু হ’ব আৰু তাৰ ৰক্তপাতৰ দোষ তাৰ ওপৰত থাকিব।


মই মোৰ কাপোৰৰ ভাজ জোকাৰি ক’লো, “সেয়ে যি কোনোৱে এই প্রতিজ্ঞা পালন নকৰে, ঈশ্ৱৰে তেওঁক তেওঁৰ ঘৰৰ আৰু অধিকাৰৰ পৰা এইদৰেই জোকাৰি পেলাওক। সেয়ে তেওঁক জোকৰা হওক আৰু উদং কৰা হওক।” গোটেই সমাজে ক’লে, “আমেন,” আৰু তেওঁলোকে যিহোৱাৰ প্ৰশংসা কৰিলে। লোকসকলে তেওঁলোকে কৰা প্রতিজ্ঞাৰ দৰেই কাৰ্য কৰিলে।


তাতে তেওঁলোকে ভৰিৰ ধুলি সিহঁতৰ অহিতে জোকাৰি পেলাই, ইকনিয় নগৰলৈ গ’ল৷


তাতে আপোনালোকে তেওঁলোকৰ সৈতে সেইবোৰ কর্ম নকৰা দেখি তেওঁলোকে আচৰিত মানি আপোনালোকক নিন্দা কৰে।


আৰু যিবোৰ মানুহে তোমালোকক গ্ৰহণ নকৰে, তেওঁলোকৰ নগৰৰ পৰা ওলাই যাওঁতে, সেই লোকবোৰৰ বিপক্ষে প্ৰমাণ স্ৱৰূপে তোমালোকে ভৰিৰ ধূলি জোকাৰি পেলাবা।”


তাতে সকলোৱে উত্তৰ দি ক’লে, ‘তেওঁৰ তেজে আমাক আৰু আমাৰ সন্তানবোৰক পাওঁক’।


আপোনালোক ধন্য, যদি আপোনালোকে খ্ৰীষ্টৰ নামৰ কাৰণে নিন্দিত হয়; কাৰণ ঈশ্ৱৰৰ আত্মা আৰু গৌৰৱৰ আত্মা আপোনালোকৰ ওপৰত স্থিৰ হৈ আছে।


বিৰোধ কৰাবোৰক মৃদুভাবে শিক্ষা দিব লাগে৷ তেতিয়া সেই সত্যৰ তত্ব জ্ঞানৰ অর্থে ঈশ্বৰে তেওঁলোকক মন-পালটনৰ বৰ দিব


ঈশ্বৰ অকল ইহুদী সকলৰ ঈশ্বৰ নে? তেওঁ অনা-ইহুদী সকলৰো ঈশ্ৱৰ নহয় জনো? অৱশ্যে, অনা-ইহুদী সকলৰো ঈশ্বৰ হয়৷


সেই কাৰণে আপোনালোকে জানিব যে, ঈশ্ৱৰৰ এই পৰিত্রাণৰ কথা অনা-ইহুদী সকলৰ মাজলৈ পঠোৱা হৈছে আৰু তেওঁলোকে তেওঁৰ বিষয়ে শুনিবও৷”


দম্মেচক আৰু যিৰূচালেমত থকা লোক সকলৰ আগত, পাছত যিহুদীয়া আৰু তাৰ সকলো অঞ্চলৰ লগতে অনা-ইহুদী সকলৰ আগতো মই প্ৰচাৰ কৰিলোঁ, যাতে তেখেত সকলে মন-পালটাই ঈশ্ৱৰলৈ ঘূৰে আৰু মন-পালটনৰ যোগ্য আচৰণ ঈশ্ৱৰৰ সাক্ষাতে কৰে৷


এনেদৰে মই তেখেত সকলক শাস্তি দি যীচু খ্ৰীষ্টৰ নিন্দা কৰিবলৈ জোৰ কৰিছিলোঁ৷ তেখেত সকলৰ বিৰুদ্ধে ক্ষোভ ইমানেই তীব্ৰ হৈ উঠিছিল যে, তেখেত সকলক তাড়না কৰিবৰ বাবে মই বিদেশৰ চহৰ সমূহলৈকো যাত্ৰা কৰিছিলোঁ৷


তেতিয়া তেওঁৰ দাসবোৰে বাটলৈ ওলাই গৈ, ভাল-বেয়া যিমান মানুহ পালে, সেই সকলোকে গোটাই আনিলে; তাতে আলহী সকলৰ বিয়া-ঘৰ ভৰি পৰিল।


যদি কোনোৱে তোমালোকক গ্রহণ নকৰে বা তোমালোকৰ কথাও নুশুনে, তেনেহলে সেই ঘৰ বা নগৰৰ পৰা ওলাই যাওঁতে তোমালোকৰ ভৰিৰ ধূলি জোকাৰি পেলাবা।


আৰু নিন্দা কৰি যীচুৰ বিৰুদ্ধে আন আন বহু কথা ক’লে।


এই হেতুকে মই আপোনালোকক কওঁ, আপোনালোকৰ পৰা ঈশ্বৰৰ ৰাজ্য নিয়া হ’ব, আৰু তাৰ ফল উৎপন্ন কৰা জাতিক দিয়া হ’ব।


মই আপোনালোকক কওঁ, পূব আৰু পশ্চিম সকলো দিশৰ পৰা অনেক আহিব আৰু অব্ৰাহাম, ইচহাক আৰু যাকোবৰ লগত স্বৰ্গৰাজ্যত ভোজন কৰিবলৈ বহিব;


কিয়নো যিকোনোৱে নিজ পিতৃ বা মাতৃক শাও দিব, তাৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। পিতৃ-মাতৃক শাও দিয়াৰ বাবে সেই ৰক্তপাতৰ দোষ তেওঁৰ নিজৰ গাতে থাকিব।


কাৰো ওপৰত হঠাতে হাত নিদিবা আৰু অন্য লোকৰ পাপৰ অংশীদাৰ নহ’বা৷ নিজকে নিৰ্দোষী কৰি ৰাখিবা।


তেওঁলোকৰ ৰক্তপাতৰ দোষ যেন যোৱাবৰ মূৰত আৰু তেওঁৰ বংশৰ মূৰত চিৰকাললৈকে থাকক; কিন্তু দায়ুদ আৰু তেওঁৰ সন্তান সকললৈ, তেওঁৰ বংশলৈ আৰু তেওঁৰ সিংহাসনলৈ যিহোৱাৰ পৰা সৰ্ব্বদায় শান্তি হ’ব।”


কিন্তু প্ৰহৰীয়ে তৰোৱাল অহা দেখিও যদি শিঙা নবজায়, আৰু লোকসকলক সতৰ্ক হ’বলৈ সুযোগ নিদিয়ে, আৰু তৰোৱালে আহি তেওঁলোকৰ মাজৰ পৰা কোনো এজন লোকৰ প্রাণ লৈ, তেন্তে তেওঁ নিজৰ অপৰাধৰ কাৰণেই হ’ব, কিন্তু মই প্ৰহৰীৰ হাতৰ পৰা তেওঁৰ ৰক্তপাতৰ প্ৰতিশোধ ল’ম।’


লোক সকলে তেওঁক ক’লে, “তেওঁ সেই দূৰ্জনবোৰক নিষ্ঠুৰভাবে সংহাৰ কৰিব, আৰু যি সকলে বতৰত ফলবোৰ শোধাই দিব, এনে আন খেতিয়ক সকলৰ হাতত সেই দ্ৰাক্ষাবাৰী গতাই দিব।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন