চলোমনে ইস্ৰায়েলৰ গোটেই সমাজৰ সাক্ষাতে যিহোৱাৰ যজ্ঞবেদীৰ আগত থিয় হৈ স্বৰ্গৰ ফাললৈ হাত মেলিলে।
1 ৰাজা 8:54 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যিহোৱাৰ সন্মুখত এইদৰে প্ৰাৰ্থনা আৰু নিবেদন কৰাৰ পাছত, চলোমনে যিহোৱাৰ যজ্ঞবেদিৰ সন্মুখত যেনেদৰে আঠুকাঢ়ি পৰি স্বৰ্গৰ ফালে চাই আছিল, সেইদৰে চাই থকাৰ পৰা তেওঁ উঠি থিয় হ’ল। |
চলোমনে ইস্ৰায়েলৰ গোটেই সমাজৰ সাক্ষাতে যিহোৱাৰ যজ্ঞবেদীৰ আগত থিয় হৈ স্বৰ্গৰ ফাললৈ হাত মেলিলে।
যেতিয়া চলোমনৰ প্ৰাৰ্থনা শেষ হ’ল, তেতিয়া আকাশৰ পৰা অগ্নি নামি আহি হোম-বলি আৰু আন বলিসমূহ গ্ৰাস কৰিলে আৰু যিহোৱাৰ প্ৰতাপেৰে সেই গৃহ পৰিপূৰ্ণ হ’ল।
এদিন যীচুৱে এঠাইত প্ৰাৰ্থনা কৰি আছিল৷ প্ৰার্থনা শেষ হোৱাৰ পাছত তেওঁৰ এজন শিষ্যই ওচৰলৈ আহি ক’লে, “হে প্ৰভু, যোহনে যেনেকৈ তেওঁৰ শিষ্য সকলক প্ৰার্থনা কৰিবলৈ শিকালে; তেনেকৈ আপুনিও আমাক শিকাওঁক।”
পাছত তেওঁ প্ৰাৰ্থনা কৰি উঠি, শিষ্য সকলৰ ওচৰলৈ আহিল আৰু তেওঁলোকক শোকত ভাগৰি শুই যোৱা দেখি ক’লে,
আমি সেই কেইদিন তাতে থাকি ওলাই যাওঁতে, তেওঁলোকে লৰা-তিৰোতাৰ সৈতে সকলোৱে নগৰৰ বাহিৰলৈকে আমাক আগবঢ়াই থলে আৰু সাগৰৰ তীৰত আঁঠু লৈ প্ৰাৰ্থনা কৰি, পৰস্পৰে বিদায় ললোঁ৷