তেতিয়া যিহোৱাই ক’লে, ‘কেনেকৈ?’ তেওঁ ক’লে, ‘মই গৈ আটাই ভাববাদীসকলৰ মুখত মিছা কওঁতা আত্মা হ’ম।’ তেতিয়া যিহোৱাই ক’লে, ‘হয়, তুমি তেওঁক উত্তেজিত কৰিবা আৰু কৃতকাৰ্য্যও হ’বা। এতিয়া ওলাই যোৱা আৰু সেইদৰে কৰা।’
তেতিয়া বৃদ্ধ ভাববাদীজনে তেওঁক ক’লে, “তোমাৰ নিচিনা ময়ো এজন ভাববাদী আৰু এজন দূতে যিহোৱাৰ বাক্যৰ দ্বাৰাই মোক এই কথা ক’লে, ‘তেওঁ অন্ন ভোজন আৰু জল পান কৰিবৰ কাৰণে, তুমি যেন তেওঁক তোমাৰ ঘৰলৈ ঘূৰাই আনাগৈ’।” কিন্তু বৃদ্ধ ভাববাদীজনে তেওঁৰ আগত মিছা কথা কৈছিল।
তাৰ পাছত যিহোৱাই ক’লে, ‘আহাবক গৈ ৰামোৎ-গিলিয়দত পতিত হ’বৰ কাৰণে কোনে তেওঁক উত্তেজিত কৰিব?’ তেতিয়া এজনে একেভাবে আৰু আনজনে আন ভাবে উত্তৰ দিবলৈ ধৰিলে।
তেতিয়া এক আত্মাই ওলাই আহি যিহোৱাৰ সাক্ষাতে থিয় হৈ ক’লে, ‘মইয়ে তেওঁক উত্তেজিত কৰাম।’
ইলীচাই ইস্ৰায়েলৰ ৰজাক ক’লে, “আপোনাৰ কাৰণে মই কি কৰিব পাৰোঁ? আপুনি আপোনাৰ পিতৃ আৰু মাতৃৰ ভাববাদীসকলৰ ওচৰলৈ যাওঁক।” তেতিয়া ইস্ৰায়েলৰ ৰজাই তেওঁক ক’লে, “নহয়, আমি নাযাওঁ, কাৰণ মোৱাবৰ হাতত পৰাজিত হ’বলৈ যিহোৱাই আমাৰ তিনিওজন ৰজাক একত্রিত কৰি মাতি আনিলে।”
তেতিয়া যিহোৱাই চয়তানক ক’লে, “চোৱা, তেওঁৰ সৰ্ব্বস্বৰ ওপৰত তোমাৰ ক্ষমতা আছে; কেৱল তেওঁৰ ওপৰতহে হাত নিদিবা।” তাৰ পাছত চয়তান যিহোৱাৰ ওচৰৰ পৰা ওলাই গ’ল।
পৰাক্ৰম আৰু বুদ্ধি-কৌশল তেওঁৰ তাতহে; প্ৰবঞ্চক আৰু প্ৰবঞ্চিত লোক সেই দুয়ো তেওঁৰহে।
তেওঁলোকে শাও দিবলৈ ভাল পায়; সেই শাও তেওঁলোকৰ ওপৰলৈকে আহঁক। তেওঁলোকে আশীৰ্ব্বাদ ঘৃণা কৰে; সেয়ে আশীর্বাদ তেওঁলোকৰ পৰা দূৰ হওঁক।
যিহোৱাই তেওঁৰ ভিতৰত বিকৃত আত্মা বাকি দিলে, মতলীয়ালোকে বমি কৰি ঢলংপলং কৰাৰ দৰে, তেওঁলোকে মিচৰক তেওঁৰ সকলো কাৰ্যত বিপথগামী কৰিলে,
যদি কোনো ভাববাদীয়ে ভ্ৰান্ত হৈ আৰু কোনো বাক্য কয়, তেতিয়া মই, যিহোৱাই, সেই ভাববাদীজনক ভ্ৰান্ত কৰিম; আৰু মই তেওঁৰ বিৰুদ্ধে হাত মেলি, মোৰ প্ৰজা ইস্ৰায়েল লোকসকলৰ মাজৰ পৰা তেওঁক বিনষ্ট কৰিম।
বাহিনীসকলৰ যিহোৱাৰ ঘোষণা এই - “সেইদিনা মই দেশৰ পৰা প্ৰতিমাবোৰৰ নাম লুপ্ত কৰিম, তেতিয়া সেইবোৰক পুনৰ সোঁৱৰণ কৰা নহ’ব; আৰু মই ভাববাদীসকলক আৰু অশুচিতাজনক আত্মাক দেশৰ পৰা উলিয়াই পঠিয়াম।
চয়তান আপোনালোকৰ পিতৃ আৰু আপোনালোক তাৰ পৰা হৈছে। সেই কাৰণে আপোনালোকে আপোনালোকৰ সেই পিতৃৰ অভিলাষ পূর্ণ কৰিবলৈ ইচ্ছা কৰে। চয়তান আদিৰে পৰা নৰবধী; সি সত্যত নাথাকে, কিয়নো তাৰ ভিতৰত সত্য নাই। সি যেতিয়া মিছা কথা কয়, তেতিয়া সি নিজৰ স্বভাৱৰ পৰাই কয়। কাৰণ সি মিছলীয়া আৰু সকলো মিছাৰ বাপেক।
পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে, আহিবলগীয়া দিনত কিছুমান মানুহ বিশ্বাসৰ পৰা আতৰি গৈ ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁলোকে মনযোগ দিব,
আমি হ’লে ঈশ্বৰৰ লোক; যিজনে ঈশ্বৰক জানে, তেওঁ আমাৰ কথা শুনে; যিজন ঈশ্বৰৰ নহয়, তেওঁ আমাৰ কথা নুশুনে৷ ইয়াৰ দ্বাৰাই আমি সত্যৰ আত্মা আৰু ভ্ৰান্তিৰ আত্মাক জানিব পাৰোঁ।
এইদৰে সেই পশুৰ সাক্ষাতে যি যি চিন দেখুৱাবলৈ তাক ক্ষমতা দিয়া হ’ল, তাৰ দ্বাৰাই সি পৃথিৱীত বাস কৰা সকলক ভ্ৰান্তি জন্মায়; বিশেষকৈ, যি পশু তৰোৱালৰ আঘাতৰ ঘা পায়ো জীয়াই উঠিল, সেই পশুৰ এটা প্ৰতিমূৰ্তি নিৰ্ম্মাণ কৰিবলৈ পৃথিৱী নিবাসী সকলক ক’লে।
কিয়নো ঈশ্বৰৰ বাক্য সিদ্ধ নোহোৱালৈ তেওঁৰ মনস্থ পুৰ কৰিবলৈ আৰু এক মনৰ হৈ তেওঁলোকৰ নিজ নিজ ৰাজ্য পশুক দিবৰ বাবে, ঈশ্বৰে তেওঁলোকৰ মনত প্ৰবৃত্তি জন্মালে।
আৰু সিহঁতক ভুলুৱা চয়তানক, গন্ধক আৰু জুইৰ সৰোবৰত পেলোৱা হ’ল যত সেই পশু আৰু ভাঁৰি-কোৱা ভাববাদীও আছে; আৰু সিহঁতে চিৰকাললৈকে দিনে-ৰাতিয়ে যাতনা ভোগ কৰিব।
তাক এনেদৰে অগাধ ঠাইত পেলাই দিয়াৰ কাৰণ এয়ে যে, সি যেন জাতিবোৰক, যেতিয়ালৈ সেই এহেজাৰ বছৰ পুৰ নহয়, তেতিয়ালৈকে ভুলাব নোৱাৰে৷ তাৰ পাছত অলপ কালৰ বাবে সি মুক্ত হ’ব লাগিব।
যেতিয়া সেই হাজাৰ বছৰ পুৰ হব, চয়তান নিজ বন্দীশালৰ পৰা মুক্ত হব আৰু,
তাৰ পাছত ঈশ্বৰে অবিমেলক আৰু চিখিমৰ নেতাসকলৰ মাজত এক দুষ্ট আত্মা পঠাই দিলে। তাতে চিখিমৰ নেতাসকলে অবীমেলকলৈ থকা ভাৰসাক বিশ্বাসঘাটকতা কৰিলে।
তাৰ পাছত যিহোৱাৰ আত্মা চৌলৰ পৰা আঁতৰি গ’ল আৰু তাৰ পৰিবৰ্তে যিহোৱাৰ পৰা অহা এক অনিষ্ট কাৰক আত্মাই আহি তেওঁক ব্যাকুল কৰিবলৈ ধৰিলে।
তাৰ পাছদিনা ঈশ্বৰৰ পৰা অহা এটা অনিষ্টকাৰক আত্মা চৌলৰ ওপৰত স্থিতি হ’ল, আৰু তেওঁ বলীয়াৰ দৰে ঘৰৰ ভিতৰত বকিবলৈ ধৰিলে। সেয়ে দায়ূদে আন দিনা বজোৱাৰ দৰে সেইদিনাও বাদ্য বজালে। চৌলৰ হাতত যাঠি আছিল।
যি সময়ত চৌলে যাঠি হাতত লৈ নিজৰ ঘৰত বহি আছিল, আৰু দায়ূদে বাদ্য বজাই আছিল, সেই সময়ত যিহোৱাৰ পৰা অহা এটা অনিষ্টকাৰক আত্মাই তেওঁত স্থিতি ল’লে।