Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




বিচাৰ 9:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

23 তাৰ পাছত ঈশ্বৰে অবিমেলক আৰু চিখিমৰ নেতাসকলৰ মাজত এক দুষ্ট আত্মা পঠাই দিলে। তাতে চিখিমৰ নেতাসকলে অবীমেলকলৈ থকা ভাৰসাক বিশ্বাসঘাটকতা কৰিলে।

অধ্যায়টো চাওক কপি কৰক




বিচাৰ 9:23
15 পৰস্পৰ সংযোগসমূহ  

নিজৰ ধ্বংস নোহোৱাকৈ ধ্বংস কৰা যি তুমি! বিশ্বাসঘাতকতা নোহোৱাকৈ বিশ্বাসঘাতকতা কৰা যি তুমি, তোমাৰ সন্তাপ হ’ব! যেতিয়া তুমি ধ্বংস কৰিব এৰিবা তেতিয়া তোমাৰ ধ্বংস হ’ব। যেতিয়া তুমি বিশ্বাস ঘাতকতা কৰিব এৰিবা, তেতিয়া তেওঁলোকে তোমাক বিশ্বাস ঘাতকতা কৰিব।


যিহোৱাই তেওঁৰ ভিতৰত বিকৃত আত্মা বাকি দিলে, মতলীয়ালোকে বমি কৰি ঢলংপলং কৰাৰ দৰে, তেওঁলোকে মিচৰক তেওঁৰ সকলো কাৰ্যত বিপথগামী কৰিলে,


“মই মিচৰীয়াসকলৰ বিৰুদ্ধেই মিচৰীয়াসকলক উচটাম; মানুহে নিজৰ ভাইৰ বিৰুদ্ধে, আৰু নিজৰ চুবুৰীয়াৰ বিৰুদ্ধে যুদ্ধ কৰিব; নগৰৰ বিৰুদ্ধে নগৰ, আৰু ৰাজ্যৰ বিৰুদ্ধে ৰাজ্যই যুদ্ধ কৰিব।


কিয়নো যেনেকুৱা বিচাৰেৰে তোমালোকে সোধ-বিচাৰ কৰা, তেনেকুৱা বিচাৰেৰে তোমালোকৰো বিচাৰ কৰা হ’ব, আৰু যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব।


এইদৰে ৰজাই লোকসকলৰ কথা নুশুনিলে; কিয়নো চীলোনীয়া অহীয়াৰ দ্বাৰাই দিয়া নবাটৰ পুত্ৰ যাৰবিয়ামক যিহোৱাই কোৱা নিজ বাক্য সিদ্ধ কৰিবৰ অৰ্থে ঈশ্বৰৰ পৰাহে এই ঘটনা ঘটিল।


এইদৰে ৰজাই লোকসকলৰ কথালৈ কাণ নিদিলে, কিয়নো চীলোনীয়া অহীয়াৰ মুখেৰে নবাটৰ পুত্ৰ যাৰবিয়ামক যিহোৱাই কোৱা নিজ বাক্য সিদ্ধ কৰিবৰ অৰ্থে যিহোৱাৰ পৰা এই ঘটনা হ’ল।


কিন্তু আপোনালোকে যদি ইয়াকে নকৰে, তেনেহ’লে অবীমেলকৰ পৰা যেন জুই ওলাই আহি আপোনালোকৰ অর্থাৎ চিখিম আৰু বৈৎ-মিল্লোৰ লোকসকলক পুৰি পেলাওক; আৰু আপোনালোকৰ অর্থাৎ চিখিম আৰু বৈৎ-মিল্লোৰ লোকসকলৰ মাজৰ পৰাও যেন জুই বাহিৰ হৈ অবীমেলকক পুৰি পেলাওক।”


অবীমেলকে ইস্ৰায়েলৰ ওপৰত তিনিবছৰ শাসন কৰিলে।


যদি কোনো ৰাজ্য নিজৰ বিৰুদ্ধে নিজে ভাগ হৈ যায়, তেনেহলে সেই ৰাজ্য এক হৈ থাকিব নোৱাৰে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন