অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




1 ৰাজা 20:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া প্ৰদেশৰ অধিপতি সকলৰ ডেকাসকলে আগে আগে ওলাই গ’ল। তেতিয়া বিন-হদদে পঠিওৱা কিছুমান লোকে তেওঁক আহি খবৰ দিলে বোলে, “চমৰিয়াৰ পৰা লোকসকল বাহিৰলৈ ওলাই আহিছে।”

অধ্যায়টো চাওক



1 ৰাজা 20:17
5 পৰস্পৰ সংযোগসমূহ  

পাছত আচাই যিহোৱাৰ গৃহ ভঁৰালৰ অৱশিষ্ট ৰূপ, সোণ আৰু ৰাজগৃহৰ ভঁৰালৰ ধনবোৰ ল’লে৷ তেওঁ সেইবোৰ লৈ তেওঁৰ দাসবোৰৰ হাতত দি তেওঁলোকক হিজিয়োনৰ নাতিয়েক টবৰিম্মোনৰ পুত্ৰ বিন-হদদ নামেৰে দম্মেচকত থকা অৰামীয়া ৰজাৰ ওচৰলৈ পঠিয়াই দিলে, আৰু তেওঁলোকক এই কথা কৈ পঠিয়ালে যে,


পাছত তেওঁলোকে দুপৰীয়া বাহিৰ ওলাই গ’ল; সেই সময়ত বিন-হদদ আৰু তেওঁক সহায় কৰিবলৈ সেই বত্ৰিশ জন ৰজাই পঁজাবোৰত পান কৰি মতলীয়া হৈ আছিল।


তেতিয়া বিন-হদদে ক’লে, “তেওঁলোকে সন্ধিৰ বাবেই ওলাই আহক বা যুদ্ধৰ কৰণেই ওলাই আহক, তেওঁলোকক জীয়াই জীয়াই ধৰিবা।”


এনেতে প্ৰদেশৰ অধিপতিৰ ডেকাসকল আৰু তেওঁলোকৰ পাছত যোৱা সৈন্যদল নগৰৰ বাহিৰ ওলাই গ’ল।