পাছে দায়ূদে নিজ পত্নী বৎচেবাক সান্ত্বনা দিলে আৰু তাইৰ ওচৰলৈ গৈ শয়ন কৰিলে৷ তাতে তাই এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু সন্তানটিৰ নাম চলোমন ৰাখিলে। যিহোৱাই তাক প্ৰেম কৰিলে,
1 ৰাজা 2:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া তেওঁ ক’লে, “কোৱা।” তেতিয়া অদোনিয়াই ক’লে, “তুমি জানা যে ৰাজ্য মোৰহে আছিল, আৰু মইহে ৰজা হ’ম বুলি গোটেই ইস্ৰায়েলে মোক আশা কৰিছিল৷ তথাপি ৰাজ্য সলনি হৈ মোৰ ভাইৰ হ’ল, কিয়নো যিহোৱাৰ দ্বাৰাইহে তেওঁ হ’ল। |
পাছে দায়ূদে নিজ পত্নী বৎচেবাক সান্ত্বনা দিলে আৰু তাইৰ ওচৰলৈ গৈ শয়ন কৰিলে৷ তাতে তাই এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু সন্তানটিৰ নাম চলোমন ৰাখিলে। যিহোৱাই তাক প্ৰেম কৰিলে,
পাছত এজন দূতে দায়ূদৰ ওচৰলৈ আহি এই সম্বাদ দিলে, বোলে, “ইস্ৰায়েল লোকসকলৰ মন অবচালোমৰ পক্ষ হ’ল।”
ইস্ৰায়েলৰ যি সকলো লোক ৰজাৰ ওচৰলৈ বিচাৰৰ অৰ্থে আহে, সেই সকলোকে অবচালোমে সেইৰূপেই ব্যৱহাৰ কৰে। এইদৰেই অবচালোমে ইস্ৰায়েল লোকসকলৰ মন তেওঁৰ ফাললৈ নিলে।
তাতে হূচয়ে অবচালোমক ক’লে, “নহয়! কিন্তু যি জনক যিহোৱাই এই লোকসকল আৰু ইস্ৰায়েলৰ সকলো লোকক মনোনীত কৰিলে, মই তেওঁৰ ফলীয়াহে, তেওঁৰ লগতহে মই থাকিম।
তেওঁৰ দ্বিতীয় পুত্ৰ কিলিয়াব, কৰ্মিলীয়া মৃত নাবলৰ ভাৰ্য্যা অবীগলৰ সন্তান৷ তৃতীয় অবচালোম, গচুৰৰ তল্ময় ৰজাৰ জীয়েক মাখাৰ সন্তান৷
তোমাৰ আয়ুস সম্পূৰ্ণ হ’লে, যেতিয়া তুমি নিজ ওপৰ-পিতৃসকলৰ লগত নিদ্ৰিত হ’বা, তেতিয়া তোমাৰ ঔৰসত উৎপন্ন হোৱা তোমাৰ পাছৰ বংশৰ লোকক মই স্থাপন কৰিম আৰু তেওঁৰ ৰাজ্য স্থিৰ কৰিম।
কিয়নো তেওঁ আজি নামি গৈছে আৰু অধিককৈ ষাঁড়, হৃষ্টপুষ্ট গৰু পোৱালি, মেৰ-ছাগ আৰু ছাগলী বলিদান কৰিছে। তেওঁ তালৈ সকলো ৰাজকোঁৱৰ, সেনাপতি আৰু অবিয়াথৰ পুৰোহিতকো নিমন্ত্রণ কৰিছে। আৰু চাওঁক, তেওঁলোকে তেওঁৰ আগত ভোজন পান কৰিছে আৰু কৈছে, ‘অদোনিয়া ৰজা চিৰজীৱি হওঁক!’
পাছত চাদোক পুৰোহিত, নাথন ভাববাদী, যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকল নামি গ’ল আৰু খছৰৰ ওপৰত চলোমনক উঠাই লৈ তেওঁলোক গীহোনলৈ গ’ল।
পাছত চাদোক পুৰোহিতে তেলেৰে ভৰা শিংটি তম্বুৰ পৰা লৈ আহিল আৰু চলোমনক ৰজা অভিষেক কৰিলে। তেতিয়া তেওঁলোকে শিঙা বজোৱাৰ পাছত সকলো লোকে ক’লে, “ৰজা চলোমন চিৰজীৱি হওক!”
সেই কালত হগ্গীতৰ পুত্ৰ অদোনীয়াই নিজকে গৌৰৱ কৰি ক’লে, “ৰজা ময়েই হ’ম৷” এইবুলি নিজৰ আগে আগে যাবৰ বাবে পঞ্চাশ জন মানুহৰ লগতে ৰথ আৰু অশ্বাৰোহী সৈন্যবোৰ যুগুত কৰি ৰাখিলে।
এই হেতুকে এতিয়া মই তোমাৰ আগত এটি নিবেদন কৰিম৷ সেই বিষয়ে তুমি অসন্মত নহ’বা।” তেতিয়া বৎচেবাই ক’লে, “কোৱা।”
তেতিয়া চলোমন ৰজাই উত্তৰ কৰি নিজৰ মাতৃক ক’লে, “আপুনি অদোনিয়াৰ কাৰণে চূনেমীয়া অবীচগক কিয় খুজিছে? তেওঁৰ বাবে ৰাজ্যখনকো কিয় খোজা নাই, কিয়নো তেওঁ মোৰ বৰ ককাই - এনে কি, অবিয়াথৰ পুৰোহিত আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ কাৰণেও খোজক।”
তেওঁ গভীৰ আৰু গোপন বিষয় প্ৰকাশ কৰে, কাৰণ তেওঁ আন্ধকাৰত কি আছে তাক জানে, আৰু তেওঁৰ লগত পোহৰ থাকে।