1 ৰাজা 17:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 “তুমি এই ঠাই ত্যাগ কৰা, পূব দিশে যৰ্দ্দনৰ সন্মুখত থকা কৰীৎ জুৰিলৈ যোৱা, আৰু তাৰ কাষত নিজে গৈ লুকাই থাকা। |
তাতে তুমি সেই জুৰিৰ পানী পান কৰিবলৈ পাবা আৰু সেই ঠাইত তোমাৰ খোৱা বস্তু যোগাৰ কৰিবলৈ মই ঢোঁৰা-কাউৰীবোৰক আজ্ঞা দিলোঁ।”
তেতিয়া মীখায়াই ক’লে, “চোৱা, যি দিনা নিজকে লুকাবৰ কাৰণে ভিতৰ-কোঠালিলৈ সোমাই যাবা, সেই দিনাই তুমি সেই বিষয়ে জানিবা।”
তুমি তেওঁলোকক তোমাৰ উপস্থিতিৰ আশ্রয় স্থানত ৰাখি, মানুহৰ কুমন্ত্ৰণাৰ পৰা লুকুৱাই ৰাখা; বিতর্কমূলক জিভাবোৰৰ পৰা তোমাৰ নিৰাপদ আশ্রয় স্থানত তুমি তেওঁলোকক আঁতৰাই ৰাখা।
তোমাৰ লোকসকলৰ বিৰুদ্ধে তেওঁলোকে কুমন্ত্ৰণা কৰিছে; তুমি যিসকলক ৰক্ষা কৰিছা, সেই লোকসকলৰ বিৰুদ্ধে তেওঁলোকে একেলগে কু-মন্ত্রণা কৰিছে।
তেতিয়া প্ৰধান লোকসকলে বাৰুকক ক’লে, “তুমি আৰু যিৰিমিয়া গৈ, তোমালোকৰ থকা ঠাই কোনেও নজনাকৈ লোকাই থাকাগৈ।”
পাছত ৰজাই যিৰহমেল কোঁৱৰক, অজ্ৰীয়েলৰ পুত্ৰ চৰায়াক, অব্দয়েলৰ পুত্ৰ চেলেমীয়াক, বাৰুক লিখক আৰু যিৰিমিয়া ভাববাদীক ধৰিবলৈ আজ্ঞা কৰিলে; কিন্তু যিহোৱাই তেওঁলোকক লুকুৱাই থৈছিল।
তেতিয়া তেওঁলোকে তেওঁক মাৰিবৰ কাৰণে শিল তুলি ল’লে। কিন্তু যীচুৱে গোপনে মন্দিৰৰ পৰা বাহিৰলৈ ওলাই গ’ল।
ভাই সকলে তেতিয়াই পলম নকৰি পৌলক সাগৰৰ তীৰলৈ পঠাই দিলে; কিন্তু চীল আৰু তীমথিয় বিৰয়াতে থাকিল।
(এই জগত তেওঁলোকৰ যোগ্য নাছিল;) তেওঁলোক নিৰ্জন ঠাইত, পৰ্বতত, গুহাত, আৰু পৃথিৱীৰ গহ্বৰত ফুৰিছিল;
কিন্তু সেই তিৰোতাক মৰুপ্ৰান্তলৈ উৰি যাবৰ কাৰণে ডাঙৰ ঈগল পক্ষীৰ নিচিনা দুখন ডেউকা দিয়া হ’ল; সেই ঠাইত, সেই সাপৰ সন্মুখৰ পৰা দুৰৈত এক কাল, দুই কাল আৰু আধা কাললৈকে তেওঁ প্ৰতিপালিত হয়।
আৰু সেই তিৰোতা এক হাজাৰ দুশ ষাঠি দিনলৈকে প্ৰতিপালিত হ’বলৈ তেওঁৰ বাবে মৰুপ্ৰান্তত ঈশ্বৰৰ দ্বাৰাই যুগুত কৰি থোৱা যি ঠাই আছিল, সেই ঠাইলৈ পলাই গ’ল।