পাছত যাৰবিয়ামৰ পত্নী উঠি গৈ তিৰ্চালৈ আহিল৷ তাই দুৱাৰ-ডলিত ভৰি দিয়া মাত্ৰকে ল’ৰাটি মৰিল।
1 ৰাজা 16:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পাছত বাচা তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তিৰ্চাত তেওঁক মৈদাম দিয়া হ’ল; তেতিয়া তেওঁৰ পুত্ৰ এলা তেওঁৰ পদত ৰজা হ’ল। |
পাছত যাৰবিয়ামৰ পত্নী উঠি গৈ তিৰ্চালৈ আহিল৷ তাই দুৱাৰ-ডলিত ভৰি দিয়া মাত্ৰকে ল’ৰাটি মৰিল।
যাৰবিয়ামে বাইশ বছৰ ৰাজত্ব কৰি, তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল৷ তাৰ পাছত তেওঁৰ পুত্ৰ নাদব তেওঁৰ পদত ৰজা হ’ল।
যেতিয়া বাচাই এই সম্বাদ শুনিলে তেতিয়া তেওঁ ৰামাক সাজি দৃঢ় কৰাৰ কার্য বন্ধ কৰিলে আৰু তিৰ্চালৈ ঘূৰি গ’ল।
যিহূদাৰ আচা ৰজাৰ ৰাজত্বৰ দ্বিতীয় বছৰত যাৰবিয়ামৰ পুত্ৰ নাদবে ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে৷ তেওঁ ইস্ৰায়েলৰ ওপৰত দুবছৰ ৰাজত্ব কৰিছিল।
পাছত অম্ৰী তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁক চমৰিয়াত মৈদাম দিয়া হ’ল৷ তেতিয়া তেওঁৰ পুত্ৰ আহাব তেওঁৰ পদত ৰজা হ’ল।
যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ ছাবিশ বছৰত বাচাৰ পুত্ৰ এলাই ইস্ৰায়েলৰ ওপৰত তিৰ্চাত ৰাজত্ৱ কৰিবলৈ ধৰিলে; তেওঁ দুবছৰলৈ ৰাজত্ব কৰিছিল।