1 ৰাজা 1:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 অধিককৈ ষাঁড়, হৃষ্টপুষ্ট গৰু পোৱালি, মেৰ-ছাগ আৰু ছাগলী বলিদান কৰি সকলো ৰাজকোঁৱৰ সকলৰ লগতে অবিয়াথৰ পুৰোহিত আৰু প্ৰধান সেনাপতি যোৱাবক নিমন্ত্ৰণ কৰিলে, কিন্তু আপোনাৰ দাস চলোমনক নিমন্ত্ৰণ নকৰিলে। |
হে মোৰ প্ৰভু মহাৰাজ, আপোনাৰ পাছত মোৰ প্ৰভু মহাৰাজৰ সিংহাসনত কোন বহিব, সেই বিষয়ে আপুনিয়ে তেওঁলোকক জনাওক; তেওঁলোকে আপোনাৰ পৰাই শুনিবলৈ বাট চাই আছে।
কিয়নো তেওঁ আজি নামি গৈছে আৰু অধিককৈ ষাঁড়, হৃষ্টপুষ্ট গৰু পোৱালি, মেৰ-ছাগ আৰু ছাগলী বলিদান কৰিছে। তেওঁ তালৈ সকলো ৰাজকোঁৱৰ, সেনাপতি আৰু অবিয়াথৰ পুৰোহিতকো নিমন্ত্রণ কৰিছে। আৰু চাওঁক, তেওঁলোকে তেওঁৰ আগত ভোজন পান কৰিছে আৰু কৈছে, ‘অদোনিয়া ৰজা চিৰজীৱি হওঁক!’
পুনৰায় তেওঁ আন দাসবোৰক এই আদেশ দি পঠালে, ‘যি সকলক নিমন্ত্ৰণ কৰা হৈছে তেওঁলোকক কোৱাগৈ; চোৱা, মই ভোজ যুগুত কৰিলোঁ। মোৰ বলধ আদি হৃষ্টপুষ্ট পশু মৰা হৈছে, আৰু সকলো সম্পূর্ণ হ’ল; তোমালোকে বিয়াৰ ভোজলৈ আহা’।