Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 ৰাজা 1:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

18 কিন্তু এতিয়া, হে মোৰ প্ৰভু মহাৰাজ, চাওঁক, আপুনি নজনাকৈয়েই অদোনীয়া ৰজা হ’ল৷

অধ্যায়টো চাওক কপি কৰক




1 ৰাজা 1:18
8 পৰস্পৰ সংযোগসমূহ  

নাথনে ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, ‘মোৰ পাছত অদোনিয়া ৰজা হ’ব আৰু মোৰ সিংহাসনত সিয়েই বহিব, এনে বুলি আপুনি ক’লে নে কি?’


হে ভাই সকল মই জানিছোঁ, আপোনালোকৰ শাসনকৰ্তা সকলে আৰু আপোনালোকে নুবুজিয়ে সেই কৰ্ম কৰিলে।


এই কাৰ্য মোৰ প্ৰভু মহাৰাজৰ আদেশত হ’ল নেকি? মোৰ প্ৰভু মহাৰাজৰ পিছত আপোনাৰ সিংহাসনত কোন বহিব, সেই বিষয়ে আপোনাৰ দাসবোৰক আপুনি জানো জনোৱা নাই?


তেতিয়া নাথনে চলোমনৰ মাক বৎচেবাক ক’লে, “আমাৰ প্ৰভু দায়ুদে নজনাকৈ হগ্গীতৰ পুতেক অদোনিয়া যে ৰজা হল, ইয়াক জানো তুমি শুনা নাই?


সেই কালত হগ্গীতৰ পুত্ৰ অদোনীয়াই নিজকে গৌৰৱ কৰি ক’লে, “ৰজা ময়েই হ’ম৷” এইবুলি নিজৰ আগে আগে যাবৰ বাবে পঞ্চাশ জন মানুহৰ লগতে ৰথ আৰু অশ্বাৰোহী সৈন্যবোৰ যুগুত কৰি ৰাখিলে।


কিন্তু অবচালোমে ইস্ৰায়েলৰ আটাই ফৈদৰ ওচৰলৈ চোৰাং-চোৱাৰ দ্বাৰাই কৈ পঠালে, বোলে, “শিঙাৰ শব্দ শুনামাত্ৰে তোমালোকে ক’বা, ‘অবচালোম হিব্ৰোণত ৰজা হ’ল।’”


তাই তেওঁক ক’লে, “হে মোৰ প্ৰভু, ঈশ্বৰ যিহোৱাৰ নামেৰে শপত খাই আপোনাৰ বেটীৰ আগত কৈছিল যে, ‘মোৰ পাছত তোমাৰ পুত্ৰ চলোমন ৰজা হ’ব আৰু মোৰ সিংহাসনৰ ওপৰত তেৱেঁই বহিব।’


অধিককৈ ষাঁড়, হৃষ্টপুষ্ট গৰু পোৱালি, মেৰ-ছাগ আৰু ছাগলী বলিদান কৰি সকলো ৰাজকোঁৱৰ সকলৰ লগতে অবিয়াথৰ পুৰোহিত আৰু প্ৰধান সেনাপতি যোৱাবক নিমন্ত্ৰণ কৰিলে, কিন্তু আপোনাৰ দাস চলোমনক নিমন্ত্ৰণ নকৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন