যোনাথনৰ পুত্র মৰীব-বাল। মৰীব-বালৰ পুত্র মীখা আছিল।
চৌলৰ পুত্ৰ যোনাথনৰ, দুয়োখন ভৰি খোৰা হোৱা এজন পুত্ৰ আছিল। যিজ্ৰিয়েলৰ পৰা যেতিয়া চৌল আৰু যোনাথনৰ মৃত্যুৰ সম্বাদ আহিছিল, তেতিয়া ল’ৰাজনৰ পাঁচ বছৰ বয়স আছিল৷ সেই ল’ৰাজনৰ শুশ্ৰূষাকাৰিণীয়ে তাক লৈ পলাই গৈছিল৷ কিন্তু শুশ্ৰূষাকাৰিণীয়ে বেগেৰে পলাই যাওঁতে যোনাথনৰ পুত্ৰ পৰি আঘাত পোৱাত খোৰা হৈছিল। তাৰ নাম মফিবোচৎ আছিল।
এই হেতুকে তুমি আৰু তোমাৰ পুত্ৰসকলে আৰু তোমাৰ বন্দীবোৰেও একেলগে তেওঁৰ সেই মাটিত খেতি কৰিবা আৰু তোমাৰ প্ৰভুৰ পুত্ৰৰ আহাৰৰ বাবে তাত উৎপন্ন হোৱা শস্য আনি দিবা৷ কিন্তু তোমাৰ প্ৰভুৰ পুত্ৰ মফিবোচতে সদায় মোৰ মেজতহে ভোজন কৰিব।” সেই চীবাৰ পোন্ধৰজন পুতেক আৰু বিশজন দাস আছিল।
সেই মফিবোচতৰ মীখা নামেৰে এজন ডেকা পুত্ৰ আছিল। চীবাৰ ঘৰত থকা আটাই লোক মফীবোচতৰ দাস আছিল।
পাছে চৌলৰ নাতিয়েক যোনাথনৰ পুত্ৰ সেই মফিবোচতে, দায়ূদৰ ওচৰলৈ আহি মাটিলৈ মুখ কৰি তেওঁক প্ৰণিপাত কৰিলে। তাতে দায়ূদে ক’লে, “হে মফিবোচৎ”, তেওঁ উত্তৰ দিলে, “চাওক, আপোনাৰ দাস আছোঁ।”
নেৰৰ পুত্র কীচ আছিল। কিচৰ পুত্র চৌল আছিল। চৌলৰ পুত্র যোনাথন, মল্কীচুৱা, অবীনাদব, আৰু ইচবাল।
মীখাৰ পুত্র পীথোন, মেলক, তৰেয়া, আৰু আহজ।
যোনাথনৰ পুত্র মাৰীব-বাল, মৰীব-বালৰ পুত্র মীখা,