2 চমূ 9:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20196 পাছে চৌলৰ নাতিয়েক যোনাথনৰ পুত্ৰ সেই মফিবোচতে, দায়ূদৰ ওচৰলৈ আহি মাটিলৈ মুখ কৰি তেওঁক প্ৰণিপাত কৰিলে। তাতে দায়ূদে ক’লে, “হে মফিবোচৎ”, তেওঁ উত্তৰ দিলে, “চাওক, আপোনাৰ দাস আছোঁ।” অধ্যায়টো চাওক |
চৌলৰ পুত্ৰ যোনাথনৰ, দুয়োখন ভৰি খোৰা হোৱা এজন পুত্ৰ আছিল। যিজ্ৰিয়েলৰ পৰা যেতিয়া চৌল আৰু যোনাথনৰ মৃত্যুৰ সম্বাদ আহিছিল, তেতিয়া ল’ৰাজনৰ পাঁচ বছৰ বয়স আছিল৷ সেই ল’ৰাজনৰ শুশ্ৰূষাকাৰিণীয়ে তাক লৈ পলাই গৈছিল৷ কিন্তু শুশ্ৰূষাকাৰিণীয়ে বেগেৰে পলাই যাওঁতে যোনাথনৰ পুত্ৰ পৰি আঘাত পোৱাত খোৰা হৈছিল। তাৰ নাম মফিবোচৎ আছিল।