পাছত যিহোৱাচ তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু চমৰিয়াত ইস্ৰায়েলৰ ৰজাসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পুত্ৰ যাৰবিয়াম তেওঁৰ পদত ৰজা হ’ল।
1 বংশা 5:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যিহূদাৰ ৰজা যোথম আৰু ইস্ৰায়েলৰ ৰজা যাৰবিয়াম ৰাজত্বৰ সময়ত তেওঁলোকৰ সকলোৰে বংশাৱলী লিপিৱদ্ধ কৰি ৰখিছিল। |
পাছত যিহোৱাচ তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু চমৰিয়াত ইস্ৰায়েলৰ ৰজাসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পুত্ৰ যাৰবিয়াম তেওঁৰ পদত ৰজা হ’ল।
যিহূদাৰ ৰজা যোৱাচৰ পুত্ৰ অমচিয়াৰ ৰাজত্বৰ পোন্ধৰ বছৰৰ সময়ত ইস্ৰায়েলৰ ৰজা যিহোৱাচৰ পুত্ৰ যাৰবিয়ামে চমৰিয়াত ৰজা হ’ল আৰু তেওঁ একচল্লিশ বছৰ ৰাজত্ব কৰিলে।
যাৰবিয়ামৰ অন্যান্য সকলো কাৰ্য, পৰাক্ৰম, আৰু যুদ্ধ জয়ৰ বৃত্তান্ত আৰু এসময়ত যিহূদাৰ অধীনত থকা দম্মেচক আৰু হমাৎ কেনেদৰে তেওঁ ইস্ৰায়েলৰ কাৰণে পুনৰায় অধিকাৰ কৰিলে, সেই কথা জানো “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তক খনত জানো লিখা নাই?
ৰমলিয়াৰ পুত্র ইস্ৰায়েলৰ ৰজা পেকহৰ ৰাজত্বৰ দ্বিতীয় বছৰত যিহূদাৰ ৰজা উজ্জিয়াৰ পুত্ৰ যোথমে ৰাজত্ব কৰিবলৈ ধৰিলে।
পাছত যিহোৱাই ৰজাক আঘাত কৰাত তেওঁ মৃত্যু পর্যন্ত কুষ্ঠ ৰোগত ভুগিছিল আৰু তেওঁ এক পৃথক গৃহত বাস কৰিছিল। তাতে ৰজাৰ পুত্ৰ যোথম ৰাজগৃহৰ অধ্যক্ষ হৈছিল আৰু তেওঁ দেশৰ লোকসকলক শাসন কৰিবলৈ ধৰিলে।
যেতিয়া তেওঁলোকৰ বংশাৱলী লিপিৱদ্ধ কৰা হৈছিল, তেতিয়া নিজ নিজ গোষ্ঠী অনুসাৰে তেওঁৰ ভাই সকল হ’ল: প্ৰধান যিয়ীয়েল, জখৰিয়া,
যোথমে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স পঁচিশ বছৰ আছিল; তেওঁ যিৰূচালেমত ষোল্ল বছৰ ৰাজত্ব কৰিছিল৷ তেওঁৰ মাক চাদোকৰ জীয়েক যিৰূচা আছিল।