Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 ৰাজা 14:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

28 যাৰবিয়ামৰ অন্যান্য সকলো কাৰ্য, পৰাক্ৰম, আৰু যুদ্ধ জয়ৰ বৃত্তান্ত আৰু এসময়ত যিহূদাৰ অধীনত থকা দম্মেচক আৰু হমাৎ কেনেদৰে তেওঁ ইস্ৰায়েলৰ কাৰণে পুনৰায় অধিকাৰ কৰিলে, সেই কথা জানো “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তক খনত জানো লিখা নাই?

অধ্যায়টো চাওক কপি কৰক




2 ৰাজা 14:28
10 পৰস্পৰ সংযোগসমূহ  

আৰু যি কালত দায়ূদে চোবীয়াহঁতক পৰাস্ত কৰিছিল, সেই কালত ৰজোনে তেওঁ নিজৰ লগত মানুহ গোটাই দলৰ ওপৰত দলপতি হৈছিল৷ তেতিয়া ৰজোনৰ সেই দলটোৱে দম্মেচকলৈ গৈছিল, আৰু তাত বাস কৰি দম্মেচকৰ ওপৰত শাসন কৰিছিল।


তাৰ পাছত দায়ূদে দম্মেচকৰ অৰাম দেশত ৰক্ষী সৈন্যদল স্থাপন কৰিলে, তাতে অৰামীয়াসকলে দায়ূদৰ দাস হৈ প্ৰশংসাৰে উপহাৰ আনিলে। এইদৰে দায়ুদ যি যি ঠাইলৈ গৈছিল, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিছিল।


পাছত যাৰবিয়াম তেওঁৰ পূর্বপুৰুষ ইস্ৰায়েলৰ ৰজাসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ পুত্ৰ জখৰিয়া তেওঁৰ পদত ৰজা হ’ল।


যিহূদাৰ ৰজা যোথম আৰু ইস্ৰায়েলৰ ৰজা যাৰবিয়াম ৰাজত্বৰ সময়ত তেওঁলোকৰ সকলোৰে বংশাৱলী লিপিৱদ্ধ কৰি ৰখিছিল।


যাৰবিয়ামৰ অৱশিষ্ট বৃত্তান্ত, অৰ্থাৎ তেওঁ কেনেকৈ যুদ্ধ কৰিছিল আৰু কি প্ৰকাৰে ৰাজ্য শাসন কৰিছিল, চোৱা, তেওঁৰ বিৱৰণ ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তক খনত লিখা আছে।


অহজিয়াৰ আন আন সকলো কৰ্মৰ বৃত্তান্ত ইস্ৰায়েলৰ ৰজাসকলৰ “ইতিহাস” পুস্তকখনত জানো লিখা নাই?


পাছত যিহোৱাচ তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু চমৰিয়াত ইস্ৰায়েলৰ ৰজাসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পুত্ৰ যাৰবিয়াম তেওঁৰ পদত ৰজা হ’ল।


মই দম্মেচকৰ দুৱাৰৰ ডাংবোৰ ভাঙি পেলাম। মই আবন উপত্যকাৰ পৰা বাসিন্দাসকলক আৰু বৈৎ-এদনৰ পৰা ৰাজদণ্ড ধৰা লোকক উচ্ছন্ন কৰিম; অৰামৰ লোকসকল বন্দী হৈ কীৰলৈ যাব।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন