আৰু একাদশ বছৰৰ বূল নামেৰে অষ্টম মাহত নিৰূপিত আকাৰ অনুসাৰে সকলো অংশতেই গৃহ নিৰ্ম্মাণ কৰি শেষ কৰা হ’ল। এইদৰে মন্দিৰ নির্মান কৰোঁতে চলোমনৰ সাত বছৰ লাগিল।
1 বংশা 28:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 দায়ূদে তেওঁৰ পুত্ৰ চলোমনক ক’লে, “তুমি বলৱান আৰু সাহিয়াল হোৱা। এই কাৰ্য কৰা। ভয় নকৰিবা আৰু ব্যাকুল নহ’বা, কিয়নো ঈশ্বৰ যিহোৱা, মোৰ ঈশ্বৰেই তোমাৰ লগত আছে। যিহোৱাৰ গৃহৰ সকলো কাৰ্য সমাপ্ত নোহোৱালৈকে তেওঁ তোমাক পৰিত্যাগ নকৰিব। |
আৰু একাদশ বছৰৰ বূল নামেৰে অষ্টম মাহত নিৰূপিত আকাৰ অনুসাৰে সকলো অংশতেই গৃহ নিৰ্ম্মাণ কৰি শেষ কৰা হ’ল। এইদৰে মন্দিৰ নির্মান কৰোঁতে চলোমনৰ সাত বছৰ লাগিল।
যিহোৱাই ইস্ৰায়েলৰ বাবে মোচিক দিয়া বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ, আৰু সেই দৰে কাৰ্য কৰিবলৈ সাৱধানে থাকিলে, তুমি কৃতকাৰ্য্য হ’ব; তুমি বলৱান আৰু সাহিয়াল হোৱা, ভয়াতুৰ কি নিৰাশ নহ’বা।
পবিত্র-স্থানৰ অৰ্থে মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ যিহোৱাই যে, তোমাক মনোনীত কৰিলে তাক তুমি অনুভৱ কৰা; সাহিয়াল হোৱা আৰু এই কাৰ্য কৰা।
চোৱা, যিহোৱাৰ সকলো বিচাৰত প্ৰধান পুৰোহিত অমৰীয়া আৰু ৰজাৰ আটাই বিচাৰত যিহূদা-বংশীয় অধ্যক্ষ ইশ্মায়েলৰ পুত্ৰ জবাদিয়াক তোমালোকৰ ওপৰত নিযুক্ত কৰা হৈছে৷ লেবীয়াসকলো তোমালোকৰ আগত শাসনকৰ্ত্তা হৈ থাকিব। তোমালোকে সাহসেৰে কাৰ্য কৰা আৰু যেন যিহোৱা সাধু লোকসকলৰ সংগী হওঁক।”
উঠক, কাৰণ এই সকলো কাৰ্য আপুনিয়েই কৰি যাব লাগিব, আৰু আমিও আপোনাৰ লগত আছোঁ; সাহিয়াল হওক আৰু এই কাৰ্য কৰক।”
ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।
কিয়নো তোমাৰ ঈশ্বৰ যিহোৱা যি মই, ময়েই তোমাৰ সোঁ হাতত ধৰোঁ, আৰু কওঁ, ‘ভয় নকৰিবা; ময়েই তোমাক সহায় কৰিম।’
তেতিয়া যিহোৱাৰ বাৰ্ত্তাবাহক হগ্গয়ে যিহোৱাৰ বাৰ্ত্তা লোকসকলক ক’লে, “‘মই তোমালোকৰ লগত আছোঁ!’ এয়ে যিহোৱাৰ ঘোষণা!”
‘হে জৰুব্বাবিল বলৱান হোৱা!’ যিহোৱাই এই কথা ঘোষণা কৰিছে, যিহোচাদকৰ পুত্ৰ হে প্ৰধান পুৰোহিত যিহোচূৱা, তুমিও বলৱান হোৱা; আৰু যিহোৱাই কৈছে, দেশৰ সকলো লোক তোমালোক বলৱান হোৱা, আৰু কাৰ্য কৰা; কাৰণ বাহিনীসকলৰ যিহোৱাই কৈছে, ‘মই তোমালোকৰ লগত আছোঁ!’
তেতিয়াহলে এইবোৰ কথাত আমি কি ক’ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেনেহলে আমাৰ বিপক্ষ কোন হ’ব পাৰে?
আপোনালোক শক্তিশালী হওঁক আৰু অতিশয় সাহিয়াল হওঁক; তেওঁলোকক দেখি ভয় নকৰিব বা কঁপিও নুঠিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ লগত যাওঁতা; তেওঁ আপোনালোকক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব।
কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা দয়ালু ঈশ্বৰ; তেওঁ আপোনাক হতাশ নকৰে আৰু ধ্বংসও নকৰে, আৰু আপোনালোকৰ পিতৃসকলৰ লগত যি প্ৰতিজ্ঞা কৰি শপত খাইছিল তাক তেওঁ নাপাহৰে।
আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।