Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




2 বংশা 19:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 চোৱা, যিহোৱাৰ সকলো বিচাৰত প্ৰধান পুৰোহিত অমৰীয়া আৰু ৰজাৰ আটাই বিচাৰত যিহূদা-বংশীয় অধ্যক্ষ ইশ্মায়েলৰ পুত্ৰ জবাদিয়াক তোমালোকৰ ওপৰত নিযুক্ত কৰা হৈছে৷ লেবীয়াসকলো তোমালোকৰ আগত শাসনকৰ্ত্তা হৈ থাকিব। তোমালোকে সাহসেৰে কাৰ্য কৰা আৰু যেন যিহোৱা সাধু লোকসকলৰ সংগী হওঁক।”

অধ্যায়টো চাওক কপি কৰক




2 বংশা 19:11
28 পৰস্পৰ সংযোগসমূহ  

হে মোৰ বোপা, এতিয়া যিহোৱা তোমাৰ সঙ্গী হওক আৰু তুমি কৃতকাৰ্য্য হ’বলৈ সক্ষম হোৱা। তেওঁ কোৱাৰ দৰে তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰা।


যি সকল সোণ, ৰূপ, পিতল, আৰু লোহাৰ কাম কৰিব জানে। সেয়ে কামত লাগি থাকা আৰু যিহোৱা তোমাৰ লগত থাকক।”


এতিয়া সম্পূৰ্ণ হৃদয়েৰে তোমালোকৰ ঈশ্বৰ যিহোৱাক বিচাৰা। উঠা, আৰু ঈশ্ৱৰ যিহোৱাৰ পবিত্র গৃহ নিৰ্ম্মাণ কৰা। তাৰ পাছত নিয়ম-চন্দুক আৰু ঈশ্বৰৰ পবিত্ৰ বস্তুবোৰ যিহোৱাৰ নামৰ উদ্দেশ্যে নিৰ্ম্মাণ কৰা গৃহলৈ আনিব পাৰিবা।


হিব্ৰোণীয়াৰ বংশধৰসকল, হচবিয়া আৰু তেওঁৰ ভাইসকল এক হাজাৰ সাত শ সক্ষম লোক আছিল, তেওঁলোকক যিহোৱাৰ কাৰ্য আৰু ৰজাৰ কাৰ্যত নিযুক্ত কৰা হছিল। তেওঁলোক যৰ্দ্দনৰ পশ্চিমফালে আছিল।


যাজেৰকৰ দুই হাজাৰ সাত শ সম্পৰ্কীয় লোক আছিল, যিসকল পৰিয়ালৰ সক্ষম লোক আছিল। দায়ূদে ঈশ্বৰীয় আৰু ৰাজকীয় কাম কৰিবলৈ, ৰূবেণীয়া, গাদীয়া, আৰু মনচিৰ আধা জাতিবোৰৰ ওপৰত তেওঁলোকক অধ্যক্ষ পাতিলে।


দায়ূদে তেওঁৰ পুত্ৰ চলোমনক ক’লে, “তুমি বলৱান আৰু সাহিয়াল হোৱা। এই কাৰ্য কৰা। ভয় নকৰিবা আৰু ব্যাকুল নহ’বা, কিয়নো ঈশ্বৰ যিহোৱা, মোৰ ঈশ্বৰেই তোমাৰ লগত আছে। যিহোৱাৰ গৃহৰ সকলো কাৰ্য সমাপ্ত নোহোৱালৈকে তেওঁ তোমাক পৰিত্যাগ নকৰিব।


অজৰিয়াৰ পুত্র অমৰিয়া, অমৰিয়াৰ পুত্র অহীটুব।


তেওঁ ওলাই গৈ আচা’ৰ লগত সাক্ষাৎ কৰি তেওঁক ক’লে, “হে আচা, আৰু হে যিহূদাৰ আৰু বিন্যামীনৰ আটাই লোকসকল, তোমালোকে মোৰ কথা শুনা: তোমালোক যেতিয়ালৈকে যিহোৱাৰ লগত থাকিবা, তেতিয়ালৈকে তেৱোঁ তোমালোকৰ লগত আছে৷ যদি তোমালোকে তেওঁক বিচাৰা, তোমালোকে তেওঁক পাবা; কিন্তু যদি তোমালোকে তেওঁক ত্যাগ কৰা, তেন্তে তেৱোঁ তোমালোকক ত্যাগ কৰিব।


কিন্তু এতিয়া তোমালোকে সাহিয়াল হোৱা আৰু তোমালোকৰ হাত শিথিল নহওঁক, কিয়নো তোমালোকক তোমালোকৰ কাৰ্যৰ পুৰস্কাৰ দিয়া যাব।”


তেওঁ বিচাৰকৰ্ত্তাসকলক ক’লে, “তোমালোকে যি কৰিবা সেই বিষয়ে সাৱধানে কৰিবা; কিয়নো তোমালোকে লোকসকলৰ কাৰণে নহয় কিন্তু যিহোৱাৰ কাৰণেহে বিচাৰ কৰিবা; বিচাৰত তেওঁ তোমালোকৰ সহায়কাৰী হ’ব।


ইয়াৰ উপৰিও, যিহোচাফটে যিৰূচালেমত যিহোৱা-সমন্ধীয় বিচাৰৰ অৰ্থে আৰু বিবাদ ভাঙিবৰ অৰ্থে লেবীয়াসকলৰ, পুৰোহিতসকলৰ আৰু ইস্ৰায়েলৰ ফৈদৰ মুখিয়াল কেইজনমানক নিযুক্ত কৰিলে। তেখেতসকল যিৰূচালেমত বাস কৰিলে৷


অবীচুৱা, পীনহচ, ইলিয়াজৰ, তাৰ পাছত হাৰোণ প্রধান পুৰোহিত।


যিসকলে কৃপা কৰে আৰু ঋণ দিয়ে, তেওঁলোকৰ মঙ্গল হয়; তেওঁলোকে সকলো কার্যৰ বিচাৰ ন্যায়ভাৱে সম্পন্ন কৰে।


যিহোৱাই আমাৰ খোজৰ গতি স্থিৰ কৰে; তেওঁ তেওঁৰ পথত সন্তোষ পায়।


সেয়ে তুমি সৎলোকৰ পথত চলিবা, আৰু ন্যায়কাৰ্য কৰা লোকসকলৰ পথ অনুসৰণ কৰা।


যি মানুহে ঈশ্বৰক সন্তুষ্ট কৰে, তেওঁক তেওঁ প্ৰজ্ঞা, জ্ঞান, আৰু আনন্দ দান কৰে; কিন্তু তেওঁ পাপীক হ’লে, ধন-সম্পদ গোটোৱা আৰু জমা কৰাৰ কার্য দিয়ে, যাতে তেওঁ ঈশ্বৰক সন্তুষ্ট কৰা লোকক দিব পাৰে। ইও অসাৰ আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।


যিহোৱাই এই কথা কৈছে: যে, তোমালোকে চাৰিআলিৰ মূৰত থিয় হৈ চোৱা; আৰু প্ৰাচীন পথবোৰৰ বিষয়ে সোধা, ‘উত্তম পথ কোনটো? আৰু তাত চলা; তাতে তোমালোকৰ প্ৰাণত বিশ্ৰাম পাবলৈ এটি ঠাই বিচাৰি লোৱা; কিন্তু তেওঁলোকে ক’লে, আমি তাত নচলোঁ।


এজন পুৰোহিতৰ ওঁঠে জ্ঞান ৰক্ষা কৰিব লাগে আৰু মানুহে তেওঁৰ মুখৰ পৰা আদেশ বিচাৰিব লাগে; কাৰণ তেঁৱেই মোৰ অর্থাৎ বাহিনীসকলৰ যিহোৱাৰ বার্তাবাহক।


তেতিয়া তাত উপস্থিত থকা ইহুদী সকলৰ অৰিমাথিয়া নগৰৰ যোচেফ নামেৰে উত্তম আৰু ধাৰ্মিক হিচাপে জনাজাত যি ধার্মিক মেলুৱৈ জন আছিল,


কিয়নো তেওঁ উত্তম লোক হোৱাৰ উপৰি, পবিত্ৰ আত্মাৰে বিশ্বাসত পৰিপূৰ্ণ আছিল, তাতে মানুহৰ এটা ডাঙৰ দলে প্ৰভুত যোগ দিলে৷


আপোনালোক সজাগ হৈ থাকক; বিশ্বাসত সুস্থিৰ হোৱা, ডেকা সকলৰ দৰে শক্তিমন্ত হওক।


এতেকে হে মোৰ পুত্ৰ, খ্ৰীষ্ট যীচুত থকা যি অনুগ্ৰহ, তাৰ দ্ৱাৰাই তুমি বলৱান হোৱা।


তুমি বলৱান আৰু সাহিয়াল হোৱা; কিয়নো এই লোকসকলক যি দেশ দিবলৈ মই তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ আগত শপত খাইছিলোঁ, তাক তুমিহে এই লোকসকলক অধিকাৰ প্ৰাপ্ত কৰাবা।


মই তোমাক আজ্ঞা দিয়া নাই নে? বলৱান আৰু সাহিয়াল হোৱা! ত্ৰাসিত বা ব্যাকুল নহ’বা; কিয়নো তুমি যি যি ঠাইলৈ যাবা, সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ লগত থাকিব।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন