1 বংশা 22:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এতিয়া চোৱা, মই অতি কষ্টেৰে যিহোৱাৰ গৃহৰ বাবে এক লাখ কিক্কৰ সোণ, আৰু দহ লাখ কিক্কৰ ৰূপ, আৰু অধিক হোৱাৰ বাবে নোজোখাকৈ পিতল আৰু অধিক পৰিমানে লোহা যুগুত কৰি থৈছোঁ। মই কাঠ আৰু শিলো যুগুত কৰি থৈছোঁ। তুমি ইয়াৰ লগত আৰু অধিক যোগ কৰিব পাৰিবা। |
চলোমনে সেই পাত্ৰবোৰ অতি বেচি হোৱাৰ কাৰণে সেইবোৰৰ ওজন জোখ নকৰিলে, আৰু সেইবাবে সেই পিতলৰ ওজন জনা নগ’ল।
যিহোৱাৰ গৃহৰ কাৰণে চলোমনে যি দুটা স্তম্ভ, সমুদ্ৰ-পাত্ৰ আৰু পাত্র ৰখা আধাৰবোৰ অধিক পিতলৰে তৈয়াৰ কৰিছিল; সেই পিতলৰ ওজন কৰিব পৰা নাছিল।
তোমাৰ অনেক কাম কৰা মানুহ আছে: শিল-কটিয়া, শিল আৰু কাঠৰ কাম কৰোঁতা, আৰু সকলো বিধৰ কামত নিপুণ অগণন লোক আছে।
দুৱাৰৰ গজাল, আৰু বাটামৰ বাবে দায়ূদে অধিক পৰিমানে লোহা আৰু পিতল যোগান ধৰিলে। তেওঁ জুখিব নোৱাৰা পৰিমানে তামো যোগান ধৰিলে,
মোৰ ঈশ্বৰৰ মন্দিৰৰ অৰ্থে যি উত্তম, সেয়ে মই কৰিলোঁ। সোণৰ বস্তু প্রস্তুত কৰিবলৈ সোণ, ৰূপৰ বস্তু প্রস্তুত কৰিবলৈ ৰূপ, পিতলৰ বস্তু প্রস্তুত কৰিবলৈ পিতল, লোহাৰ বস্তু প্রস্তুত কৰিবলৈ লোহা, কাঠৰ বস্তু প্রস্তুত কৰিবলৈ কাঠ মই দিছোঁ। ৰক্তৰাগ পাথৰ, লগাবৰ কাৰণে পাথৰ, মণি-মুকুতাৰ কামৰ বাবে নানা বৰণীয়া পাথৰ, সকলো বিধৰ বহুমূলীয়া পাথৰ আৰু মাৰ্বল পাথৰো মই প্রচুৰ পৰিমাণে দিছোঁ।
আৰু চলোমন ৰজাই যিহোৱাৰ গৃহৰ নিমিত্তে সেই যি দুটা স্তম্ভ, এটা সমুদ্ৰ পাত্ৰ, আৰু আধাৰবোৰৰ তলত থকা বাৰটা পিতলৰ বৃষ সজাইছিল, সেই সকলো বস্তুৰ পিতল অপৰিমিত আছিল।
তাৰে প্ৰতিখন থাল এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ আৰু প্ৰত্যেক বাটি সত্তৰ চেকল জোখৰ ৰূপৰ আছিল; সৰ্ব্বমুঠ এই সকলো পাত্ৰৰ ৰূপ পবিত্ৰ স্থানৰ চেকল অনুসাৰে দুই হাজাৰ চাৰিশ চেকল আছিল;
ক্লেশৰূপ মহা-পৰীক্ষাতো তেওঁলোকৰ আনন্দ অধিক হ’ল আৰু তেওঁলোকৰ অতি দৰিদ্ৰতা দানশীলতাৰূপ ধনত উপচি পৰিল।