Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 ৰাজা 7:47 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

47 চলোমনে সেই পাত্ৰবোৰ অতি বেচি হোৱাৰ কাৰণে সেইবোৰৰ ওজন জোখ নকৰিলে, আৰু সেইবাবে সেই পিতলৰ ওজন জনা নগ’ল।

অধ্যায়টো চাওক কপি কৰক




1 ৰাজা 7:47
7 পৰস্পৰ সংযোগসমূহ  

এতিয়া চোৱা, মই অতি কষ্টেৰে যিহোৱাৰ গৃহৰ বাবে এক লাখ কিক্কৰ সোণ, আৰু দহ লাখ কিক্কৰ ৰূপ, আৰু অধিক হোৱাৰ বাবে নোজোখাকৈ পিতল আৰু অধিক পৰিমানে লোহা যুগুত কৰি থৈছোঁ। মই কাঠ আৰু শিলো যুগুত কৰি থৈছোঁ। তুমি ইয়াৰ লগত আৰু অধিক যোগ কৰিব পাৰিবা।


দুৱাৰৰ গজাল, আৰু বাটামৰ বাবে দায়ূদে অধিক পৰিমানে লোহা আৰু পিতল যোগান ধৰিলে। তেওঁ জুখিব নোৱাৰা পৰিমানে তামো যোগান ধৰিলে,


আৰু চলোমনে যিবোৰ পাত্ৰ সাজিলে, সেই আটাইবোৰ অনেক আছিল; কিয়নো সেইবোৰ পিতলৰ ওজন কিমান, তাক জনা নগ’ল।


যি সকল সোণ, ৰূপ, পিতল, আৰু লোহাৰ কাম কৰিব জানে। সেয়ে কামত লাগি থাকা আৰু যিহোৱা তোমাৰ লগত থাকক।”


তাৰ বাহিৰেও সকলো পিয়লা, হেতা, চাকিৰ শলিতা পৰিস্কাৰ কৰা চেপেনা, চামুচ আৰু মন্দিৰৰ পৰিচৰ্যা কামৰ বাবে ব্যৱহাৰ কৰা পিতলৰ আন-আন সকলো বস্তুও লৈ গ’ল।


যিহোৱাৰ গৃহৰ কাৰণে চলোমনে যি দুটা স্তম্ভ, সমুদ্ৰ-পাত্ৰ আৰু পাত্র ৰখা আধাৰবোৰ অধিক পিতলৰে তৈয়াৰ কৰিছিল; সেই পিতলৰ ওজন কৰিব পৰা নাছিল।


আৰু চলোমন ৰজাই যিহোৱাৰ গৃহৰ নিমিত্তে সেই যি দুটা স্তম্ভ, এটা সমুদ্ৰ পাত্ৰ, আৰু আধাৰবোৰৰ তলত থকা বাৰটা পিতলৰ বৃষ সজাইছিল, সেই সকলো বস্তুৰ পিতল অপৰিমিত আছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন