চাদোক পুৰোহিত, আৰু লগৰীয়া পুৰোহিতসকল গিবিয়োনৰ ওখ ঠাইত যিহোৱাৰ আবাসৰ আগত পৰিচৰ্যা কৰিলে।
1 বংশা 21:29 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সেই সময়ত, মোচিয়ে মৰুপ্রান্তত নিৰ্ম্মাণ কৰা যিহোৱাৰ আবাস, আৰু হোম-বলিৰ বাবে যজ্ঞবেদি, গিবিয়োনৰ ওখ ঠাইত আছিল। |
চাদোক পুৰোহিত, আৰু লগৰীয়া পুৰোহিতসকল গিবিয়োনৰ ওখ ঠাইত যিহোৱাৰ আবাসৰ আগত পৰিচৰ্যা কৰিলে।
দায়ূদে যেতিয়া যিহোৱাই যিবুচীয়া অৰ্ণনৰ মৰণা মৰা ঠাইত উত্তৰ দিয়া দেখিলে, তেতিয়া তেওঁ সেই সময়তে সেই ঠাইত বলিদান দিলে।
অৱশ্যে দায়ূদে ঈশ্বৰৰ পৰামৰ্শ লবলৈ তেওঁৰ আগলৈ যাব নোৱাৰিছিল; কাৰণ যিহোৱাৰ দূতৰ তৰোৱাললৈ তেওঁ ভয় কৰিছিল।
পাছে চলোমনে গিবিয়োনৰ ওখ ঠাইত থকা সাক্ষাৎ কৰা তম্বুৰ আগৰ পৰা যিৰূচালেমলৈ আহিল আৰু ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰি থাকিল।
পাছত চলোমন আৰু তেওঁৰ লগত থকা গোটেই সমাজ গিবিয়োনৰ ওখ ঠাইখনলৈ গ’ল; কিয়নো যিহোৱাৰ দাস মোচিয়ে মৰুপ্ৰান্তত নিৰ্ম্মাণ কৰা ঈশ্বৰীয় সাক্ষাৎ কৰা তম্বু সেই ঠাইতে আছিল।