28 দায়ূদে যেতিয়া যিহোৱাই যিবুচীয়া অৰ্ণনৰ মৰণা মৰা ঠাইত উত্তৰ দিয়া দেখিলে, তেতিয়া তেওঁ সেই সময়তে সেই ঠাইত বলিদান দিলে।
পাছত তেওঁলোকে গৈ যৰ্দ্দনৰ সিপাৰে থকা আটদৰ মৰণা মৰা ঠাই পালে, সেই ঠাইতে তেওঁলোকে অতি দাৰুণ মহা-বিলাপেৰে বিলাপ কৰিলে।
তেতিয়া যিহোৱাই দূতক আজ্ঞা কৰিলে, আৰু দূতে নিজৰ তৰোৱাল খাপত ভৰাই হ’ল।
সেই সময়ত, মোচিয়ে মৰুপ্রান্তত নিৰ্ম্মাণ কৰা যিহোৱাৰ আবাস, আৰু হোম-বলিৰ বাবে যজ্ঞবেদি, গিবিয়োনৰ ওখ ঠাইত আছিল।