যেতিয়া যিহোৱাৰ নিয়ম-চন্দুকটি কঢ়িয়াই অনা লোকসকলে ছখোজ আগবাঢ়ি গ’ল, তেওঁ এটা বলদগৰু আৰু এটা হৃষ্টপুষ্ট গৰু পোৱালি বলিদান কৰিলে।
1 বংশা 15:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া দায়ূদে ক’লে, “ঈশ্বৰৰ নিয়ম-চন্দুক কেৱল লেবীয়াসকলে বব পাৰিব, কাৰণ যিহোৱাই নিয়ম-চন্দুক ববলৈ আৰু সদা-সৰ্ব্বদাই তেওঁৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকক মনোনীত কৰিছে।” |
যেতিয়া যিহোৱাৰ নিয়ম-চন্দুকটি কঢ়িয়াই অনা লোকসকলে ছখোজ আগবাঢ়ি গ’ল, তেওঁ এটা বলদগৰু আৰু এটা হৃষ্টপুষ্ট গৰু পোৱালি বলিদান কৰিলে।
আৰু যি লেবীয়াসকল গোটেই ইস্ৰায়েলৰ শিক্ষক আৰু যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ লোক আছিল, তেওঁলোকক তেওঁ ক’লে, “ইস্ৰায়েলৰ ৰজা দায়ূদৰ পুত্ৰ চলোমনে নিৰ্ম্মাণ কৰা গৃহত তোমালোকে পবিত্ৰ চন্দুকটো ৰাখা৷ তোমালোকে নিজৰ কান্ধত আৰু ইয়াক চাৰিওঁফালে ভাৰ বৈ থাকিব নালাগিব৷ এতিয়া তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ স্তুতি আৰাধনা কৰা আৰু তেওঁৰ প্ৰজা ইস্ৰায়েল লোকসকলৰ সেৱা কৰা।
যিহোৱাই কৈছে, “এনে কি, মই তেওঁলোকৰ মাজৰ পৰা কিছুমান লোকক পুৰোহিত আৰু লেবীয়া হ’বলৈ মনোনীত কৰিম।”
আৰু তুমি লেবীয়াসকলক হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দিবা। ইস্ৰায়েলৰ সন্তান সকলৰ পৰিচর্যাত সহায় কৰিবলৈ সম্পূৰ্ণৰূপে তেওঁলোকক তেওঁলৈ দিয়া হ’ল।
কিন্তু কহাতৰ সন্তান সকলক মোচিয়ে একোকে নিদিলে, কিয়নো পবিত্ৰ স্থানৰ বস্তুবোৰৰ ভাৰ হে তেওঁলোকৰ ওপৰত আছিল আৰু তেওঁলোকৰ প্রয়োজনীয়া বস্তুবোৰ তেওঁলোকে কান্ধতকৈ ভাৰ বব লগীয়া।
সেই সময়ত, যিহোৱাই তেওঁৰ নিয়ম চন্দুক বৈ নিবৰ কাৰণে, পুৰোহিতৰ কার্য কৰিবৰ উদ্দেশ্যে তেওঁৰ সন্মুখত থিয় হবলৈ আৰু তেওঁৰ নামত লোকসকলক আশীৰ্ব্বাদ কৰিবলৈ লেবীয়া ফৈদক মনোনীত কৰিলে। এই সকলো কাম তেওঁলোকে এতিয়ালৈকে কৰি আছে।
মোচিয়ে এই ব্যৱস্থা লিখি যিহোৱাৰ নিয়ম চন্দুক কঢ়িয়াই নিয়া লেবী গোষ্ঠীৰ পুৰোহিতসকলক আৰু ইস্ৰায়েলৰ পৰিচাৰক সকলৰ হাতত দিলে।
আৰু লোকসকলক এই আজ্ঞা দিলে যে, “যেতিয়া তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুক দেখিবা আৰু লেবীয়া পুৰোহিতসকলক সেই চন্দুক বৈ নিয়া দেখিবা, তেতিয়া তোমালোকে এই ঠাই এৰি সেই চন্দুকৰ পাছে পাছে যাবা।
তেতিয়া নুনৰ পুত্ৰ যিহোচূৱাই পুৰোহিতসকলক মাতি আনি ক’লে, “তোমালোকে নিয়ম-চন্দুক দাঙি লোৱা আৰু পুৰোহিত সাত জনে যিহোৱাৰ নিয়ম-চন্দুকৰ আগে আগে মহাশব্দকাৰী সাতোটা শিঙা লৈ যোৱা।”