1 তাৰ পাছত দায়ূদে নিজৰ বাবে দায়ূদৰ নগৰত ঘৰবোৰ নিৰ্ম্মাণ কৰিলে। তেওঁ ঈশ্বৰৰ নিয়ম-চন্দুকৰ বাবে ঠাই যুগুত কৰিলে আৰু তাৰ বাবে এটা তম্বু তৰিলে।
তেতিয়া ৰজাই ক’লে, সি নিজ ঘৰলৈ ঘূৰি আহিব পাৰে কিন্তু মোৰ মুখ হ’লে সি দেখিবলৈ নাপাওঁক। তেতিয়া অবচালোমে নিজৰ ঘৰলৈ ঘূৰি গ’ল কিন্তু ৰজাৰ মুখ দেখিবলৈ নাপালে।
তাৰ পাছত দায়ূদে সেই দুৰ্গত নিবাস কৰি, তাৰ নাম দায়ূদৰ নগৰ ৰাখিলে৷ আৰু মিল্লোৰ পৰা ভিতৰৰ চাৰিওফালে গড় নিৰ্ম্মাণ কৰিলে।
তাৰ পাছত “যিহোৱাই ঈশ্বৰৰ নিয়ম-চন্দুকৰ বাবে ওবেদ-ইদোমৰ ঘৰ আৰু তেওঁৰ যি যি আছে, সেই সকলোকে আশীৰ্ব্বাদ কৰিলে” এই বুলি দায়ূদৰ আগত কোৱা হ’ল। তেতিয়া দায়ূদে গৈ ওবেদ ইদোমৰ ঘৰৰ পৰা আনন্দেৰে ঈশ্বৰৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰলৈ লৈ আনিলে।
পাছত তেওঁলোকে যিহোৱাৰ নিয়ম-চন্দুকটি ভিতৰলৈ আনি, দায়ূদে তাৰ ঠাই স্থাপন কৰি ৰখা তম্বুৰ মজিয়াৰ মাজত ৰাখিলে৷ আৰু দায়ূদে যিহোৱাৰ সাক্ষাতে হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে।
তেওঁ তেওঁলোকক ক’লে, “তোমালোক লেবীয়াসকলৰ বংশৰ মূল মানুহ। মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ বাবে যি ঠাই যুগুত কৰিছোঁ, সেই ঠাইলৈ যাতে এই নিয়ম-চন্দুক আনিব পাৰোঁ, তাৰ বাবে তুমি আৰু তোমাৰ ভাইসকলে নিজকে পবিত্ৰ কৰা।
দায়ূদে যি ঠাই যুগুত কৰিছিল, সেই ঠাইলৈ যিহোৱাৰ নিয়ম-চন্দুক আনিবৰ বাবে তেওঁ ইস্ৰায়েলৰ সকলো লোকক যিৰূচালেমত গোট খোৱালে।
তেওঁলোকে ঈশ্বৰৰ নিয়ম-চন্দুক বৈ আনিলে আৰু দায়ূদে নিয়ম-চন্দুকৰ বাবে তৰা তম্বুৰ মাজত ৰাখিলে। তাৰ পাছত ঈশ্বৰৰ সাক্ষাতে হোম-বলি আৰু সমজুৱা বলি উৎসৰ্গ কৰিলে।
নিয়ম-চন্দুক জিৰণিৰ ঠাইলৈ অহাৰ পাছত, দায়ূদে যি লোকসকলক যিহোৱাৰ গৃহত সঙ্গীতৰ দ্বায়ীত্ব দিছিল, তেওঁলোকৰ নাম তলত উল্লেখ কৰা হ’ল।
কিন্তু দায়ুদে কিৰিয়ৎ-যিয়াৰীমৰ পৰা যিহোৱাৰ সেই নিয়ম-চন্দুক সেই ঠাইলৈ আনিছিল যি ঠাই তাৰ বাবে যুগুত কৰি থোৱা হৈছিল, কিয়নো তেওঁ তাৰ কাৰণে যিৰূচালেমত এটা তম্বু তৰি ৰাখিছিল।
তাৰ পাছত চলোমনে দায়ূদৰ নগৰ সেই চিয়োনৰ পৰা যিহোৱাৰ নিয়ম-চন্দুকটি আনিবৰ কাৰণে ইস্ৰায়েলৰ বৃদ্ধসকলক, ফৈদৰ মুখীয়ালসকলক আৰু ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ অধ্যক্ষসকলক যিৰূচালেমত গোট খুৱালে।
যেতিয়ালৈকে মই যিহোৱাৰ কাৰণে এক স্থান বিচাৰি নাপাওঁ, যাকোবৰ সর্বশক্তিমান জনাৰ কাৰণে এক আবাস বিচাৰি নাপাওঁ।”
দায়ুদে ঈশ্বৰৰ দৃষ্টিত অনুগ্ৰহ পাই যাকোবৰ ঈশ্বৰ থাকিবৰ কাৰণে এটি আবাস বনাবলৈ প্রার্থনা কৰিলে।