অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




1 বংশা 12:38 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

সকলো সৈনিকসকল যুদ্ধৰ বাবে যুগুত হৈ দায়ূদক সকলো ইস্ৰায়েল লোক সকলৰ ওপৰত ৰজা পাতিবলৈ সম্পূৰ্ণ মনেৰে হিব্ৰোণলৈ আহিছিল। সকলো অৱশিষ্ট ইস্ৰায়েল লোকসকলে দায়ূদক ৰজা পাতিবলৈ সদ-ভাৱেৰে এক হৈছিল।

অধ্যায়টো চাওক



1 বংশা 12:38
13 পৰস্পৰ সংযোগসমূহ  

কিয়নো চলোমনৰ বৃদ্ধ অৱস্থাত তেওঁৰ পত্নীসকলে তেওঁৰ মন অপথে নি ইতৰ দেৱতাবোৰৰ পাছত চলালে; তেওঁ সম্পূর্ণৰূপে তেওঁৰ পিতৃ দায়ূদৰ মনৰ দৰে তেওঁৰ মন নিজ ঈশ্বৰ যিহোৱাৰ আগত আত্মসমর্পণ কৰা নাছিল।


এই হেতুকে আজিৰ দৰে তেওঁৰ বিধিমতে আচৰণ কৰিবলৈ আৰু তেওঁৰ আজ্ঞা পালন কৰিবলৈ আমাৰ ঈশ্বৰ যিহোৱাৰ আগত তোমালোকৰ মন সিদ্ধ হওক।”


“হে যিহোৱা, মিনতি কৰিছোঁ, এবাৰ সোঁৱৰণ কৰক, মই কেনে বিশ্বাসেৰে আৰু সমস্ত হৃদয়েৰে আপোনাৰ সন্মুখত চলা-ফুৰা কৰি আহিছোঁ; আপোনাৰ দৃষ্টিত মই কেনে সৎ আচৰণ কৰি আহিছোঁ।” এইবুলি হিষ্কিয়াই বৰকৈ কান্দিবলৈ ধৰিলে।


জবূলূনৰ মাজত পঞ্চাশ হাজাৰ যুদ্ধাৰু লোক যুদ্ধৰ বাবে প্রস্তুত হৈ সকলো প্ৰকাৰ যুদ্ধৰ অস্ত্ৰ লগত লৈ আৰু দুই মন নোহোৱাকৈ বিশ্ৱাসী হৈ যুদ্ধ কৰিবলৈ প্রস্তুত আছিল।


যৰ্দ্দনৰ সিপাৰত থকা ৰূবেণীয়াসকলৰ, গাদীয়াসকলৰ, আৰু মনচিৰ আধা জাতিৰ মাজত যুদ্ধৰ বাবে সকলো প্ৰকাৰ অস্ত্ৰ ধৰা এক লাখ বিশ হাজাৰ লোক আছিল।


তেওঁলোকে সেই ঠাইতে তিনি দিন দায়ূদৰ লগত ভোজন-পান কৰি থাকিল, কাৰণ তেওঁলোকৰ সম্বন্ধীয়সকলে তেওঁলোকৰ বাবে প্রয়োজনীয় বস্তু যুগুত কৰি থৈছিল।


তেওঁলোকক এক মনৰ হৃদয় দিবলৈ আৰু যিহোৱাৰ বাক্যৰ দ্বাৰাই হোৱা ৰজা আৰু পাত্ৰমন্ত্ৰীসকলৰ আজ্ঞা সম্পন্ন হ’বলৈ ঈশ্বৰৰ হাত যিহূদাৰ ওপৰত অৰ্পিত হ’ল।


মই সিদ্ধ পথত চলিবলৈ মনোযোগ দিম; তুমি কেতিয়া মোৰ ওচৰলৈ আহিবা? মোৰ ঘৰৰ ভিতৰত মই হৃদয়ৰ সিদ্ধতাত চলিম।


যুদ্ধৰ দিনত তোমাৰ সৈন্য-সামন্তবোৰক তুমি লৈ যাওঁতে, পবিত্র পর্বতবোৰৰ ওপৰত তোমাৰ লোকসকলে স্ব-ইচ্ছাৰে নিজকে উৎসর্গ কৰিব; ৰাতিপুৱাৰ গৰ্ভস্থলৰ পৰা ওলোৱা নিয়ৰৰ নিচিনা তোমাৰ যুবকসকল তোমাৰ কাষলৈ আহিব।


যেতিয়া তেওঁলোক মোৰ ওচৰ চাপিব, তেওঁলোকক মই এখন নতুন অন্তৰ দিম আৰু তেওঁলোকত এক নতুন আত্মা স্থিতি কৰিম; মই তেওঁলোকৰ অন্তৰ আৰু তেওঁলোকৰ শৰীৰৰ পৰা শিলৰূপ হৃদয় গুচাই তেওঁলোকক মাংসৰূপ হৃদয় দিম,