Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 বংশা 12:39 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

39 তেওঁলোকে সেই ঠাইতে তিনি দিন দায়ূদৰ লগত ভোজন-পান কৰি থাকিল, কাৰণ তেওঁলোকৰ সম্বন্ধীয়সকলে তেওঁলোকৰ বাবে প্রয়োজনীয় বস্তু যুগুত কৰি থৈছিল।

অধ্যায়টো চাওক কপি কৰক




1 বংশা 12:39
8 পৰস্পৰ সংযোগসমূহ  

তাতে যিহূদাৰ সকলো লোকে ইস্ৰায়েলৰ লোকসকলক উত্তৰ দি ক’লে, “কাৰণ ৰজা আমাৰ ওচৰ-সম্বন্ধীয়া৷ তেন্তে এই কথাতে তোমালোকৰ কিয় খং উঠিছে? আমি জানো ৰজাৰ কিবা খাইছোঁ নাইবা ৰজাই জানো কিবা খৰচ দিব লগীয়া হৈছে?”


আৰু সকলো লোকৰ মাজত অৰ্থাৎ ইস্ৰায়েলৰ গোটেই লোক সকলৰ মাজত থকা প্ৰত্যেক পুৰুষ আৰু স্ত্ৰীক এটা পিঠা, এটুকুৰা মঙহ আৰু এলদা এলদা শুকান দ্ৰাক্ষাগুটি বিলাই দিলে। পাছত সকলো লোক নিজ নিজ ঘৰলৈ গুচি গ’ল।


তাৰ পাছত যাকোবে সেই পৰ্ব্বতত পশুবলি উৎসর্গ কৰিলে আৰু তেওঁৰ আত্মীয়সকলক ভোজন কৰিবলৈ মাতিলে; তাতে তেওঁলোকে ভোজন কৰি সেই পৰ্ব্বততে ৰাতিটো কটালে।


তেতিয়া ইচহাকে তেওঁলোকলৈ ভোজ যুগুত কৰিলে আৰু তেওঁলোকে ভোজন-পান কৰিলে।


সকলো সৈনিকসকল যুদ্ধৰ বাবে যুগুত হৈ দায়ূদক সকলো ইস্ৰায়েল লোক সকলৰ ওপৰত ৰজা পাতিবলৈ সম্পূৰ্ণ মনেৰে হিব্ৰোণলৈ আহিছিল। সকলো অৱশিষ্ট ইস্ৰায়েল লোকসকলে দায়ূদক ৰজা পাতিবলৈ সদ-ভাৱেৰে এক হৈছিল।


ওপৰেঞ্চি, যি সকল তেওঁলোকৰ ওচৰত আছিল, ইচাখৰ, জবূলূন, আৰু নপ্তালীৰ লোকসকলে গাধবোৰৰ পিঠিত পিঠা, উটবোৰ, খছৰবোৰ, আৰু ষাঁড়-গৰুবোৰ, ডিমৰুৰ শেকা পিঠা, কিচমিচৰ থোপা, দ্ৰাক্ষাৰস, আৰু তেল, ষাঁড় গৰুবোৰ আৰু মেৰ-ছাগ আনিছিল, কাৰণ ইস্ৰায়েলৰ লোকসকলে উৎসৱ পালন কৰি আছিল।


চীলো নহালৈকে যিহূদাৰ পৰা ৰাজদণ্ড নাযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোক সমূহ সেই জনাৰ আজ্ঞাধীন হ’ব।


ইস্ৰায়েলৰ বিষয়ে যিহোৱাৰ বাক্য পালন কৰি, দায়ূদক ৰজা পাতিবলৈ, এওঁলোকেই দায়ূদৰ প্ৰধান লোক যি সকলে সকলো ইস্ৰায়েলৰ লগত একেগোট হৈ তেওঁৰ ৰাজ্যত নিজকে শক্তিশালী দেখুৱালে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন