কাৰণ যিহোৱাই ধাৰ্মিকসকল চলা পথত সতর্ক দৃষ্টি ৰাখে, কিন্তু দুষ্টবোৰৰ পথৰ অন্ত হ’ব সৰ্ব্বনাশ।
1 পিতৰ 4:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিন্তু যি জন জীৱিত আৰু মৃত লোক সকলৰ সোধ-বিচাৰ কৰিবলৈ যুগুত আছে, তেওঁৰ আগত তেওঁলোকে হিচাব দিব লাগিব। |
কাৰণ যিহোৱাই ধাৰ্মিকসকল চলা পথত সতর্ক দৃষ্টি ৰাখে, কিন্তু দুষ্টবোৰৰ পথৰ অন্ত হ’ব সৰ্ব্বনাশ।
এই হেতুকে, প্ৰভু যিহোৱাই কৈছে, “হে ইস্ৰায়েল বংশ, প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ অনুসাৰে, মই তোমালোকৰ বিচাৰ কৰিম!” “তোমালোক উলটি আহা আৰু তোমালোকৰ সকলো অধৰ্মৰ পৰা ঘূৰা যেন অপৰাধ তোমালোকৰ বিৰুদ্ধে সৰ্ব্বনাশৰ কাৰণ নহ’ব।
কিন্তু মই আপোনালোকক কওঁ, লোক সকলে যিবোৰ অনৰ্থক কথা কয়, সোধ-বিচাৰৰ দিনা প্রত্যেকটো কথাৰ হিচাব তেওঁলোকে দিব লাগিব।
তেতিয়া সেই ধনী ব্যক্তি জনে ঘৰগিৰী দায়িত্বত থকা ব্যক্তি জনক মাতি ক’লে, ‘এইবোৰ তোমাৰ বিষয়ে মই কি শুনিছো? তোমাৰ কামৰ হিচাব মোক দিয়া, তুমি আৰু মোৰ ঘৰগিৰী দায়িত্বত থাকিব নোৱাৰা৷’
জীৱিত আৰু মৰা দুয়োৰো বিচাৰকৰ্তা হবলৈ ঈশ্বৰে যি জনক নিযুক্ত কৰিলে, তেৱেঁই সেই জনা, এই কথা সকলো লোকৰ আগত ঘোষণা কৰিবলৈ আৰু সাক্ষ্য দিবলৈ তেওঁ আমাক আজ্ঞা দিলে৷
কিয়নো তেওঁ এনে এটা দিন নিৰূপণ কৰিছে যে, সেইদিনা তেওঁ মনোনীত কৰা লোক জনৰ দ্বাৰাই গোটেই পৃথিৱীক ধাৰ্মিকতাত সোধ-বিচাৰ কৰিব। ঈশ্বৰে সেই লোকক মৃতবোৰৰ মাজৰ পৰা তুলি সকলোৰে আগত তেওঁৰ প্রমাণ দিলে।
মই ঈশ্বৰৰ আৰু খ্ৰীষ্ট যীচুৰ দৃষ্টিত, যি জন জীৱিত আৰু মৃত লোকৰ ভাবী বিচাৰকৰ্তা, তেওঁৰ আবির্ভাৱ আৰু ৰাজ্যৰ শপত দি, মই তোমাক এই দৃঢ় আজ্ঞা দিওঁ -
হে ভাইসকল, আপোনালোকৰ যাতে সোধ-বিচাৰ নহ’ব, তাৰ কাৰণে ইজনে সিজনৰ বিৰুদ্ধে অভিযোগ নকৰিব। চাওক, বিচাৰকৰ্তা দুৱাৰ-মুখতে থিয় হৈ আছে।