Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




উপ 12:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 ঈশ্বৰে ভাল কি বেয়া আটাইবোৰ গুপুত বিষয়ৰে সৈতে সকলো কৰ্মকে বিচাৰ স্থানলৈ আনিব।

অধ্যায়টো চাওক কপি কৰক




উপ 12:14
17 পৰস্পৰ সংযোগসমূহ  

কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক, শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ, আমি সকলোৱে খ্ৰীষ্টৰ বিচাৰৰ আসনৰ আগত প্ৰকাশিত হ’ব লাগিব।


আৰু যিদিনা মোৰ শুভবাৰ্তাৰ দৰে ঈশ্বৰে খ্ৰীষ্ট যীচুৰ দ্বাৰাই লোক সকলৰ গুপুত বিষয়ৰ সোধ-বিচাৰ কৰিব, সেইদিনা এনে ঘটিব৷


কিন্তু মই আপোনালোকক কওঁ, লোক সকলে যিবোৰ অনৰ্থক কথা কয়, সোধ-বিচাৰৰ দিনা প্রত্যেকটো কথাৰ হিচাব তেওঁলোকে দিব লাগিব।


এতেকে আপোনালোকে প্রভু অহাৰ পূর্বেই অর্থাৎ সেই ঠিক কৰা সময়ৰ আগেয়ে একো বিষয়ৰে বিচাৰ নকৰিব। তেৱেঁই আন্ধাৰৰ গুপুত বিষয়বোৰ পোহৰলৈ আনিব আৰু হৃদয়ৰ উদ্দেশ্যবোৰো প্ৰকাশ কৰিব। সেই কালত প্ৰতিজনে ঈশ্বৰৰ পৰা নিজৰ নিজৰ প্ৰশংসা পাব।


গতিকে তোমালোকে তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো লুকুৱাই ৰখা সকলো বিষয়েই প্রকাশ পাব আৰু গোপনে ৰখা সকলো বিষয়েই জনোৱা হ’ব।


আৰু ওলাই আহিব। সৎকৰ্ম কৰা সকল জীৱনৰ পুনৰুত্থানলৈ, দুষ্টকৰ্ম্ম কৰা সকল সোধ-বিচাৰৰ পুনৰুত্থানলৈ ওলাই আহিব।


হে যুবক, তুমি তোমাৰ যৌৱনকালত আনন্দ কৰা; যুবা বয়সৰ দিনবোৰত তোমাৰ হৃদয়ে তোমাক আনন্দিত কৰক; তুমি তোমাৰ হৃদয়ৰ সৎ ইচ্ছাবোৰৰ পথত চলিবা আৰু নিজ চকুৰ দৃষ্টিত যি ভাল তাকে কৰিবা। কিন্তু জানিবা যে, ঈশ্বৰে এই সকলো বিষয়ৰ কাৰণে তোমাক বিচাৰৰ ঠাইলৈ আনিব।


মই মনতে ক’লো, “ঈশ্বৰে ধাৰ্মিক আৰু দুষ্ট এই দুজনৰে বিচাৰ কৰিব; কাৰণ ঈশ্বৰৰ ওচৰত প্ৰত্যেক বিষয় আৰু কৰ্মৰ বাবে এক নিৰ্দিষ্ট সময় আছে।”


যিহোৱাৰ সন্মুখতে গান কৰিব; কিয়নো তেওঁ আহি আছে; তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে। তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ সত্যতাৰে জাতি সমূহৰ বিচাৰ কৰিব।


তেনেহলে তোমালোকে তৰোৱাললৈ ভয় কৰা; কিয়নো ক্রোধে তৰোৱালৰ দণ্ড আনে, গতিকে তোমালোকে জানিব লাগে যে, ন্যায় বিচাৰ এটা আছে।”


তুমি আমাৰ অপৰাধবোৰ তোমাৰ সন্মুখত থৈছা; তোমাৰ উপস্থিতিৰ পোহৰত আমাৰ গুপুত পাপবোৰ প্রকাশ পায়।


এই সকলোবোৰ তুমি কৰিছা, কিন্তু মই মনে মনে আছিলোঁ; তুমি ভাৱিছা, মই তোমাৰেই নিচিনা এজন। কিন্তু এতিয়া মই তোমাক ধমকি দিম আৰু তোমাৰ সন্মুখত তোমাৰ সকলো দোষ লৈ আনিম।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন