পদ্দন-অৰামৰ পৰা যাকোবে কুশলে আহি কনান দেশৰ চিখিম নগৰ পালে। তাত তেওঁ নগৰৰ ওচৰত নিজৰ তম্বু তৰিলে।
1 চমূ 9:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সেয়ে চৌলে পাহাৰীয়া দেশ ইফ্ৰয়িমৰ মাজেৰে পাৰ হৈ চালিচা প্ৰদেশৰ মাজেৰে গ’ল; কিন্তু গাধবোৰ তাত নাছিল। তাৰ পাছত তেওঁলোকে চালীম প্ৰদেশৰ মাজেৰে গ’ল, কিন্তু তাতো নাছিল, তাৰ পাছত বিন্যামীন প্ৰদেশৰ মাজেৰে গ’ল, কিন্তু তেওঁলোকে তাতো বিচাৰি নাপালে। |
পদ্দন-অৰামৰ পৰা যাকোবে কুশলে আহি কনান দেশৰ চিখিম নগৰ পালে। তাত তেওঁ নগৰৰ ওচৰত নিজৰ তম্বু তৰিলে।
এবাৰ বাল-চালিচাৰ পৰা এজন মানুহে ঈশ্বৰৰ লোকৰ কাৰণে প্ৰথমে কটা শস্যৰ পৰা যৱ ধানৰ বিশটা পিঠা আৰু বস্তা ভৰাই নতুন শস্য আনিলে। ইলীচাই ক’লে, “এইবোৰ লোকসকলক খাবলৈ বিলাই দিয়া।”
যোহনেও চালীম নামৰ গাওঁ খনৰ ওচৰতে থকা ঐনোন নামৰ ঠাই খনত বহুত পানী থকাৰ কাৰণে তাতে বাপ্তিস্ম দি আছিল আৰু লোক সকলেও তেওঁৰ ওচৰলৈ আহি বাপ্তিস্ম লৈছিল।
তাৰ পাছত হাৰোণৰ পুত্ৰ ইলিয়াজৰৰো মৃত্যু হ’ল৷ তাত লোকসকলে ইফ্ৰয়িমৰ পৰ্ব্বতীয়া অঞ্চলত তেওঁৰ পুত্ৰ পীনহচক দিয়া গিবিয়াত তেওঁক মৈদাম দিলে।
যি সময়ত ইস্ৰায়েলৰ মাজত ৰজা নাছিল, সেই সময়ত ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ শেষ ভাগত এজন লেবীয়া লোকে প্ৰবাস কৰিছিল; তেওঁ যিহূদাৰ বৈৎলেহেমত এজনী উপপত্নী ৰাখিছিল;
পৰ্বতীয়া দেশ ইফ্ৰয়িমৰ ৰামাথয়িম চোফীম অঞ্চলৰ নিবাসী ইলকানা নামেৰে এজন ব্যক্তি আছিল। তেওঁ যিৰোহমৰ পুত্র আৰু চুফ পৰিবাৰৰ আছিল। যিৰোহমৰ পিতৃ হ’ল ইলীহূ, ইলীহূৰ পিতৃ হ’ল তহূৰ, তহূৰৰ পিতৃ হ’ল চূফ। এওঁলোক ইফ্ৰয়িমৰ গোষ্ঠীৰ আছিল।
এদিন চৌলৰ পিতৃ কীচৰ গাধবোৰ হেৰাল। তেতিয়া কীচে নিজ পুত্ৰ চৌলক ক’লে, “তুমি দাস সকলৰ মাজৰ এজনক লগত লৈ গাধবোৰ বিচাৰি যোৱা।”