42 এবাৰ বাল-চালিচাৰ পৰা এজন মানুহে ঈশ্বৰৰ লোকৰ কাৰণে প্ৰথমে কটা শস্যৰ পৰা যৱ ধানৰ বিশটা পিঠা আৰু বস্তা ভৰাই নতুন শস্য আনিলে। ইলীচাই ক’লে, “এইবোৰ লোকসকলক খাবলৈ বিলাই দিয়া।”
তুমি তোমাৰ হাতত দহোটা পিঠা, কিছু মুৰমুৰিয়া পিঠা আৰু এটেকেলি মৌ লৈ অহীয়াৰ ওচৰলৈ যোৱা; ল’ৰাটিৰ কি ঘঠিব, তেওঁ সেই বিষয়ে তোমাক ক’ব।”
তাৰ পাছত ইলীচা পুনৰ গিলগললৈ ঘূৰি গ’ল; সেই সময়ত সেই ঠাইত আকাল হৈছিল; তেতিয়া শিষ্য ভাববাদীসকলৰ এটা দল তেওঁৰ আগত বহি আছিল; তেওঁ নিজৰ দাসক ক’লে, “ডাঙৰ চৰুটো জুইৰ ওপৰত বহাই দি শিষ্য-ভাৱবাদীৰ দলটোৰ কাৰণে আঞ্জাৰে চুৰুহা ৰান্ধা।”
“তেন্তে তুমি এতিয়াই যোৱাগৈ, ইস্ৰায়েলৰ ৰজালৈ মই এখন পত্ৰ পঠাই দিম,” অৰামৰ ৰজাই ক’লে। তেতিয়া নামানে নিজৰ লগত দহ কিক্কৰ ৰূপ, ছয় হাজাৰটা সোণৰ টুকুৰা আৰু দহ যোৰ পিন্ধা কাপোৰ লৈ ইস্রায়েললৈ যাত্ৰা কৰিলে।
ইলীচাই ক’লে, “যিহোৱাই যি কৈছে, তাক শুনক। যিহোৱাই কৈছে, ‘অহাকালি, প্রায় এনে সময়ত চমৰিয়া নগৰৰ দুৱাৰ মুখত এক চেয়া পৰিমাণৰ ময়দা আৰু দুই চেয়া পৰিমাণৰ যৱ কেৱল এক চেকলকৈ বিক্রী হ’ব।
তোমালোকে শস্য দোৱাৰ উৎসৱ, অৰ্থাৎ পথাৰত যি গুটি সিঁচিলা, সেই পৰিশ্রমৰ প্ৰথম ফলৰ উৎসৱ পালন কৰিব লাগিব; আৰু বছৰৰ শেষত তোমালোকে উৎপন্ন কৰা খেতিৰ ফল চপোৱা সময়ত, ফল চপোৱা উৎসৱ পালন কৰিব লাগিব।
তেওঁলোকে সকলো উত্তম তেল, উত্তম দ্ৰাক্ষা ৰস আৰু শস্য আদিৰ যি যি আগভাগ যিহোৱাৰ উদ্দেশ্যে দিব, সেইবোৰ মই তোমাক দিলোঁ।
তেওঁলোকৰ ভূমিত উৎপন্ন হোৱা ফল আদিৰ প্ৰথমে পকা যি ভাগ তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে আনিব, সেয়ো তোমাৰেই হ’ব। তোমাৰ বংশৰ সকলো শুচিলোকে তাক ভোজন কৰিব পাৰিব।
তেতিয়া শিষ্য সকলে সেইবোৰ গোটালে আৰু লোক সকলে খোৱাৰ পাছত সেই পাঁচোটা যৱৰ পিঠাৰ যি টুকুৰাবোৰ বাকী থাকিল, সেইবোৰ গোটাই তেওঁলোকে বাৰটা পাচি পূৰ কৰিলে।
“ইয়াত এজন সৰু ল’ৰা আছে আৰু তেওঁৰ ওচৰত পাঁচোটা যৱৰ পিঠা আৰু দুটা সৰু মাছ আছে; কিন্তু ইমান মানুহৰ মাজত তাৰে কি হ’ব?”
আমি আপোনালোকৰ কাৰণে আত্মিক কঠিয়া সিচিঁ যদি আপোনালোকৰ পৰা মাংসিক শস্য দাওঁ, তেনেহলে সেয়া জানো অধিক বেচি পোৱা হয়?
যি জনে বাক্যৰ শিক্ষা পায়, তেওঁ শিক্ষকৰ সৈতে সকলো ভাল বস্তুৰ ভাগ দিয়ক।
আপোনালোকে আপোনালোকৰ হোম-বলি, বলি উৎসর্গ, দশমভাগ আৰু আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, সঙ্কল্প পূৰণৰ নৈবেদ্য, ইচ্ছাকৃত বিশেষ দান আৰু গৰু-ছাগলী, মেৰ আদিৰ জাকৰ প্ৰথমে জগা পোৱালি সেই ঠাইলৈ লৈ যাব।
গৰু গাখীৰৰ পৰা উৎপন্ন হোৱা মাখন আৰু মেৰ-ছাগপালৰ পৰা গাখীৰ দিলে। চর্বিযুক্ত মেৰপোৱালিৰ আৰু বাচান দেশীয় মতা মেৰ, মতা ছাগলী আৰু উত্তম ঘেঁহুধানৰ আটা তেওঁক দিলে; হে ইস্রায়েল, তোমালোকে আঙুৰৰ পৰা তৈয়াৰী বুৰবুৰণি উঠা উত্তম দ্ৰাক্ষাৰস পান কৰিলা।
সেই দেশ ঘেহুঁ ধান আৰু যৱ ধান উৎপন্ন হোৱা দেশ, আৰু দ্ৰাক্ষালতা, ডিমৰু, ডালিম গছ থকা দেশ, জিত গছ আৰু মৌ উৎপন্ন হোৱা দেশ।
সেয়ে চৌলে পাহাৰীয়া দেশ ইফ্ৰয়িমৰ মাজেৰে পাৰ হৈ চালিচা প্ৰদেশৰ মাজেৰে গ’ল; কিন্তু গাধবোৰ তাত নাছিল। তাৰ পাছত তেওঁলোকে চালীম প্ৰদেশৰ মাজেৰে গ’ল, কিন্তু তাতো নাছিল, তাৰ পাছত বিন্যামীন প্ৰদেশৰ মাজেৰে গ’ল, কিন্তু তেওঁলোকে তাতো বিচাৰি নাপালে।
তেতিয়া চৌলে তেওঁৰ দাসক ক’লে, “কিন্তু আমি যদি যাওঁ, তেন্তে সেই লোকৰ ওচৰলৈ কি লৈ যাম? কিয়নো আমাৰ পাত্ৰৰ পিঠা শেষ হ’ল; ঈশ্বৰৰ লোকৰ ওচৰলৈ উপহাৰস্বৰূপে আমি কি লৈ যাম? আমাৰ লগত কি আছে?”