1 চমূ 9:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সেয়ে তেওঁ ওখ স্থানলৈ ভোজন কৰিবলৈ যোৱাৰ পূৰ্বে আপোনালোকে নগৰত সোমায়ে তেওঁক বিচাৰি পাব। কিয়নো তেওঁ গৈ নোপোৱালৈকে, লোকসকলে ভোজন নকৰে, কাৰণ তেওঁ বলিদানত আশীৰ্ব্বাদ কৰাৰ পাছতহে নিমন্ত্ৰিত সকলে ভোজন কৰিব। এতেকে আপোনালোক এতিয়াই যাওক; তেতিয়াহে তেওঁক লগ পাব।” |
পাছত তেওঁ লোক সকলক বনৰ ওপৰত বহিবলৈ আদেশ দিলে। তাৰ পাছত সেই পাঁচোটা পিঠা আৰু দুটা মাছ লৈ তেওঁ স্বৰ্গলৈ চাই আশীৰ্বাদ কৰিলে। তাৰ পাছত পিঠা খিনি ভাঙি শিষ্য সকলক দিলে আৰু শিষ্য সকলে সেইবোৰ লোক সকলক খাবলৈ দিলে।
পাছত তেওঁলোকে ভোজন কৰোঁতে, যীচুৱে পিঠা লৈ আশীৰ্বাদ কৰি ভাঙি শিষ্য সকলক দি ক’লে, “লোৱা, খোৱা এয়ে মোৰ শৰীৰ”।
তেতিয়া তেওঁ সেই পাঁচটা পিঠা আৰু দুটা মাছ লৈ স্বৰ্গলৈ চাই, আশীৰ্বাদকৰিলে; আৰু লোক সকলক ভগাই দিবলৈ পিঠা ভাঙি ভাঙি শিষ্য সকলক দি থাকিল; আৰু মাছ দুটাও সকলোকে ভাগ কৰি দিলে।
তেতিয়া তেওঁ তেওঁলোকৰ সৈতে থাকিল। পাছত তেওঁ ভোজন কৰিবলৈ তেওঁলোকৰ লগত বহোঁতে পিঠা লৈ আশীৰ্বাদ কৰি ভাঙি তেওঁলোকক দিলে।
যীচুৱে সেই পাঁচটা পিঠা আৰু দুটা মাছ হাতত লৈ, স্বৰ্গলৈ চাই সেইবোৰক আশীৰ্বাদ কৰিলে আৰু লোক সকলৰ আগত বিলাই দিবলৈ, তেওঁ ভাঙি ভাঙি শিষ্য সকলক দিলে।
তাৰ পাছত যীচুৱে সেই পিঠাকেইখন লৈ ঈশ্বৰক ধন্যবাদ দি বহি থকা সকলৰ মাজত ভগাই দিলে। তেনেদৰে তেওঁ পাছত মাছো ভগাই দিলে। যেয়ে যিমান বিচাৰিলে সিমানকৈ পালে।
কিন্তু, প্রভুৱে ধন্যবাদ দিয়াৰ পাছত লোক সকলে যি ঠাইত পিঠা খাইছিল, সেই ঠাইৰ ওচৰতে তিবিৰিয়াৰ পৰা অহা কিছুমান নাও আছিল।
মই যদি কৃতজ্ঞতাৰে ভোজন কৰোঁ, তেনেহলে যি বস্তুৰ কাৰণে ধন্যবাদ কৰোঁ, তাৰ কাৰণে মই নিন্দিত হওঁ কিয়?
কিয়নো ঈশ্বৰৰ সৃষ্ট সকলো বস্তুৱেই উত্তম আৰু ধন্যবাদেৰে সৈতে গ্ৰহণ কৰিলে, একোৱেই অগ্ৰাহ্য নহয়,
আৰু মই নিজৰ কাৰণে এজন বিশ্বাসী পুৰোহিত প্ৰস্তুত কৰিম; তেওঁ মই ভবাৰ দৰে আৰু মোৰ ইচ্ছাৰ দৰে কাৰ্য কৰিব; আৰু মই তেওঁৰ কাৰণে এক চিৰস্থায়ী গৃহ স্থাপন কৰিম; তেওঁ সদায় মোৰ অভিষিক্ত ৰজাৰ সন্মুখত অহা-যোৱা কৰিব।
সেয়ে তেওঁলোক নগৰলৈ গ’ল। তেওঁলোক নগৰত সোমাওঁতেই দেখিলে যে, চমূৱেলে ওখ স্থানলৈ যাবৰ উদ্দেশে তেওঁলোকৰ ফালে আহি আছে।