Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যোহন 6:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 তাৰ পাছত যীচুৱে সেই পিঠাকেইখন লৈ ঈশ্বৰক ধন্যবাদ দি বহি থকা সকলৰ মাজত ভগাই দিলে। তেনেদৰে তেওঁ পাছত মাছো ভগাই দিলে। যেয়ে যিমান বিচাৰিলে সিমানকৈ পালে।

অধ্যায়টো চাওক কপি কৰক




যোহন 6:11
13 পৰস্পৰ সংযোগসমূহ  

কিন্তু, প্রভুৱে ধন্যবাদ দিয়াৰ পাছত লোক সকলে যি ঠাইত পিঠা খাইছিল, সেই ঠাইৰ ওচৰতে তিবিৰিয়াৰ পৰা অহা কিছুমান নাও আছিল।


সকলো বিষয়তে ঈশ্বৰক ধন্যবাদ দিয়ক; কিয়নো আপোনালোকৰ প্ৰতি খ্ৰীষ্ট যীচুত ঈশ্বৰৰ এই ইচ্ছা।


যি জনে বিশেষ দিন মানে, তেওঁ প্ৰভুৰ উদ্দেশ্যে সেইদিন মানক; যি জনে খায়, তেওঁ প্ৰভুৰ উদ্দেশ্যে খাওক; কিয়নো তেওঁ ঈশ্বৰৰ ধন্যবাদ কৰে৷ যি জনে নাখায়, তেৱোঁ প্ৰভুৰ উদ্দেশ্যে নাখাওঁক; আৰু ঈশ্বৰৰ ধন্যবাদ কৰক।


তেওঁ সেই সাতোটা পিঠা আৰু মাছকেইটা ললে। তাৰ পাছত ঈশ্বৰক ধন্যবাদ দি সেইবোৰ ভাঙি শিষ্য সকলক দিলে আৰু শিষ্য সকলে খাবৰ বাবে লোক সকলক ভগাই দিলে।


তেতিয়া তেওঁ তেওঁলোকৰ সৈতে থাকিল। পাছত তেওঁ ভোজন কৰিবলৈ তেওঁলোকৰ লগত বহোঁতে পিঠা লৈ আশীৰ্বাদ কৰি ভাঙি তেওঁলোকক দিলে।


এতেকে আপোনালোকে ভোজন-পান আদি যি যি কৰ্ম কৰে, সকলোকে ঈশ্বৰৰ মহিমাৰ অৰ্থে কৰিব।


ইয়াকে কৈ তেওঁ পিঠা লৈ, সকলোৰে আগত ঈশ্ৱৰৰ স্তুতি কৰি পিঠাটো ভাঙি ভোজন কৰিলে৷


সেয়ে তেওঁ ওখ স্থানলৈ ভোজন কৰিবলৈ যোৱাৰ পূৰ্বে আপোনালোকে নগৰত সোমায়ে তেওঁক বিচাৰি পাব। কিয়নো তেওঁ গৈ নোপোৱালৈকে, লোকসকলে ভোজন নকৰে, কাৰণ তেওঁ বলিদানত আশীৰ্ব্বাদ কৰাৰ পাছতহে নিমন্ত্ৰিত সকলে ভোজন কৰিব। এতেকে আপোনালোক এতিয়াই যাওক; তেতিয়াহে তেওঁক লগ পাব।”


“ইয়াত এজন সৰু ল’ৰা আছে আৰু তেওঁৰ ওচৰত পাঁচোটা যৱৰ পিঠা আৰু দুটা সৰু মাছ আছে; কিন্তু ইমান মানুহৰ মাজত তাৰে কি হ’ব?”


পাছত তেওঁলোক বামত উঠিল, তাতে কয়লাৰ জুইৰ ওপৰত মাছ আৰু পিঠা দেখিলে৷


যীচুৱে তেওঁলোকক ক’লে, “এতিয়া যিবোৰ মাছ ধৰিলা তাৰ পৰা কিছুমান মাছ আনাগৈ”।


পাছত যীচুৱে আহি, পিঠা আৰু মাছ লৈ তেওঁলোকক দিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন