বিনয় কৰোঁ, আপোনালৈ অনা মোৰ উপহাৰ গ্ৰহণ কৰক; কিয়নো ঈশ্বৰে মোক প্রচুৰ দয়া কৰিছে আৰু মোৰ যথেষ্ট আছে।” যাকোবে এইদৰে কাবৌকাকুতি কৰাত এচৌৱে তাক গ্রহণ কৰিলে।
1 চমূ 30:26 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পাছত দায়ুদ যেতিয়া চিক্লগলৈ আহিল, তেতিয়া তেওঁ নিজ বন্ধু যিহূদাৰ বৃদ্ধ লোকসকলৰ ওচৰলৈ গ’ল। তাতে তেওঁ লুটি অনা বস্তুৰ কিছু অংশ তেওঁলোকলৈ পঠিয়াই দি ক’লে, “চোৱা, যিহোৱাৰ শত্ৰুবোৰৰ পৰা লুটি অনা বস্তুৰ মাজৰ পৰা এয়ে তোমালোকৰ কাৰণে পঠোৱা উপহাৰ।” |
বিনয় কৰোঁ, আপোনালৈ অনা মোৰ উপহাৰ গ্ৰহণ কৰক; কিয়নো ঈশ্বৰে মোক প্রচুৰ দয়া কৰিছে আৰু মোৰ যথেষ্ট আছে।” যাকোবে এইদৰে কাবৌকাকুতি কৰাত এচৌৱে তাক গ্রহণ কৰিলে।
নামান আৰু তেওঁৰ সকলো সঙ্গী তেতিয়া ঈশ্বৰৰ লোকৰ ওচৰলৈ উভটি আহিল। ইলীচাৰ সন্মুখত থিয় হৈ ক’লে, “মই এতিয়া জানিলোঁ যে, ইস্রায়েলৰ বাহিৰে গোটেই পৃথিৱীতে আৰু ক’তো ঈশ্বৰ নাই। গতিকে এতিয়া অনুগ্রহ কৰি, আপোনাৰ এই দাসৰ পৰা এটি উপহাৰ গ্ৰহণ কৰক।”
যিসকলে মোৰ ধাৰ্মিকতাত সন্তোষ পায়, তেওঁলোকে আনন্দ ধ্বনি কৰি উল্লাসিত হওঁক; তেওঁলোকে সদায় কওঁক, “যিহোৱা মহান; যিহোৱাই নিজ দাসৰ মঙ্গলত আনন্দ পায়।”
তুমি যেতিয়া ওখ পর্বতত উঠিলা, তুমি যুদ্ধ-বন্দীসকলক বন্দী কৰি লৈ গ’লা; লোকসকলৰ পৰা, এনেকি তোমাৰ বিৰুদ্ধে যুদ্ধ কৰা সকলৰ পৰাও অনেক দান আহিছিল, যাতে হে ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ মাজত থাকিব পাৰা।
কিন্তু সন্মানীয় লোকে সৎ বিষয়ৰৰ পৰিকল্পনা কৰে, আৰু তেওঁৰ সৎ কার্যৰ কাৰণে তেওঁ থিৰে থাকিব।
সেই কাৰণে মই ভাই কেইজনক উৎসাহিত কৰিবলৈ প্ৰয়োজন দেখি, আপোনালোকৰ ওচৰত পঠিয়াম বুলি ভাবিলোঁ; আপোনালোকে যি পূৰ্বৰে পৰা প্ৰতিজ্ঞা কৰা সেই আশীৰ্বাদ স্বৰূপ দান, সেই বিষয়ে তেখেত সকলে আপোনালোকৰ ওচৰলৈ আহি যেন আয়োজন কৰে৷ এই বিনামূলীয়া আশীর্বাদ দানৰ দৰে যেন যুগুত থাকে, কিন্তু আপোনালোকে বাধ্যত পৰি দান কৰিলে, এনে যেন নহয়৷
চৌলে দায়ূদক ক’লে, “এয়া মোৰ ডাঙৰ ছোৱালী মেৰব। তোমাৰ ভাৰ্যা হবলৈ মই তাইক দিম। তুমি কেৱল মোৰ পক্ষে সাহিয়াল হোৱা আৰু যিহোৱাৰ বাবে যুদ্ধ কৰা।” কাৰণ চৌলে চিন্তা কৰিলে, “মোৰ হাত তেওঁৰ অহিতে নহওক, কিন্তু পলেষ্টীয়াসকলৰ হাত তেওঁৰ বিৰুদ্ধে হওক।”
আৰু এতিয়া এই যি উপহাৰ আপোনাৰ দাসীয়ে নিজৰ প্ৰভুৰ ওচৰলৈ আনিছোঁ, সেই উপহাৰ এনে যুৱক সকলক দিয়া হওক, যিসকল যুৱকে মোৰ প্ৰভুক অনুসৰণ কৰে।
মই বিনয় কৰোঁ, আপোনাৰ দাসীৰ অপৰাধ ক্ষমা কৰক, কাৰণ যিহোৱাই নিশ্চয় মোৰ প্ৰভুৰ বংশ চিৰস্থায়ী কৰিব, কাৰণ মোৰ প্ৰভুৱে যিহোৱাৰ কাৰণে যুদ্ধ কৰিছে; আৰু আপোনাৰ জীৱনৰ শেষলৈকে আপোনাৰ কোনো অমঙ্গল দেখা নাযাব।
আৰু দায়ূদে সিহঁতৰ সকলো গৰু আৰু মেৰ-ছাগৰ জাকবোৰ নিজৰ কাৰণে ল’লে, আৰু লোকসকলে সেই পশুবোৰ উদ্ধাৰ কৰি অনা আন পশুৰ জাকৰ আগে আগে খেদি নি ক’লে, “এইবোৰ দায়ূদে লুট কৰি অনা বস্তু।”
সেইদিনৰে পৰা এই কথা ইস্ৰায়েলৰ কাৰণে বিধি আৰু শাসন-প্ৰণালী হ’ল; এয়ে আজিলৈকে চলি আছে।