Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 চমূ 30:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 আৰু দায়ূদে সিহঁতৰ সকলো গৰু আৰু মেৰ-ছাগৰ জাকবোৰ নিজৰ কাৰণে ল’লে, আৰু লোকসকলে সেই পশুবোৰ উদ্ধাৰ কৰি অনা আন পশুৰ জাকৰ আগে আগে খেদি নি ক’লে, “এইবোৰ দায়ূদে লুট কৰি অনা বস্তু।”

অধ্যায়টো চাওক কপি কৰক




1 চমূ 30:20
7 পৰস্পৰ সংযোগসমূহ  

পাছত দায়ুদ যেতিয়া চিক্লগলৈ আহিল, তেতিয়া তেওঁ নিজ বন্ধু যিহূদাৰ বৃদ্ধ লোকসকলৰ ওচৰলৈ গ’ল। তাতে তেওঁ লুটি অনা বস্তুৰ কিছু অংশ তেওঁলোকলৈ পঠিয়াই দি ক’লে, “চোৱা, যিহোৱাৰ শত্ৰুবোৰৰ পৰা লুটি অনা বস্তুৰ মাজৰ পৰা এয়ে তোমালোকৰ কাৰণে পঠোৱা উপহাৰ।”


তথাপি আমাক প্ৰেম কৰা জনৰ যোগেদি, এই সকলো কথাত আমি জয়তকৈয়ো জয়যুক্ত।


সেইবাবে অনেক লোকসকলৰ মাজত মই তেওঁৰ অংশ দিম, আৰু তেওঁ বহুতৰ সৈতে লুটদ্ৰব্য ভাগ কৰিব; কাৰণ তেওঁ নিজৰ জীৱন মৃত্যুলৈ প্রকাশিত কৰিলে, আৰু আইন ভঙ্গ কৰাসকলৰ সৈতে গনিত হ’ল। তেওঁ অনেকৰ পাপৰ ভাৰ বহন কৰিলে, আৰু আইন ভঙ্গ কৰাসকলৰ কাৰণে মধ্যস্হতা কৰিলে।


তেতিয়া যিহোচাফট আৰু তেওঁৰ লোকসকলে তেওঁলোকৰ লুটদ্ৰব্য আনিবলৈ গৈ শৱৰ লগত বহুত সম্পত্তি আৰু বহুমূল্য বাখৰ পালে৷ তেওঁলোকে সেইবোৰ নিজৰ বাবে তেওঁলোকৰ গাৰ পৰা উলিয়াই আনিলে৷ তাতে ইমান ধন হ’ল যে তেওঁলোকৰ যিমান ধন কঢ়িয়াব পৰা ক্ষমতা আছিল তাতোকৈয়ো অধিক ধন তেওঁলোকে বৈ নিলে৷ সেই লুটদ্ৰব্য ইমান অধিক আছিল যে সেইবোৰ লৈ যাবলৈ তেওঁলোকৰ তিনি দিন লাগিল।


পাছত তেওঁলোক ক্লান্ত হৈ পৰা বাবে দায়ূদৰ লগত যাব নোৱৰা যি দুশ লোকক তেওঁলোকে বিচোৰ জুৰিৰ পাৰত এৰি থৈ গৈছিল, সেই লোকসকলৰ ওচৰ আহি পালে। তাতে সেই লোকসকলে দায়ুদ আৰু লগতে তেওঁৰ লগত অহা আটাই লোকক আগবঢ়াই নিবলৈ ওলাল; তেতিয়া দায়ূদে তেওঁলোকক মঙ্গলবাদ কৰিলে।


আৰু তেওঁলোকে তম্বু-নিবাসীসকলক প্ৰহাৰ কৰি বহুত মেৰ, ছাগলী আৰু উট লৈ, যিৰূচালেমলৈ উলটি আহিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন