1 চমূ 30:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তৃতীয় দিনা দায়ুদ আৰু তেওঁৰ লোকসকল চিক্লগ আহি পালে; তাতে তেওঁলোকে দেখিলে যে, অমালেকীয়াসকলে আহি চিক্লগ আৰু নেগেভত উপদ্ৰৱ কৰিছে, আৰু চিক্লগত সোমাই আক্ৰমণ কৰি, জুইৰে পুৰিছে; |
পাছত তৃতীয় দিনত, চৌলৰ সেনাবাহিনীৰ ছাউনিৰ পৰা ফলা কাপোৰেৰে সৈতে এজন মানুহ আহিল; তেওঁৰ মুৰত মাটি লাগি আছিল। তেওঁ দায়ূদৰ ওচৰলৈ আহি শিৰনত হৈ প্রণাম কৰিলে।
তেওঁৰ দাসবোৰ তেওঁৰ লগে লগে কুচকাৱাজ কৰি খোজ কাঢ়ি গ’ল আৰু সকলো কৰেথীয়া, পেলেথীয়া আৰু সকলো গাতীয়া লোক অৰ্থাৎ ছশ লোক তেওঁৰ পাছে পাছে গাতৰ পৰা অহা ৰজাৰ আগে আগে গ’ল।
তেওঁলোকে দায়ূদক ডকাইত-দলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সহায় কৰিলে, কাৰণ তেওঁলোক যুদ্ধাৰু আছিল। তাৰ পাছত তেওঁলোক সৈনিকৰ সেনাপতি হৈছিল।
দিনে দিনে, দায়ূদক সহায় কৰিবৰ বাবে লোকসকল আহি আছিল, যেতিয়ালৈকে তাত ঈশ্বৰৰ সৈন্যদলৰ দৰে এটা মহাসৈন্যদল গঠন নহ’ল।
তেতিয়া তেওঁলোকে সকলো মানুহক লগত লৈ নথনিয়াৰ পুতেক ইশ্মায়েলে সৈতে যুদ্ধ কৰিবলৈ গ’ল আৰু গিবিয়োনৰ থকা বৰ পুখুৰীৰ ওচৰত তেওঁক দেখা পালে।
যিহোৱাই যিহোচূৱাক ক’লে, “তুমি তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো কাইলৈ এনে সময়তে মই ইস্ৰায়েলৰ আগত তেওঁলোকৰ সকলোকে বধ কৰি সমৰ্পণ কৰিম৷ তুমি তেওঁলোকৰ ঘোঁৰাৰ ভৰিৰ সিৰ্ কাটিবা আৰু ৰথবোৰ জুইৰে পুৰি পেলাবা।”
তেওঁ অমালেকীয়া সকলৰ ৰজা অগাগক জীৱিত অৱস্থাতে ধৰিলে, আৰু আন লোক সকলক তৰোৱালৰ ধাৰেৰে ধ্বংস কৰিলে।
তাতে আখীচে সেইদিনা চিক্লগ নগৰ তেওঁক দিলে; সেয়ে আজিলৈকে চিক্লগ যিহূদাৰ ৰজাসকলৰ অধিকাৰত আছে।
এই হেতুকে তুমি আৰু তোমাৰ লগত অহা তোমাৰ প্ৰভুৰ দাস সকলে ৰাতিপুৱাই উঠিবা আৰু পোহৰ হ’লেই প্ৰস্থান কৰিবা।”
তেতিয়া দায়ুদ আৰু তেওঁৰ লোকসকলে ৰাতিপুৱাই উঠিল আৰু যাত্ৰা কৰি ফিলিষ্টীয়া সকলৰ দেশলৈ উভটি গ’ল। কিন্তু পলেষ্টীয়া সকল যিজ্ৰিয়েললৈ গ’ল।
কিন্তু তেওঁৰ ওপৰত পলেষ্টীয়া অধিপতিসকলৰ খং উঠিল আৰু তেওঁলোকে তেওঁক ক’লে, “তুমি তাক ওলোটাই পঠাই দিয়া। তুমি যি ঠাই তাক নিৰূপণ কৰি দিছিলা, সেই ঠাইলৈ সি উভতি যাওক। সি আমাৰ লগত যুদ্ধলৈ নাহক, সি যুদ্ধলৈ আহিলে কিজানি আমাৰ শত্ৰু হ’ব; নহলেনো সি কিহেৰে নিজ প্ৰভুক সন্তুষ্ট কৰিব পাৰিব? এই লোকসকলৰ মূৰেৰে নহয় নে?
আমি কৰেথীয়াসকলৰ নেগেভ অঞ্চলত উপদ্ৰৱ চলাইছলোঁ; যিহূদাৰ অধিকাৰত থকা আৰু কালেবৰ অধিকাৰত নেভেগ অঞ্চলত আক্ৰমণ কৰিছিলোঁ। আমি চিক্লগ জ্ৱলাই দিছিলোঁ।”