Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 বংশা 12:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

22 দিনে দিনে, দায়ূদক সহায় কৰিবৰ বাবে লোকসকল আহি আছিল, যেতিয়ালৈকে তাত ঈশ্বৰৰ সৈন্যদলৰ দৰে এটা মহাসৈন্যদল গঠন নহ’ল।

অধ্যায়টো চাওক কপি কৰক




1 বংশা 12:22
9 পৰস্পৰ সংযোগসমূহ  

চৌলৰ বংশ আৰু দায়ূদৰ বংশৰ মাজত বহুকাল ধৰি যুদ্ধ হ’ল৷ দায়ুদ ক্ৰমে বলৱান হৈ উঠিল, কিন্তু চৌলৰ বংশ হ’লে ক্ৰমে শক্তিহীন হৈ আহিল।


তথাপি ধাৰ্মিকে নিজ পথত চলি থাকিব; যাৰ হাত শুচি, তাৰ বল ক্ৰমে ক্ৰমে বাঢ়ি থাকিব।


তেতিয়া তেওঁ ক’লে, “মই কোনো পক্ষৰে নহও; মই যিহোৱাৰ সৈন্য-বাহিনীৰ সেনাপতি৷ এতিয়া মই আহিলোঁ।” তেতিয়া যিহোচূৱাই মাটিলৈ মূৰ দোৱাই প্ৰণিপাত কৰি তেওঁক ক’লে, “মোৰ প্ৰভুৱে তেওঁৰ দাসক কি আজ্ঞা দিয়ে?”


তেওঁলোকক দেখি যাকোবে ক’লে, “এইয়া ঈশ্বৰৰ শিবিৰ।” সেই কাৰণে তেওঁ সেই ঠাইৰ নাম মহনয়িম ৰাখিলে।


হে যিহোৱাৰ সকলো দূত, তেওঁৰ প্ৰশংসা কৰা; হে যিহোৱাৰ সকলো বাহিনী, তেওঁৰ প্ৰশংসা কৰা!


যিৰীহোৰ ওচৰত থকা সময়ত যিহোচূৱাই চকু তুলি চাই দেখিলে যে, তেওঁৰ সন্মুখত এজন পুৰুষ থিয় হৈ আছে আৰু সেই পুৰুষৰ হাতত আছে এখন ফাঁকৰ পৰা উলিওৱা তৰোৱাল; তেতিয়া যিহোচূৱাই তেওঁৰ ওচৰলৈ গৈ সুধিলে, “তুমি আমাৰ পক্ষৰ, নে আমাৰ শত্ৰুবোৰৰ পক্ষৰ?”


এই হেতুকে তুমি আৰু তোমাৰ লগত অহা তোমাৰ প্ৰভুৰ দাস সকলে ৰাতিপুৱাই উঠিবা আৰু পোহৰ হ’লেই প্ৰস্থান কৰিবা।”


তৃতীয় দিনা দায়ুদ আৰু তেওঁৰ লোকসকল চিক্লগ আহি পালে; তাতে তেওঁলোকে দেখিলে যে, অমালেকীয়াসকলে আহি চিক্লগ আৰু নেগেভত উপদ্ৰৱ কৰিছে, আৰু চিক্লগত সোমাই আক্ৰমণ কৰি, জুইৰে পুৰিছে;


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন