তেওঁ ঈচবোচতক গিলিয়দৰ, অচুৰীয়াসকলৰ, যিজ্ৰিয়েলৰ, ইফ্ৰয়িমৰ, বিন্যামীনৰ আৰু গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে।
1 চমূ 29:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পাছত পলেষ্টীয়াসকলে নিজৰ সৈন্যসামন্তক অফেকত একগোট কৰিলে, তেতিয়া ইস্ৰায়েলৰ লোকসকলে যিজ্ৰিয়েলত থকা ভুমুকৰ ওচৰত ছাউনি পাতিলে। |
তেওঁ ঈচবোচতক গিলিয়দৰ, অচুৰীয়াসকলৰ, যিজ্ৰিয়েলৰ, ইফ্ৰয়িমৰ, বিন্যামীনৰ আৰু গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে।
পাছত যেতিয়া দায়ূদক ইস্ৰায়েলৰ ওপৰত ৰজা অভিষেক কৰা সম্বাদ পালে, তেতিয়া আটাই পলেষ্টীয়াসকলে দায়ূদক বিচাৰিবলৈ উঠি আহিল। দায়ূদে তাকে শুনি দুৰ্গলৈ নামি গ’ল।
কিন্তু অৱশিষ্টসকল অফেকলৈ পলাই নগৰত সোমাল আৰু তাতে সেই নগৰৰ গড় সেই অৱশিষ্ট থকা সাতাইশ হাজাৰ লোকৰ ওপৰত পৰিল। বিন-হদদ নগৰৰ ভিতৰলৈ পলাই গৈ এটা ভিতৰ কোঁঠালিত সোমাল।
তাৰ পাছত এনে ঘটনা ঘটিল যে, যিজ্ৰিয়েলীয়া নাবোতৰ এখন দ্ৰাক্ষাবাৰী আছিল; আৰু সেই দ্রাক্ষাবাৰী যিজ্ৰিয়েলত চমৰিয়াৰ ৰজা আহাবৰ ৰাজ গৃহৰ ওচৰতে আছিল।
তাৰ পাছত যেহূ যিজ্ৰিয়েললৈ গ’ল। ঈজেবলে এই বাতৰি পাই চকুত কাজল লগালে আৰু কেশ-বিন্যাসেৰে নিজক শোভিত কৰি খিড়িকিয়েদি চালে।
সেয়ে তেওঁলোকে উভটি গৈ যেহূক এই বাতৰি দিলে; তাতে তেওঁ ক’লে, “যিহোৱাই তেওঁৰ দাস তিচবীয়া এলিয়াৰ দ্বাৰাই ঠিক এই কথাই কৈছিল যে, ‘যিজ্ৰিয়েলৰ মাটিত কুকুৰবোৰে ঈজেবলৰ মঙহ খাব,
তাতে যোচেফৰ সন্তান সকলে ক’লে, “পৰ্ব্বতীয়া দেশটোৱে আমাৰ বাবে যথেষ্ট নহয় আৰু উপত্যকাত থকা সকলো কনানীয়াসকলৰ আৰু তেওঁলোকৰ সৈতে বৈৎ-চান আৰু যিজ্ৰিয়েলৰ উপত্যকাত বাস কৰা লোকসকলৰ লোহাৰ ৰথ আছে৷”
পাছত সকলো মিদিয়োনীয়া, অমালেকীয়া, আৰু পুব দেশৰ লোকসকল একগোট হ’ল আৰু যর্দ্দন নদী পাৰ হৈ যিজ্ৰিয়েল উপত্যকাত ছাউনি পাতিলে।
যিৰুব্বাল অর্থাৎ গিদিয়োন আৰু তেওঁৰ লগত থকা সকলোৱে ৰাতিপুৱাতে উঠি হেৰোদ এলেকাৰ জুৰিৰ ওচৰত ছাউনি পাতিলে; তেওঁলোকৰ উত্তৰফালে মোৰি পাহাৰৰ ওচৰৰ উপত্যকা অঞ্চল মিদিয়নৰ আছিল।
তাৰ পাছত চৌল আৰু তেওঁৰ দাস সকলৰ আগত সেইবোৰ আনি দিলে, আৰু তেওঁলোকে সেইবোৰ ভোজন কৰিলে। পাছত সেই ৰাতিয়েই তেওঁলোক উঠি গুচি গ’ল।
পলেষ্টীয়াসকল নিজৰ মাজত গোট খালে আৰু তেওঁলোকে আহি চুনেমত ছাউনি পাতিলে; আৰু চৌলেও আটাই ইস্ৰায়েলী লোকক গোট খুৱালে আৰু গিলবোৱাত ছাউনি পাতিলে।
সেই সময়ত ইস্ৰায়েলে যুদ্ধৰ অৰ্থে পলেষ্টীয়াসকলৰ বিৰুদ্ধে ওলাই গৈ এবেন-এজৰৰ ওচৰত ছাউনি পাতিলে, আৰু পলেষ্টীয়াসকলে অফেকত ছাউনি পাতিলে।