30 তাৰ পাছত যেহূ যিজ্ৰিয়েললৈ গ’ল। ঈজেবলে এই বাতৰি পাই চকুত কাজল লগালে আৰু কেশ-বিন্যাসেৰে নিজক শোভিত কৰি খিড়িকিয়েদি চালে।
পাছত জিম্ৰীৰ নামেৰে তেওঁৰ এজন দাসে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে। তেওঁ ৰজা এলাৰ ৰথৰ সৈন্যৰ আধা লোকৰ অধ্যক্ষ আছিল৷
আৰু যিহোৱাই ঈজেবলৰ বিষয়েও কৈছে বোলে, ‘যিজ্ৰিয়েলৰ গড়ৰ কাষত ঈজেবলক কুকুৰবোৰে খাব।’
তুমি তোমাৰ অন্তৰেৰে তেওঁৰ সৌন্দৰ্যত মোহ নাযাবা, আৰু তেওঁক তেওঁৰ চকুৰে তোমাক মোহিত কৰিব নিদিবা।
আৰু সেই ঠাইত এগৰাকী মহিলাই তেওঁক ল’গ পালে, বেশ্যাৰ দৰে তাইৰ পোচাক, আৰু তাই জানিছিল তাই তাত কিয় আছিল।
এতেকে তোমালোক নিশ্চয়ে ধ্বংশ হ’বা, হে বিনষ্টা, তেতিয়া তোমালোকে কি কৰিবা? যদিও তুমি কাপোৰ পিন্ধা, সোণৰ অলঙ্কাৰেৰে নিজকে ভুষিত কৰা আৰু কাজলেৰে চকু দুটা ডাঙৰ কৰা, তথাপিও তুমি নিজকে সুন্দৰী কৰা বৃথা; উপপতিবোৰে তোমাক ঘৃণাব, তেওঁলোকে তোমাৰ প্ৰাণ নষ্ট কৰিবলৈ বিচাৰিব।
তোমালোক দূৰৰ পৰা মানুহক আহিবলৈ মাতিলা, যিসকললৈ এজন দূত পঠোৱা হৈছিল - আৰু চোৱা! তেওঁলোক সঁচাকৈ আহিল; যিসকলৰ কাৰণে তুমি গা ধুলা, তোমাৰ চকুত কাজল দিলা আৰু অলঙ্কাৰেৰে নিজকে বিভূষিতা কৰিলা।
তুমি নিৰৱে হুমুনিয়াহ পেলাবা। মৃত লোকৰ বাবে শোক নকৰিবা। তোমাৰ মূৰত পাগুৰি বান্ধা আৰু ভৰিত জোতা পিন্ধা, তোমাৰ মুখমণ্ডল নাঢাকিবা আৰু পত্নীসকলক হেৰোৱাই শোক কৰা লোকসকলে দিয়া পিঠা নাখাবা।”
কেশ-বেশ আৰু সোণৰ অলঙ্কাৰ পিন্ধা বা নানা বস্ত্ৰ পৰিধান; এনে বাহ্যিক ভূষণ আপোনালোকৰ নহওক।
পাছত পলেষ্টীয়াসকলে নিজৰ সৈন্যসামন্তক অফেকত একগোট কৰিলে, তেতিয়া ইস্ৰায়েলৰ লোকসকলে যিজ্ৰিয়েলত থকা ভুমুকৰ ওচৰত ছাউনি পাতিলে।