1 চমূ 25:37 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ৰাতিপুৱা নাবলৰ দ্ৰাক্ষাৰসৰ নিচা শেষ হৈ যোৱাৰ পাছত তেওঁৰ ভাৰ্যাই তেওঁৰ আগত সেই সকলো কথা ক’লে, তেতিয়া তেওঁৰ অন্তৰ ঠৰ হৈ গ’ল আৰু তেওঁৰ হৃদয় শিলৰ দৰে হ’ল। |
বেলি উদয় হোৱাৰ আগেয়ে মই যদি তেওঁৰ বংশৰ মাজৰ এজন মানুহকো জিৱিত ৰাখোঁ, তেনেহলে ঈশ্বৰে দায়ূদৰ শত্ৰুবোৰলৈ এনেকৈ আৰু তাতকৈ অধিক দণ্ড দিয়ক।
কাৰণ সঁচাকৈয়ে, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ জীৱনৰ শপত, তেওঁ তোমাক আঘাত কৰিবলৈ মোক বাধা কৰিলে, তুমি মোক ল’গ কৰিবলৈ শীঘ্ৰে নহা হ’লে, নিশ্চয়ে নাবলৰ সম্পৰ্কীয়সকলৰ মাজৰ সৰু ল’ৰা এজনো ৰাতি পুৱালৈ অৱশিষ্ট নাথাকিলেহেঁতেন।”
তাৰ পাছত অবীগল নাবলৰ ওচৰলৈ আহিল; আৰু চালে, যে নাবল ৰজাৰ ভোজনৰ দৰে তেওঁৰ ঘৰত ভোজ পাতিছে, আৰু তেওঁ অতিশয় মাতাল হৈ আছিলা আৰু তেওঁৰ মন প্ৰফুল্লিত হৈ আছিল; এই হেতুকে অবীগলে ৰাতিপুৱা নোহোৱালৈকে সেই বিষয়ৰ একোকে তেওঁৰ আগত নক’লে।