Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




দ্বি.বি. 28:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

28 যিহোৱাই পাগলামি, অন্ধতা আৰু চিন্তাশক্তি নষ্ট কৰি আপোনালোকক অধিক কষ্ট দিব।

অধ্যায়টো চাওক কপি কৰক




দ্বি.বি. 28:28
16 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত লোটৰ অতিথিসকলে ঘৰৰ দুৱাৰৰ বাহিৰত থকা সৰু বৰ সকলো মানুহকে আঘাত কৰি কণা কৰিলে; তাতে সেই মানুহবোৰে দুৱাৰ বিচাৰি বিচাৰি হাবাথুৰি খালে।


তুমি তোমাৰ প্ৰজাসকলক নির্দিষ্ট কিছুমান কঠোৰ কষ্ট ভোগ কৰিবলৈ দিলা; তুমি আমাক ঢলংপলং কৰাওঁতা দ্ৰাক্ষাৰসো খাবলৈ দিলা;


চোৱা, মই এক নতুন কাৰ্য কৰিবলৈ উদ্যত; সেয়ে এতিয়া ঘটিব; তোমালোকে জানো তাক নাজানিবা? মই অৰণ্যৰ মাজত পথ, আৰু মৰুভূমিৰ মাজত নদীবোৰ উৎপন্ন কৰিম।


যিহোৱাই ঘোষণা কৰিছে যে, যেতিয়া তেওঁ শাস্তি দিয়ে, সেই কালত ৰজাৰ মন আৰু অধ্যক্ষসকলৰ মন ব্যাকুল হব, পুৰোহিতসকলে বিস্ময় মানিব, আৰু ভাববাদীসকল আতংকিত হ’ব।


সিহঁতে অন্ধ লোকসকলৰ দৰে আলিত ভ্ৰমণ কৰিছিল। সিহঁত তেজেৰে এনেকৈ অশুচি হৈছিল, যে, লোকসকলে সিহঁতৰ কাপোৰ চুব নোৱাৰিছিল।


তেওঁলোকে সাৱধানেৰে জুখি জুখি পিঠা খাব আৰু আচৰিত হৈ জুখি জুখি পানী পান কৰিব।


‘হে হেয়জ্ঞানকাৰী সকল, তোমালোকে চোৱা, বিস্ময় মানা, আৰু অন্তৰ্হিত হোৱা; এনে কৰ্ম মই তোমালোকৰ দিনত কৰিম, কিয়নো যি কৰ্মৰ বিৱৰণ কোনোৱে তোমালোকক কলেও, তোমালোকে সেই বিৱৰণ কোনোমতে বিশ্বাস নকৰিবা৷’


যিহোৱাই আপোনালোকক মিচৰীয় বিহ ফোঁহোৰা, খহু, ফাপৰ, আৰু খজুলি এনেবোৰ সুস্থ কৰিব নোৱাৰা ৰোগেৰে আক্রান্ত কৰিব।


অন্ধই যেনেকৈ আন্ধাৰত খপিয়াই ফুৰে, তেনেকৈ আপোনালোকে দিন-দুপৰতে খপিয়াই ফুৰিব; আপোনালোকৰ কোনো কাৰ্যই সফল নহব; আপোনালোকৰ ওপৰত সদায় কেৱল উপদ্ৰৱ আৰু লুটপাত হ’ব আৰু আপোনালোকক ৰক্ষা কৰিবলৈ কোনো নাথাকিব।


মই আপোনালোকৰ আগত আশীৰ্ব্বাদ আৰু শাওৰ বিষয়ে যি যি কথা কলোঁ, সেইবোৰ আপোনালোকৰ ওপৰলৈ আহিব। তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি সকলো জাতিবোৰৰ মাজত আপোনালোকক উলিয়াই পঠিয়াব, সেই জাতিবোৰৰ মাজত থাকোতে এইবোৰ কথা আপোনালোকে সোঁৱৰণ কৰিব।


তাৰ পাছত যিহোচূৱাই ব্যৱস্থা-পুস্তকৰ প্ৰতিটো কথা পাঠ কৰি শুনালে। তেওঁ সকলো আশীৰ্ব্বাদ আৰু অভিশাপ ব্যৱস্থা-পুস্তকত যেনেদৰে লিখা আছিল, ঠিক তেনেদৰেই পাঠ কৰি শুনালে।


তাৰ পাছত যিহোৱাৰ আত্মা চৌলৰ পৰা আঁতৰি গ’ল আৰু তাৰ পৰিবৰ্তে যিহোৱাৰ পৰা অহা এক অনিষ্ট কাৰক আত্মাই আহি তেওঁক ব্যাকুল কৰিবলৈ ধৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন