1 চমূ 20:30 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া যোনাথনলৈ চৌলৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ যোনাথনক ক’লে, “হেৰ’ বিপথগামীনী আৰু বিদ্ৰোহীনী তিৰোতাৰ পুতেক, তই তোৰ লাজ, আৰু তোৰ মাৰক বিবস্ত্ৰ কৰাৰ লাজ প্ৰকাশ কৰিবলৈ যে যিচয়ৰ পুতেকক মনোনীত কৰিলি, তাক জানো মই নাজানো? |
অতি ক্ৰোধী মানুহে দণ্ড পোৱা উচিত; যদি তুমি তেওঁক মুক্ত কৰা, তেনেহলে তুমি দ্বিতীয় বাৰৰ বাবেও কৰিব লাগিব।
গধুৰ শিল, আৰু বালিৰ ওজনৰ গুৰুত্ব বিবেচনা কৰা; কিন্তু অজ্ঞানী লোকৰ উত্তেজনা এই দুয়োটাতকৈ গধুৰ।
কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে তেওঁৰ ভায়েকৰ ওপৰত খং কৰে, তেওঁ সোধ-বিচাৰত দণ্ডৰ পাত্ৰ হ’ব আৰু যি কোনোৱে তেওঁৰ ভায়েকক ‘তুমি অপদার্থ’ এইদৰে কয়, তেওঁ মহাসভাত দণ্ডৰ পাত্ৰ হ’ব আৰু যি কোনোৱে নিজ ভাইক ‘তুমি অবাধ্য’ বুলি কয়, তেওঁ অগ্নিময় নৰকৰ দণ্ডৰ পাত্ৰ হ’ব।
সকলো কটুবাক্য, খং, ক্ৰোধ, দ্বন্দ-কাজিয়া, নিন্দা আটাই হিংসাৰে সৈতে এই সকলো আপোনালোকৰ পৰা দূৰ হওক।
হে পিতৃ সকল, আপোনালোকে নিজ নিজ সন্তান সকলৰ খং নোতোলোব; কিন্তু প্ৰভুৰ শিক্ষা আৰু অনুশাসনত তেওঁলোকক প্ৰতিপালন কৰক।
আৰু মোক ক’লে, ‘মই মিনতি কৰিছোঁ, মোক যাবলৈ দিয়া; কিয়নো নগৰত আমাৰ গোষ্ঠীৰ এক যজ্ঞ হ’ব, আৰু মোৰ ককায়ে মোক তাত উপস্থিত হ’বলৈ আজ্ঞা কৰিছে; এই হেতুকে মই যদি তোমাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেন্তে বিনয় কৰোঁ, মোক যাবলৈ দিয়া; মই গৈ মোৰ ভাইসকলক চাই আহোঁ’। এই কাৰণে তেওঁ মহাৰাজৰ মেজলৈ আহিব পৰা নাই’।”
কিন্তু যিচয়ৰ পুতেক যেতিয়ালৈকে পৃথিবীত জীয়াই থাকিব, তেতিয়ালৈকে তই থিৰে থাকিব নোৱাৰিবি, আৰু তোৰ ৰজাও থিৰে নাথাকিব; এই হেতুকে এতিয়া মানুহ পঠাই তাক মোৰ আগলৈ আন; কিয়নো সি মৰিবই লাগিব”;