অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




1 চমূ 18:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

সেই সময় উকলি যোৱাৰ পূৰ্বে, দায়ূদে লোকসকলৰ সৈতে গ’ল, আৰু পলেষ্টীয়াসকলৰ দুশ জনক বধ কৰিলে। ৰজাৰ জোঁৱাই হ’বৰ কাৰণে তেওঁ সম্পূৰ্ণ দুশ জনৰ লিঙ্গাগ্ৰ-চৰ্ম্ম আনি ৰজাক দিলে। তাতে চৌলে তেওঁৰ লগত নিজ জীয়েক মীখলক বিয়া দিলে।

অধ্যায়টো চাওক



1 চমূ 18:27
8 পৰস্পৰ সংযোগসমূহ  

দায়ূদে ক’লে, বাৰু, মই তোমাৰ লগত এটি চুক্তি কৰিম, কেৱল এটি বিষয় মই তোমাৰ পৰা বিচাৰো যে যেতিয়া তুমি মোক দেখা কৰিবলৈ আহিবা, তেতিয়া প্ৰথমে চৌলৰ জীয়েক মীখলক নানিলে, মোক দেখা নাপাবা।


তেতিয়া দায়ূদে চৌলৰ পুত্ৰ ঈচ্‌বোচতৰ ওচৰলৈ দূত পঠিয়াই কোৱালে, বোলে, “যাক মোলৈ বাগ্দান কৰা হ’ল, মোৰ সেই মীখলক মোক দিয়া, যাৰ বাবে মই পলেষ্টীয়াসকলৰ এশ লিঙ্গাগ্ৰ- চৰ্ম্ম দিলোঁ।”


পাছত যিহোৱাৰ আত্মা তেওঁৰ ওপৰত স্থিতি হোৱাত তেওঁ অস্কিলোনলৈ নামি গল আৰু সেই ঠাইৰ ত্ৰিশজন মানুহক বধ কৰি সিহঁতৰ কাপোৰ সোলোকাই আনি সেই কাপোৰেৰে এযোৰ এযোৰ সাঁথৰৰ অৰ্থ কোৱাবোৰক দিলে; আৰু খঙত জ্বলি উঠি নিজৰ বাপেকৰ ঘৰলৈ গুচি গ’ল।


চৌলৰ পুত্ৰসকলৰ নাম আছিল, যোনাথন, যিচবী, আৰু মল্কীচুৱা। তেওঁৰ দুজনী জীয়েক আছিল; ডাঙৰ জনীৰ নাম মেৰব, আৰু সৰুজনীৰ নাম মীখল।


সেয়ে চৌলে নিজৰ ওচৰৰ পৰা তেওঁক দূৰ কৰিলে আৰু তেওঁক সহস্ৰপতি পাতিলে। এইদৰে লোকসকলৰ আগলৈ দায়ুদ ওলাই গ’ল।


চৌলে দায়ূদক ক’লে, “এয়া মোৰ ডাঙৰ ছোৱালী মেৰব। তোমাৰ ভাৰ্যা হবলৈ মই তাইক দিম। তুমি কেৱল মোৰ পক্ষে সাহিয়াল হোৱা আৰু যিহোৱাৰ বাবে যুদ্ধ কৰা।” কাৰণ চৌলে চিন্তা কৰিলে, “মোৰ হাত তেওঁৰ অহিতে নহওক, কিন্তু পলেষ্টীয়াসকলৰ হাত তেওঁৰ বিৰুদ্ধে হওক।”


চৌলে দেখিলে আৰু বুজিলে যে, যিহোৱা দায়ূদৰ লগত আছিল আৰু তেওঁৰ ছোৱালী মীখলে তেওঁক প্ৰেম কৰিছিল।


কিন্তু চৌলে নিজৰ জীয়েক দায়ূদৰ ভাৰ্যা মীখলক লৈ, গল্লীম নিবাসী লয়িচৰ পুত্র পল্টিক দিছিল।