যেতিয়া দায়ুদ ৰজাই ভিতৰলৈ গৈ যিহোৱাৰ আগত বহি তেওঁ ক’লে, “হে প্ৰভু যিহোৱা, মইনো কোন, মোৰ বংশই বা কি, যে, তুমি মোক ইমান ওখ খাপলৈ আনিছা?
1 চমূ 18:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 দায়ূদে চৌলক ক’লে, “মই কোন, আৰু মোৰ জীৱন কি বা ইস্ৰায়েলৰ মাজত মোৰ পিতৃ-বংশ বা কি যে, মই মহাৰাজৰ জোঁৱাই হ’ব লাগে?” |
যেতিয়া দায়ুদ ৰজাই ভিতৰলৈ গৈ যিহোৱাৰ আগত বহি তেওঁ ক’লে, “হে প্ৰভু যিহোৱা, মইনো কোন, মোৰ বংশই বা কি, যে, তুমি মোক ইমান ওখ খাপলৈ আনিছা?
কিন্তু মোচিয়ে ঈশ্বৰক ক’লে, “মইনো কোন যে, ফৰৌণৰ ওচৰলৈ গৈ ইস্ৰায়েলী লোকসকলক মিচৰৰ পৰা উলিয়াই আনিম?”
তেতিয়া মই ক’লোঁ, “হায় হায় মোৰ প্ৰভু যিহোৱা, আপুনি বুজা নাই নে, যে আপোনাৰ কাৰণে কথা কবলৈ মই যোগ্য নহওঁ? কিয়নো মই নিচেই ডেকা!”
তেতিয়া তেওঁ তললৈ মুখ কৰি মাটিত পৰি প্ৰণিপাত কৰিলে আৰু তেওঁক ক’লে, “মই বিদেশীনী হোৱা স্বত্তেও কিয় আপুনি মোক কৃপাদৃষ্টি কৰিছে, আৰু কিয় মই আপোনাৰ এই অনুগ্ৰহ লাভ কৰিছোঁ।”
সেয়ে চৌলৰ দাসবোৰে এইসকলো কথা দায়ূদৰ আগত ক’লে, আৰু দায়ূদে ক’লে, “ৰজাৰ জোঁৱাই হোৱা সাধাৰণ কথা বুলি তোমালোকে ভাবিছা নে মই দুখীয়া আৰু সামান্যভাৱে সন্মানীয় মানুহ?”
চৌলে উত্তৰ দি ক’লে, “ইস্ৰায়েলৰ সকলোতকৈ সৰু ফৈদ বিন্যামীন ফৈদৰ মই নহয় নে? আৰু বিন্যামীন ফৈদৰ আটাই গোষ্ঠীবিলাকৰ মাজত মোৰ গোষ্ঠী সকলোতকৈ সৰু নহয় নে? তেনেহ’লে আপুনি মোৰ আগত এই দৰে কিয় কৈছে?”