Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 চমূ 9:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 চৌলে উত্তৰ দি ক’লে, “ইস্ৰায়েলৰ সকলোতকৈ সৰু ফৈদ বিন্যামীন ফৈদৰ মই নহয় নে? আৰু বিন্যামীন ফৈদৰ আটাই গোষ্ঠীবিলাকৰ মাজত মোৰ গোষ্ঠী সকলোতকৈ সৰু নহয় নে? তেনেহ’লে আপুনি মোৰ আগত এই দৰে কিয় কৈছে?”

অধ্যায়টো চাওক কপি কৰক




1 চমূ 9:21
13 পৰস্পৰ সংযোগসমূহ  

চমূৱেলে ক’লে, “যদিও তুমি নিজৰ দৃ্ষ্টিত সৰু আছিলা, তথাপি ইস্ৰায়েলৰ ফৈদ সকলৰ মাজত তোমাক মুখ্য কৰা নহ’ল নে?” আৰু যিহোৱাই তোমাক ইস্ৰায়েলৰ ওপৰত ৰজা অভিষেক কৰিলে।


ঈশ্বৰৰ পবিত্ৰ লোক সকলৰ মাজত মই অতি নগণ্যতকৈও নগণ্য; তথাপি ঈশ্বৰে মোক এই বৰ দান কৰিলে, যাতে মই খ্রীষ্টত থকা ধাৰণাতীত সম্পদৰ শুভবার্তা অনা-ইহুদী সকলৰ ওচৰলৈ গৈ ঘোষণা কৰোঁ;


কিয়নো যি কোনোৱে নিজকে বৰ বুলি মানে, তেওঁক সৰু কৰা হ’ব; আৰু যি কোনোৱে নিজকে সৰু বুলি মানে, তেওঁক বৰ কৰা হ’ব।


তেওঁলোকৰ মাজৰ সকলোতকৈ সৰু বিন্যামীন, যাৰ হাতত ৰাজদণ্ড আছে, সৌৱা, তেওঁৰ বংশ গৈছে; সৌৱা যিহূদাৰ নেতাসকল আৰু তেওঁলোকৰ মন্ত্ৰীসকল, সৌৱা জবূলূনৰ নেতাসকল আৰু নপ্তালীৰ নেতাসকল তাত আছে।


ইফ্ৰয়িমে কথা ক’লে, লোকসকল কঁপে; ইস্ৰায়েলৰ ফৈদ সমূহৰ মাজত তেওঁ মহান হৈছিল। কিন্তু বাল দেৱতাৰ সেৱা উপসনা কৰাৰ দোষত দোষী হৈ তেওঁ মৰিল।


সেয়ে চৌলৰ দাসবোৰে এইসকলো কথা দায়ূদৰ আগত ক’লে, আৰু দায়ূদে ক’লে, “ৰজাৰ জোঁৱাই হোৱা সাধাৰণ কথা বুলি তোমালোকে ভাবিছা নে মই দুখীয়া আৰু সামান্যভাৱে সন্মানীয় মানুহ?”


দায়ূদে চৌলক ক’লে, “মই কোন, আৰু মোৰ জীৱন কি বা ইস্ৰায়েলৰ মাজত মোৰ পিতৃ-বংশ বা কি যে, মই মহাৰাজৰ জোঁৱাই হ’ব লাগে?”


কিন্তু কেইজন মান মূল্যহীন মানুহে ক’লে, “এই পুৰুষে আমাক কেনেকৈ ৰক্ষা কৰিব?” তেওঁলোকে চৌলক হেয়জ্ঞান কৰিলে আৰু তেওঁলৈ কোনো উপহাৰ নানিলে; তথাপি তেওঁ মনে মনে থাকিল।


তাৰ পাছত চমূৱেলে চৌলক আৰু তেওঁৰ দাসক ভোজনৰ কোঁঠালিটোলৈ লৈ গ’ল; আৰু ত্ৰিশ জনমান নিমন্ত্ৰিত অতিথিৰ সৈতে প্ৰধান ঠাইত বহুৱালে।


চৌলৰ পিতৃৰ নাম আছিল, কীচ। আৰু অবনেৰৰ পিতৃৰ নাম নেৰ, তেওঁ অবিয়েলৰ পুত্ৰ আছিল।


হে ঈশ্বৰ, তোমাৰ পৰাক্রমৰ আজ্ঞা দিয়া; হে ঈশ্বৰ, তোমাৰ শক্তি প্রদর্শন কৰা, যেনেকৈ আগেয়ে তুমি আমাৰ পক্ষে কার্য প্রদর্শন কৰিছিলা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন