1 কৰি 4:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মোৰ বিষয়ে আপোনালোকৰ দ্বাৰা বা আন কোনো মানুহৰ বিচাৰ সভাৰ দ্বাৰা যে, মোৰ বিচাৰ হয়, ই মোৰ বাবে অতি সামান্য কথা। কিয়নো মই মোৰ নিজৰেই বিচাৰ নকৰোঁ। |
তেনেহলে তেওঁৰ কর্ম প্রকাশিত হ’ব; কিয়নো সেই দিনৰ পোহৰে তাক প্রকাশ কৰিব। কাৰণ সেইদিন অগ্নিত প্ৰকাশিত হ’ব; তাতে প্ৰতিজনৰ কৰ্ম কেনেকুৱা, অগ্নিয়ে নিজেই তাক পৰীক্ষা কৰিব।
কিয়নো মই মোৰ নিজৰ বিৰুদ্ধে থকা একো অভিযোগৰ বিষয়ে নাজানো। কিন্তু তাৰ অর্থ এয়ে নহয় যে, মই নিৰ্দ্দোষী বুলি প্ৰমাণিত; কাৰণ যি জনে মোৰ সোধ-বিচাৰ কৰে, তেওঁ প্রভু।
কিন্তু যিহোৱাই চমূৱেলক ক’লে, “তুমি তেওঁৰ বাহ্যিকতালৈ বা উচ্চতালৈ দৃষ্টি নকৰিবা; কাৰণ মই তেওঁক অগ্ৰাহ্য কৰিলোঁ। কাৰণ মানুহে যেনেকৈ চাই যিহোৱাই তেনেকৈ নাচায়; কাৰণ মানুহে, যি দেখা পায়, তালৈ চায়, কিন্তু যিহোৱাই মানুহৰ অন্তৰলৈ চায়।”