কিয়নো ঈশ্বৰ গোটই পৃথিবীৰ ৰজা; তোমালোকে তেওঁৰ উদ্দেশ্যে এক বিশেষ উপলব্ধিৰে প্ৰশংসাৰ গান কৰা।
1 কৰি 14:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেনেহলে আমি কি কৰা উচিত? অামি আত্মাৰে প্ৰাৰ্থনা কৰিম নে, মনৰে প্ৰার্থনা কৰিম? আমি আত্মাৰে গীত গাম নে, মনেৰে গীত গাম? |
কিয়নো ঈশ্বৰ গোটই পৃথিবীৰ ৰজা; তোমালোকে তেওঁৰ উদ্দেশ্যে এক বিশেষ উপলব্ধিৰে প্ৰশংসাৰ গান কৰা।
কিয়নো ঈশ্ৱৰ মোৰ সাক্ষ্য, যি জনক মই নিজ আত্মাৰে সৈতে তেওঁৰ পুত্ৰৰ শুভবার্তাৰ সেৱা কৰোঁ আৰু সেই জনৰ ওচৰত মই নিৰন্তৰে আপোনালোকৰ নাম উল্লেখ কৰি,
কিন্তু আমাৰ অধাৰ্মিকতাই যদি ঈশ্বৰৰ ধাৰ্মিকতা প্ৰকাশ কৰে, তেনেহলে আমি কি ক’ম? ক্ৰোধ সফলকাৰী ঈশ্বৰ অধাৰ্মিক নে? মই সাধাৰণ মানুহৰ যুক্তিৰে কৈছোঁ৷
তেতিয়াহলে এইবোৰ কথাত আমি কি ক’ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেনেহলে আমাৰ বিপক্ষ কোন হ’ব পাৰে?
তেনেহলে মই কি কথা কৈছোঁ? দেৱতালৈ উৎসৰ্গ কৰা প্ৰসাদৰ কোনো তাৎপর্য আছে নে? বা মূৰ্তিবোৰৰ কোনো বাস্তবতা আছে?
কিয়নো পৰভাষাৰে যদি প্ৰাৰ্থনা কৰোঁ, তেনেহলে মোৰ আত্মাই প্ৰার্থনা কৰে, কিন্তু মোৰ হৃদয় ফলহীন হয়।
তথাপি মণ্ডলীত পৰভাষাৰে দহ হাজাৰ কথা কোৱাতকৈ, মানুহক শিক্ষা দিবলৈ, বুজি পোৱাকৈ বুদ্ধিৰে পাঁচটা কথা কোৱা ভাল বুলি ভাবো।
এতেকে হে প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকে কি কৰিব? যেতিয়া আপোনালোক এঠাইত গোট খায়, তেতিয়া কোনো জনে গীত, কোনো জনে উপদেশ, কোনো জনে প্ৰকাশিত বাক্য, কোনো জনে পৰভাষা, কোনো জনে তাৰ অৰ্থ ভাঙণি কৰি কথা ক’ব। কিন্তু এই সকলো যেন মণ্ডলী বৃদ্ধি কৰিবলৈ কৰা হয়।
সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰক; আৰু ইয়াৰ কাৰণে পৰ দি, ঈশ্বৰৰ সকলো পবিত্ৰ লোকৰ কাৰণে সম্পূৰ্ণ ধৈৰ্য আৰু নিবেদনত লাগি থাকক।
তাতেই বা কি হ’ল? কপটেৰেই হওক বা সত্যেৰেই হওক, কোনো প্ৰকাৰে খ্ৰীষ্ট প্ৰচাৰিত হৈ আছে; ইয়াতে মই আনন্দহে কৰিছোঁ, আৰু আনন্দ কৰি থাকিম।
খ্ৰীষ্টৰ বাক্যৰ জ্ঞান আপোনালোকৰ সৈতে বাহুল্যৰূপে বাস কৰক। ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি, অনুগ্ৰহৰ কথাত কৃতজ্ঞতাৰে নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰক।
আপোনালোকৰ মাজত কোনোবাই ক্লেশ ভোগ কৰি আছে নে? তেওঁ প্ৰাৰ্থনাত বাধ্য হওক। কোনোবা হৰ্ষিত হৈছে নে? তেওঁ প্ৰশংসাৰ গীত গান কৰক।
কিন্তু, হে প্ৰিয় সকল, আপোনালোকে নিজৰ পৰম পবিত্ৰ বিশ্বাসৰূপ ভিত্তিমূলত নিজক গাঁথি লওঁক আৰু পবিত্ৰ আত্মাত প্ৰাৰ্থনা কৰক;