এই হেতুকে, তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁলোকক বাপ্তাইজ কৰা;
1 কৰি 1:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেনেহলে খ্রীষ্টক ভাগ কৰা হৈছে নেকি? পৌলক জানো আপোনালোকৰ কাৰণে ক্রুচত দিয়া হৈছিল? আপোনালোকে জানো পৌলৰ নামেৰে বাপ্তিস্ম লৈছিল? |
এই হেতুকে, তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁলোকক বাপ্তাইজ কৰা;
লোক সকলে যেতিয়া নিজৰ নিজৰ পাপ সমূহ স্বীকাৰ কৰিলে, তেতিয়া বাপ্তাইজক যোহনে তেওঁলোকক যৰ্দ্দন নদীত বাপ্তিস্ম দিলে।
তেতিয়া তেওঁ যীচু খ্ৰীষ্টৰ নামেৰে তেওঁলোকক বাপ্তাইজিত হবলৈ আজ্ঞা দিলে৷ পাছত সেই ঠাইতে তেওঁলোকক কিছুদিন থাকিবলৈ তেওঁ মিনতি কৰিলে৷
তেতিয়া পিতৰে তেওঁলোকক কলে, “আপোনালোকে পাপ ক্ষমা পাবলৈ অনুতপ্ত হওক আৰু যীচু খ্ৰীষ্টৰ নামেৰে প্ৰতিজনে বাপ্তিস্ম গ্ৰহণ কৰক, তেনে কৰিলেহে আপোনালোকে পবিত্ৰ আত্মা পাব৷
কিয়নো তেতিয়ালৈকে তেওঁলোকৰ ওপৰত পবিত্ৰ আত্মা অহা নাছিল; কেৱল তেওঁলোকক প্ৰভু যীচুৰ নামত বাপ্তিস্মহে দিয়া হৈছিল৷
কিয়নো যি জন যীচুৰ কথা আমি ঘোষণা কৰোঁ, এনে আন কোনো যীচুৰ কথা কোনোৱে যদি আহি ঘোষণা কৰে বা আপোনালোকে যি আত্মা পোৱা নাই এনে অন্যবিধ আত্মাও যদি পোৱা নাইবা যি শুভবাৰ্তা আপোনালোকে গ্ৰহণ কৰা নাই, এনে অন্যবিধ শুভবাৰ্তাও যদি গ্ৰহণ কৰে, তেনেহলে আপোনালোকে সেয়া ভালকৈ সহন কৰক৷
আচলতে কোনো অন্য শুভবাৰ্তা নাই। কিন্তু কিছুমান লোক আছে, যি সকলে আপোনালোকক বিভ্রান্ত কৰে আৰু খ্ৰীষ্টৰ শুভবাৰ্তা বিকৃত কৰিবলৈ বিচাৰে।
আমাক সকলো অধৰ্মৰ পৰা মুক্ত আৰু শুচি কৰিবলৈ যীচুৱে নিজকে উৎসর্গ কৰিলে, যাতে আমি মূল্যৱান ব্যক্তি সকলৰ দৰে সকলো সৎকর্মত উদ্যোগী হওঁ।