5 এই কথা শুনি তেওঁলোকে প্ৰভু যীচুৰ নামেৰে বাপ্তাইজিত হ’ল।
তেতিয়া তেওঁ যীচু খ্ৰীষ্টৰ নামেৰে তেওঁলোকক বাপ্তাইজিত হবলৈ আজ্ঞা দিলে৷ পাছত সেই ঠাইতে তেওঁলোকক কিছুদিন থাকিবলৈ তেওঁ মিনতি কৰিলে৷
তেতিয়া পিতৰে তেওঁলোকক কলে, “আপোনালোকে পাপ ক্ষমা পাবলৈ অনুতপ্ত হওক আৰু যীচু খ্ৰীষ্টৰ নামেৰে প্ৰতিজনে বাপ্তিস্ম গ্ৰহণ কৰক, তেনে কৰিলেহে আপোনালোকে পবিত্ৰ আত্মা পাব৷
কিন্তু ফিলিপে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা ঘোষণা কৰাত তেওঁলোকে বিশ্বাস কৰিলে আৰু বিশ্বাস কৰা সকলো পুৰুষ আৰু মহিলাক যীচু খ্ৰীষ্টৰ নামত বাপ্তিস্ম দিয়া হ’ল।
কিয়নো তেতিয়ালৈকে তেওঁলোকৰ ওপৰত পবিত্ৰ আত্মা অহা নাছিল; কেৱল তেওঁলোকক প্ৰভু যীচুৰ নামত বাপ্তিস্মহে দিয়া হৈছিল৷
মোচিৰ অনুকাৰী আৰু সমর্পিত হোৱাত সকলোৱে মেঘ আৰু সাগৰত বাপ্তাইজিত হ’ল৷