তোমাৰ দৈনন্দিন জীৱনত বিশ্বাস ৰাখিবা। ঈশ্বৰ আমাৰ বিশ্বাসত সন্তুষ্ট হয়। বিশ্বাস অবিহনে তেওঁক সন্তুষ্ট কৰা অসম্ভৱ। ঘটনা ঘটিবলৈ আগতেই আমি বিশ্বাস কৰোঁ আৰু তাৰ পিছতহে সেইবোৰ ঘটে।
এজন খ্ৰীষ্টানৰ জীৱন বিশ্বাসৰ দ্বাৰা চালিত হয়। সেইয়া আমাৰ দৈনন্দিন প্ৰেৰণা হোৱা উচিত। ঈশ্বৰ আৰু তেওঁৰ বাক্যৰ দ্বাৰা দিয়া সকলো আশ্চৰ্যজনক প্ৰতিশ্ৰুতিবোৰত বিশ্বাস কৰা।
তুমি যি বিচাৰিছা সেয়া তুমি পাবা বুলি বিশ্বাস কৰিবলৈ মই তোমাক উৎসাহিত কৰোঁ। বিশ্বাসৰ দ্বাৰা তুমি মহান কাম সম্পন্ন কৰিব পাৰিবা। প্ৰতিদিনে তোমাৰ বিশ্বাস বৃদ্ধি কৰা। দিনে দিনে ইয়াক বাঢ়িবলৈ দিয়া আৰু তোমাৰ জীৱন ন্যায়পৰায়ণ আৰু পুনৰুদ্ধাৰকাৰী হ'ব। প্ৰতিদিনে বাইবেল পঢ়া আৰু ইয়াৰ দ্বাৰা তোমাৰ বিশ্বাস বৃদ্ধি কৰা।
বিশ্বাস ইমানেই শক্তিশালী যে যীচু খ্ৰীষ্টই কৈছিল যে যদি তোমাৰ সৰিয়হৰ দানাৰ সমান বিশ্বাস থাকে, তুমি পাহাৰক ক'ব পাৰিবা স্থানান্তৰিত হ'বলৈ আৰু সেইবোৰ স্থানান্তৰিত হ'ব। দেখা নাপালেও বিশ্বাসেৰে চলা শিকা। তুমি যি বিচাৰিছা সেয়া তুমি পাবা বুলি নিশ্চিত হোৱা। যদি তুমি বিশ্বাস কৰা, তুমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনাত যি বিচাৰিছা সেয়া তুমি পাবা।
প্ৰকৃততে, বিশ্বাস অবিহনে ঈশ্বৰক সন্তুষ্ট কৰা অসম্ভৱ, কিয়নো যি কোনোৱে ঈশ্বৰৰ ওচৰ চাপে তেওঁক বিশ্বাস কৰিব লাগিব যে তেওঁ আছে আৰু তেওঁক বিচাৰি পোৱা সকলক পুৰস্কাৰ দিয়ে (হিব্ৰু ১১:৬)।
যি ইহুদী সকলে তেওঁক বিশ্বাস কৰিলে, যীচুৱে তেওঁলোকক ক’লে, “মোৰ বাক্যতে যদি আপোনালোক থাকে, তেনেহলে সঁচাকৈয়ে আপোনালোক মোৰ শিষ্য;
আৰু আপোনালোকে সত্যক জানিব আৰু সেই সত্যই আপোনালোকক মুক্ত কৰিব।”
হে মোৰ পুত্র, মোৰ বাক্যলৈ মনোযোগ দিয়া, মই কোৱা কথা শুনা।
সেইবোৰ তোমাৰ দৃষ্টিৰ পৰা দূৰ হব নিদিবা; সেইবোৰ তোমাৰ হৃদয়ত বান্ধি ৰাখা।
খ্ৰীষ্টৰ বাক্যৰ জ্ঞান আপোনালোকৰ সৈতে বাহুল্যৰূপে বাস কৰক। ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি, অনুগ্ৰহৰ কথাত কৃতজ্ঞতাৰে নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰক।
ঈশ্বৰৰ পথ হ’লে সিদ্ধ৷ যিহোৱাৰ বাক্য নিভাঁজ৷ তেওঁ প্ৰত্যেক লোকৰ ঢালস্বৰূপ; যি জন তেওঁত থাকে, তেওঁ তাৰ আশ্ৰয়স্থান।
কিয়নো আপোনালোক ক্ষয়ণীয় বীজৰ পৰা নহয়, অক্ষয় বীজৰ পৰা, ঈশ্বৰৰ জীৱনময় আৰু চিৰকাল স্থায়ী যি বাক্য, সেই বাক্যৰ দ্বাৰাই নতুন জন্ম পোৱা হৈছে।
যিহোৱাৰ ব্যৱস্থা সিদ্ধ, সেয়ে মানুহৰ প্ৰাণক জগাই তোলে; যিহোৱাৰ বাক্য বিশ্বাসযোগ্য, সেয়ে সাধাৰণ লোকক জ্ঞান দান কৰে।
এই হেতুকে তুমি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: মোৰ বাক্য কোনোটোৱেই ফলিয়াবলৈ পলম নহ’ব; কিন্তু মই যি বাক্য ক’ম, সেয়ে সিদ্ধ হ’ব।’ এয়ে প্ৰভু যিহোৱাৰ বচন!”
কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, স্বৰ্গ আৰু পৃথিৱী লুপ্ত নহয় মানে আৰু সকলো সিদ্ধ নোহোৱালৈকে, বিধানৰ এটি ইকাৰ বা এক বিন্দুও কোনোৰূপে লুপ্ত নহব।
এই বিধান-পুস্তক খনৰ কথা তোমাৰ মুখৰ পৰা কেতিয়াও আঁতৰি নাযাওঁক; কিন্তু ইয়াতে থকা আটাইখিনি কথাকে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ তুমি দিনে-ৰাতিয়ে ইয়াক ধ্যান কৰা; কিয়নো ইয়াকে কৰিলে তোমাৰ শুভগতি হ’ব আৰু তুমি কৃতকাৰ্য্য হ’বা।
মই আপোনালোকক যি আজ্ঞা দিছো তাৰ লগত একো যোগ নিদিব আৰু তাৰ পৰা একো বাদ নিদিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি সকলো আজ্ঞা মই আপোনালোকক দিছো, সেইবোৰ আপোনালোকে মানি চলিব।
যিহোৱাৰ প্রতিজ্ঞাবোৰ বিশুদ্ধ। সেইবোৰ যেন মাটিত বহোৱা এক অগ্নিশালত শোধন কৰা ৰূপ; সাতবাৰকৈ বিশুদ্ধ কৰা ৰূপ।
তোমালোক যদি মোত থাকা আৰু মোৰ শিক্ষাও যদি তোমালোকত থাকে, তেনেহ’লে যি ইচ্ছা কৰা, তাকে খোজা, সেয়াই তোমালোকলৈ কৰা হব।
সেয়ে মোৰ মুখৰ পৰা ওলোৱা বাক্যও সেই দৰে ওলায় যায়: সেয়ে ফলপ্রদ নোহোৱাকৈ মোলৈ ঘুৰি নাহিব, কিন্তু মই ইচ্ছা কৰাৰ দৰেই সম্পন্ন কৰিব, আৰু যিহৰ বাবে ইয়াক পঠাওঁ, সেই বিষয়ত সফল হ’ব।
মই তোমাৰ বাক্যবোৰ পোৱা মাত্ৰকে অতি আগ্ৰহেৰে গ্ৰহণ কৰিলোঁ, আৰু তোমাৰ বাক্যবোৰ মোৰ পক্ষে মোৰ মনৰ আনন্দ আৰু উল্লাসজনক হল, কিয়নো হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, মই তোমাৰ নামেৰে প্ৰখ্যাত।
তোমাৰ প্রতিজ্ঞা উত্তম বুলি প্রমাণিত হৈছে; সেয়ে তোমাৰ দাসে তাক ভাল পায়।
যদিও মই সামান্য আৰু তুচ্ছ, তথাপিও মই তোমাৰ আদেশবোৰ পাহৰা নাই।
তোমাৰ ধাৰ্মিকতা চিৰস্থায়ী ধাৰ্মিকতা আৰু তোমাৰ সকলো ব্যৱস্থা সত্য।
সঙ্কট আৰু দুর্দশা মোৰ ওপৰত আহিল; তথাপিও মই তোমাৰ আজ্ঞাবোৰত আনন্দ পাওঁ।
তোমাৰ আজ্ঞাবোৰ অনন্ত কাললৈকে ধাৰ্মিক; মোক বুজা শক্তি দিয়া, তাতে মই জীয়াই থাকিম।
কিয়নো ঈশ্বৰৰ বাক্য জীৱনময়, কাৰ্যসাধক আৰু আটাই দুধৰীয়া তৰোৱালতকৈও চোকা। এই বাক্য প্ৰাণ আৰু আত্মা, গাঠি আৰু মজ্জা এই সকলোকে ভেদ কৰালৈকে বিন্ধোতা, মনৰ ভাৱনা আৰু অভিপ্ৰায়কো বিচাৰ কৰোঁতা।
সকলো ধৰ্মশাস্ত্ৰ ঈশ্বৰৰ দ্বাৰা নিশ্বাসিত আৰু শিক্ষাৰ বাবে, অনুযোগৰ বাবে, শুধৰণিৰ বাবে আৰু ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত লাভজনক;
যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎ কর্মৰ কাৰণে সুসজ্জিত হব পাৰে৷
এতেকে আপোনালোকে মোৰ এই কথাবোৰ নিজ নিজ হৃদয়ত আৰু মনত গাঁথি ৰাখিব; চিনস্বৰূপে সেইবোৰ হাতত বান্ধিব আৰু আপোনালোকৰ চকুৰ মাজত প্রতীকৰূপে ভূষিত কৰিব।
ঈশ্বৰৰ পথ হলে সিদ্ধ; যিহোৱাৰ বাক্য নিভাজ বুলি প্রমাণিত; তেওঁ তেওঁত আশ্ৰয় লোৱা লোকসকলৰ ঢাল।
সেই কাৰণে কওঁ, যি কোনোৱে মোৰ এই সকলো কথা শুনি পালন কৰে, তেওঁ এনেকুৱা এজন বুদ্ধিমান লোকৰ নিচিনা যি জনে শিলৰ ওপৰত তেওঁৰ ঘৰ সাজিলে।
তাতে তেওঁ উত্তৰ দি ক’লে, “শাস্ত্রত লিখা আছে, মানুহ কেৱল পিঠাৰে জীয়াই নাথাকে, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্রত্যেকটো বাক্যৰেহে জীয়াই থাকে।”
মই সঁচাকৈয়ে কওঁ, যি জনে মোৰ কথা শুনি মোক পঠোৱা জনত বিশ্বাস কৰে, তেওঁৰ অনন্ত জীৱন আছে আৰু তেওঁ দোষীৰূপে বিবেচিত নহ’ব, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’ল।
যিহোৱাৰ আদেশবোৰ যথাৰ্থ, সেয়ে মানুহৰ হৃদয়ত আনন্দ দান কৰে; যিহোৱাৰ আজ্ঞা সুস্পষ্ট, সেয়ে অন্তর্দৃষ্টিক দীপ্তিময় কৰে।
যুবকে কেনেকৈ নিজৰ পথ শুদ্ধভাৱে ৰাখিব পাৰে? তোমাৰ বাক্য অনুসাৰে সাৱধানেৰে চলাৰ দ্বাৰাই পাৰে।
সেই পুত্ৰ ঈশ্বৰৰ গৌৰৱময় পোহৰ৷ ঈশ্বৰৰ সকলো গুণৰ পূর্ণ প্রতিবিম্ব; পুত্রই ঈশ্বৰৰ পৰাক্ৰম বাক্যৰ দ্বাৰাই সকলো ধৰি ৰাখিছে। সেই পুত্রই সকলো মানুহক পাপৰ পৰা শুচি কৰিলে আৰু তাৰ পাছত স্বর্গত ঈশ্বৰৰ মহিমাৰ সোঁ হাতে ওখ সিংহাসনত বহিল।
তেওঁৰ মুখৰ আজ্ঞাৰ পৰা মই আঁতৰি যোৱা নাই; তেওঁৰ মুখৰ বাক্য মোৰ আৱশ্যকীয় আহাৰতকৈয়ো বহুমূল্য জ্ঞান কৰিলোঁ।
কিন্তু প্ৰভুৰ বাক্য চিৰকাল থাকে; যি বাক্য আপোনালোকৰ আগত প্ৰচাৰ কৰা হ’ল, এয়ে সেই শুভবাৰ্তাৰ বাক্য।
কিন্তু আমি আপোনালোকৰ আগত যি শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, তাৰ বাহিৰে আন শুভবাৰ্তা, আমিয়েই হওক বা স্বৰ্গৰ দূতেই হওক, কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে, তেনেহলে তেওঁ অভিশপ্ত হওক।
আমি আগেয়ে যেনেকৈ কৈছিলোঁ, এতিয়া মই পুনৰ কৈছোঁ, “আপোনালোকে যি শুভবাৰ্তা গ্ৰহণ কৰিলে, তাৰ বাহিৰে আন শুভবাৰ্তা, কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে, তেনেহলে তেওঁ অভিশপ্ত হওক।”
যিহোৱাৰ ব্যৱস্থা সিদ্ধ, সেয়ে মানুহৰ প্ৰাণক জগাই তোলে; যিহোৱাৰ বাক্য বিশ্বাসযোগ্য, সেয়ে সাধাৰণ লোকক জ্ঞান দান কৰে।
যিহোৱাৰ আদেশবোৰ যথাৰ্থ, সেয়ে মানুহৰ হৃদয়ত আনন্দ দান কৰে; যিহোৱাৰ আজ্ঞা সুস্পষ্ট, সেয়ে অন্তর্দৃষ্টিক দীপ্তিময় কৰে।
তোমাৰ পবিত্ৰ মন্দিৰৰ ফালে প্ৰণিপাত কৰিম; তোমাৰ চিৰস্থায়ী প্রেম আৰু বিশ্ৱস্ততাৰ কাৰণে তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো তোমাৰ নাম আৰু তোমাৰ আজ্ঞাবোৰ সকলোতকৈ মহান।
এই কাৰণতে আমি সকলো সময়তে ঈশ্বৰক ধন্যবাদ জনাওঁ; ঈশ্বৰৰ বাক্য যেতিয়া আপোনালোকে আমাৰ পৰা পাইছিল, তেতিয়া মানুহৰ বাক্য বুলি নহয়, কিন্তু ঈশ্বৰৰ বাক্য বুলিহে গ্রহণ কৰিছিল, আৰু এই বাক্য স্বৰূপেই ঈশ্বৰৰ বাক্য। এই বাক্যই বিশ্বাস কৰা সকলোৰে মাজত কাৰ্য সাধন কৰি আছে।
হে পিতৃসকল, যিজন আদিৰে পৰা আছে, তেওঁক আপোনালোকে জানিছে; এই কাৰণে মই অাপোনালোকলৈ লিখিলোঁ। হে ডেকাসকল তোমালোক বলৱন্ত আৰু ঈশ্বৰৰ বাক্য তোমালোকৰ অন্তৰত আছে আৰু তোমালোকে চয়তানক জয় কৰিছা; এই কাৰণে মই তোমালোকলৈ লিখিলোঁ।
ধন্য সেই লোক, যি দুষ্টসকলৰ পৰামৰ্শ মতে নচলে, পাপীবিলাকৰ পথত থিয় নহয়, নিন্দকবোৰৰ সমাবেশত নবহে;
কিন্তু যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে।
সেই লোক বোৱতী পানীৰ দাঁতিত ৰোৱা গছৰ নিচিনা, যি গছে বতৰত ফল দিয়ে, আৰু যাৰ পাত জঁয় নপৰে; সেই লোকে সকলো কৰ্মতে সফলতা লাভ কৰে।
আজি মই আপোনালোকক দিয়া আজ্ঞাৰ সকলো কথা আপোনালোকৰ হৃদয়ত ৰাখিব লাগে।
আপোনালোকে নিজৰ সন্তান সকলক যত্নেৰে সেইবোৰ শিকাব; আপুনি ঘৰত বহোঁতে বা বাটত যাওঁতে, আৰু শোওঁতে বা উঠোতে, সেইবোৰৰ বিষয়ে কথা-বতৰা হ’ব।
মানুহৰ ওপৰত ভাৰসা ৰখাতকৈ যিহোৱাত আশ্ৰয় লোৱাই ভাল।
অধিপতিসকলৰ ওপৰত ভাৰসা ৰখাতকৈ, যিহোৱাত আশ্ৰয় লোৱাই ভাল।
কিন্তু যি জনে তেওঁৰ বাক্য পালন কৰে, তেওঁৰ অন্তৰত ঈশ্বৰৰ প্ৰেম স্বৰূপেই সিদ্ধ হ’ল। তাৰ দ্বাৰাই আমি জানো যে, তেওঁত আমি আছোঁ।
কিয়নো আগেয়ে যিবোৰ কথা লিখা হৈছিল, সেইবোৰ আমি ধৈৰ্যৰে আৰু শাস্ত্ৰৰ সান্ত্বনাৰে ভাৰসা পাবলৈ আমাৰ শিক্ষাৰ কাৰণেহে লিখা হৈছিল।
ঈশ্বৰে এই কার্য দুটা অপৰিবর্তনীয় বিষয়ৰ দ্বাৰাই কৰিছিল, যি বিষয়ত ঈশ্বৰে মিছা-কোৱা অসাধ্য। আমি যি সকলে ঈশ্বৰৰ ওচৰত আশ্রয় বিচাৰি পলাই গলো, আমি আমাৰ আগত থকা আশাক যেন দৃঢ়তাৰে ধৰিবলৈ প্রচুৰ উৎসাহ পাওঁ, তাৰ কাৰণে কৰিলে।
তেতিয়া তেওঁ মোক ক’লে, হে মনুষ্য-সন্তান, মই তোমাৰ আগত যি যি কথা ঘোষণা কৰিলোঁ, সেই সকলো কথা অন্তৰত গ্ৰহণ কৰা আৰু সেই কথাবোৰত কাণ দিয়া।
ভোকত কষ্ট দি আৰু যি মান্নাৰ কথা আপোনালোকে আৰু আপোনালোকৰ পূর্বপূৰুষসকলে জনা নাছিল তাক খোৱাই যিহোৱাই আপোনালোকক নম্র কৰিছিল। এই কার্যবোৰৰ দ্বাৰাই তেওঁ আপোনালোকক জনাব বিচাৰিছিল যে, মানুহ কেৱল পিঠাৰে নিজীয়ে, কিন্তু মানুহৰ জীৱন যিহোৱাই কোৱা বাক্যৰ দ্বাৰাইহে জীয়ে।