তাৰ পাছত তেওঁ লোকসকলৰ সৈতে মন্ত্ৰণা কৰি ৰণলৈ সাজু হোৱাসকলৰ আগে আগে “যিহোৱাৰ স্তুতি গান কৰা; কিয়নো তেওঁৰ দয়া চিৰকাললৈকে থাকে”, এই কথা কৈ কৈ, যিহোৱাৰ উদ্দেশ্যে গীত গাবলৈ আৰু পবিত্ৰ শোভাৰে যিহোৱাৰ প্ৰশংসা কৰিবলৈ কিছুমান লোকক নিযুক্ত কৰিলে।
2 বংশা 30:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এই হেতুকে যিৰূচালেমত উপস্থিত হৈ থকা ইস্ৰায়েলৰ সন্তান সকলে সাত দিনলৈকে মহা আনন্দেৰে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিলে৷ লেবীয়া ও পুৰোহিতসকলে সদায় উচ্চধ্বনি বাদ্যেৰে যিহোৱাৰ উদ্দেশ্যে গীত গাই যিহোৱাৰ প্ৰশংসা কৰিলে। |
তাৰ পাছত তেওঁ লোকসকলৰ সৈতে মন্ত্ৰণা কৰি ৰণলৈ সাজু হোৱাসকলৰ আগে আগে “যিহোৱাৰ স্তুতি গান কৰা; কিয়নো তেওঁৰ দয়া চিৰকাললৈকে থাকে”, এই কথা কৈ কৈ, যিহোৱাৰ উদ্দেশ্যে গীত গাবলৈ আৰু পবিত্ৰ শোভাৰে যিহোৱাৰ প্ৰশংসা কৰিবলৈ কিছুমান লোকক নিযুক্ত কৰিলে।
ইয়াৰ বাহিৰেও হিষ্কিয়া আৰু অধ্যক্ষসকলে, দায়ুদ আৰু আচফ দৰ্শকে লিখা বাক্যেৰে যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিবলৈ লেবীয়াসকলক আজ্ঞা দিলে৷ তেওঁলোকে আনন্দেৰে প্ৰশংশাৰ গান কৰিলে আৰু মূৰ দোঁৱাই প্ৰণিপাত কৰিলে।
এইদৰে যিৰূচালেমত বৰ আনন্দ হ’ল; কিয়নো ইস্ৰায়েলৰ ৰজা দায়ূদৰ পুত্ৰ চলোমনৰ দিনৰে পৰা যিৰূচালেমত এনেদৰে হোৱা নাছিল।
এই কাৰণে উপস্থিত থকা ইস্ৰায়েলৰ সন্তান সকলে সেই সময়ত নিস্তাৰ-পৰ্ব্ব কৰিলে আৰু তাৰ পাছত সাত দিনলৈকে খমীৰ নিদিয়া পিঠাৰ উৎসৱ পালন কৰিলে।
চলোমনে সপ্তম মাহৰ তেইশ দিনৰ দিনা নিজ নিজ তম্বুলৈ লোকসকলক আনন্দিত আৰু সন্তুষ্ট মনেৰে বিদায় দিলে; কিয়নো যিহোৱাই দায়ুদ, চলোমন আৰু তেওঁৰ প্ৰজা ইস্ৰায়েললৈ মঙ্গল কৰিলে৷
তেতিয়া নহিমিয়াই তেওঁলোকক ক’লে, “যাওক, চৰ্বি জাতীয় বস্তু ভোজন কৰক, আৰু মিঠা ৰস পান কৰক, আৰু যাৰ প্ৰস্তুত কৰা একো বস্তু নাই, তেওঁলোকৰ কাৰণে কিছু আহাৰ পঠাই দিয়ক। কিয়নো আজি আমাৰ প্ৰভুৰ উদ্দেশ্যে পবিত্ৰ দিন। আপোনালোকে দুখ নকৰিব; কাৰণ যিহোৱাত যি আনন্দ সেয়ে আপোনালোকৰ শক্তি।”
সমবেত হোৱা লোকসকলৰ, যি সকল বন্দী অৱস্থাৰ পৰা ঘূৰি আহিছিল, গৃহ সাজি তাত বাস কৰিলে। কাৰণ নুনৰ পুত্ৰ যেচুৱাৰ দিনৰে পৰা সেই দিনলৈকে ইস্ৰায়েলৰ সন্তান সকলে এই পৰ্ব পালন কৰা নাছিল; সেয়ে অধিক আনন্দ হ’ল।
তোমালোকে সাত দিন খমীৰ নিদিয়া পিঠা ভোজন কৰিবা। প্ৰথম দিনাই তোমালোকে নিজৰ ঘৰৰ পৰা খমীৰ দূৰ কৰিবা। কিয়নো যি কোনোৱে প্ৰথম দিনৰ পৰা সপ্তম দিনলৈকে খমীৰ দিয়া পিঠা খাব, তেওঁক ইস্ৰায়েলৰ পৰা উচ্ছন্ন কৰা হ’ব।
সাত দিনলৈকে খমীৰ নিদিয়া পিঠা ভোজন কৰিবা; আৰু সপ্তম দিনটো যিহোৱাৰ উদ্দেশ্যে উৎসৱৰ দিন হ’ব।
আৰু সেই মাহৰ পঞ্চদশ দিনা যিহোৱাৰ উদ্দেশ্যে খমীৰ নিদিয়া পিঠাৰ উৎসৱ হ’ব। তোমালোকে সাত দিন ধৰি খমীৰ নিদিয়া পিঠা ভোজন কৰিবা।
পর্বৰ সকলো ৰীতি শেষ কৰি তেওঁলোক যেতিয়া ঘৰলৈ উলটি আহিছিল, তেতিয়া ল’ৰা যীচু যিৰূচালেমতে ৰৈ গ’ল; কিন্তু তেওঁৰ মাক-বাপেকে এই কথা জনা নাছিল।
তাৰ পাছত সকলোৱে এক উদ্দেশ্যেত সদায় মন্দিৰলৈ গৈ থাকিল আৰু ঘৰে ঘৰে পিঠা ভাঙি ঈশ্বৰৰ স্তুতি কৰি, সকলোৱে আনন্দেৰে আৰু নম্ৰ হৃদয়েৰে খোৱা-বোৱা কৰিলে;
সেই ঠাইত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী, দাস-দাসী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত বাস কৰা লেবীয়া লোকসকল, যি সকলৰ নিজৰ বুলিবলৈ কোনো ভাগ বা আধিপত্য নাই, আপোনালোক সকলোৱেই আনন্দ কৰিব।
সেই ঠাইতেই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে আৰু আপোনালোকৰ পৰিয়ালৰ সকলোৱে আহাৰ গ্রহণ কৰিব আৰু আপোনালোকে হাত দিয়া সকলো কাৰ্যত তেওঁ দিয়া আশীৰ্ব্বাদক লৈ আপোনালোকে আনন্দ উল্লাস কৰিব।
আপোনালোকৰ সেই উৎসৱত আপোনালোকৰ পো-জী, বন্দী-বেটী আৰু আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়াসকল, বিদেশীসকল, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিব।