ইস্ৰায়েলৰ সকলো ফৈদৰ লোকসকলৰ মাজত, যিসকলৰ ঈশ্বৰ যিহোৱাক বিচাৰিবৰ মন আছিল, তেওঁলোকে লেবীয়াসকলৰ অনুগামী হৈ তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ যিৰূচালেমলৈ আহিল।
2 বংশা 20:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যিহূদাৰ লোকসকলে যিহোৱাৰ আগত সাহায্য যাচ্না কৰিবলৈ গোট খালে; যিহূদাৰ আটাই নগৰৰ পৰা লোকসকলে যিহোৱাক বিচাৰ কৰিবলৈ আহিল। |
ইস্ৰায়েলৰ সকলো ফৈদৰ লোকসকলৰ মাজত, যিসকলৰ ঈশ্বৰ যিহোৱাক বিচাৰিবৰ মন আছিল, তেওঁলোকে লেবীয়াসকলৰ অনুগামী হৈ তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ যিৰূচালেমলৈ আহিল।
আৰু দেশৰ ভিতৰত গড়েৰে আবৃত যিহূদাৰ আটাইবোৰ নগৰৰ ভিতৰত প্ৰত্যেক নগৰত তেওঁ এজন এজনকৈ বিচাৰকৰ্ত্তা নিযুক্ত কৰিলে৷
তেনেহ’লে মোৰ নামেৰে প্ৰখ্যাত হোৱা মোৰ প্ৰজাসকলে যদি নিজকে নম্ৰ কৰি প্ৰাৰ্থনা কৰে আৰু মোৰ সাক্ষাৎ হবলৈ বিচাৰে বা নিজ নিজ কু-পথৰ পৰা ঘূৰে, তেনেহ’লে মই স্বৰ্গৰ পৰা শুনি তেওঁলোকৰ পাপবোৰ ক্ষমা কৰিম আৰু তেওঁলোকৰ দেশ আৰোগ্য কৰিম।
তাৰ পাছত আমি ঈশ্বৰৰ সন্মূখত নিজকে নম্র কৰিবৰ বাবে অহবা নদীৰ দাঁতিত উপবাস ঘোষণা কৰিলোঁ, তাতে আমি আমাৰ সৰু সকলৰ বাবে আৰু আমাৰ সম্পত্তিৰ বাবে এটা সুবিধাজনক পথ বিচাৰিলো।
সঙ্কটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা; মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি মোক গৌৰৱান্বিত কৰিবা।”
মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম; মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ; মাংসই মোক কি কৰিব পাৰে?
কিয়নো ঈশ্বৰে চিয়োনক পৰিত্ৰাণ কৰিব আৰু যিহূদাৰ নগৰবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব; লোকসকলে তাত বাস কৰি তাক অধিকাৰ কৰিব।
তোমালোকে পবিত্ৰ উপবাস নিৰূপণ কৰা, সমাজ গোট খাবলৈ ঘোষণা কৰা। পৰিচাৰকসকল আদি কৰি দেশনিবাসী আটাই লোকক গোট খুউৱাই তোমালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহত যিহোৱালৈ কাতৰোক্তি কৰা,