Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




ইজ্ৰা 8:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 তাৰ পাছত আমি ঈশ্বৰৰ সন্মূখত নিজকে নম্র কৰিবৰ বাবে অহবা নদীৰ দাঁতিত উপবাস ঘোষণা কৰিলোঁ, তাতে আমি আমাৰ সৰু সকলৰ বাবে আৰু আমাৰ সম্পত্তিৰ বাবে এটা সুবিধাজনক পথ বিচাৰিলো।

অধ্যায়টো চাওক কপি কৰক




ইজ্ৰা 8:21
37 পৰস্পৰ সংযোগসমূহ  

তেতিয়া যিহোচাফটে ভয় কৰি যিহোৱাক বিচাৰিবলৈ ঠাৱৰ কৰিলে৷ তেওঁ যিহূদাৰ সকলো ফালে উপবাস ঘোষণা কৰিলে।


যিহূদাৰ লোকসকলে যিহোৱাৰ আগত সাহায্য যাচ্‌না কৰিবলৈ গোট খালে; যিহূদাৰ আটাই নগৰৰ পৰা লোকসকলে যিহোৱাক বিচাৰ কৰিবলৈ আহিল।


মই তেওঁলোকক অহবালৈ বৈ যোৱা পানীৰ কাষত একত্রিত কৰিলোঁ অাৰু আমি তাত তিন দিন ছাউনি পাতি থাকিলোঁ। মই সকলো লোকৰ লগতে আৰু পুৰোহিতসকলৰ মাজত অনুসন্ধান কৰি চালোঁ, কিন্তু লেবী বংশৰ কোনো এজনক তাত বিচাৰি নাপালোঁ।


প্ৰথম মাহৰ দ্বাদশ দিনা, আমি যিৰূচালেমলৈ যাবৰ বাবে অহবা নদীৰ পৰা যাত্রা কৰিলোঁ। আমাৰ ওপৰত আমাৰ ঈশ্বৰৰ হাত থকা বাবে তেওঁ শত্ৰুবোৰৰ ওপৰত আৰু বাটত খাপ দি থকা ডকাইতসকলৰ হাতৰ পৰা আমাক ৰক্ষা কৰিলে।


তাৰ পাছত সেই মাহৰ চৌবিশ দিনৰ দিনা ইস্ৰায়েলৰ সন্তান সকল সমবেত হৈ লঘোন দি, চট কাপোৰ পিন্ধিলে, আৰু তেওঁলোকে নিজৰ মুৰত ধুলি লগালে।


“আপুনি যাওক; আৰু চুচনত বাস কৰা সকলো যিহুদী লোকসকলক একগোট কৰক। অাপোনালোক মোৰ কাৰণে লঘোন দিয়ক। তিনি দিন তিনি ৰাতি একো পান নকৰিব নাইবা ভোজন নকৰিব। মই আৰু মোৰ যুৱতী দাস সকলেও সেই একেদৰে লঘোন দিম। তাৰ পাছত যদিও এই কাৰ্য নিয়মৰ বিৰুদ্ধে হয়, তথাপি মই ৰজাৰ ওচৰলৈ যাম। যদি বিনষ্ট হ’ব লাগে তেনেহ’লে মই হ’ম।”


যেতিয়া আমাৰ চিয়োনলৈ মনত পৰিছিল, তেতিয়া বাবিলৰ নদীবিলাকৰ তীৰত বহি আমি কান্দিছিলোঁ।


হে যিহোৱা, মোৰ অনেক শত্রু থকাৰ কাৰণে তুমি মোক তোমাৰ নিজ ধাৰ্মিকতাৰ পথত চলাই নিয়া; তোমাৰ পথ মোৰ সন্মুখত সৰল কৰি দিয়া।


মোৰ শত্রুবোৰৰ মুখত সত্যতা নাই। সিহঁতৰ হৃদয়ত ধ্বংসৰ মনোভাৱ থাকে। সিহঁতৰ ডিঙিৰ নলীবোৰ যেন মুকলি মৈদাম, সিহঁতে কপটভাৱে জিভাৰে প্রশংসাৰ কথা কয়।


শিশু আৰু পিয়াহ খোৱা কেঁচুৱাৰ মুখৰ প্রশংসাৰে তোমাৰ শত্রুবোৰৰ কাৰণে তুমি এক কোঁঠ স্থাপন কৰিলা, যাতে তোমাৰ শত্রু আৰু প্রতিশোধ লোৱাসকলক তুমি স্তব্ধ কৰিব পাৰা।


তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা, আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।


যেতিয়া তোমালোকে সোঁফালে কি বাঁওফালে ঘুৰিবা, তেতিয়া তোমালোকৰ কাণে তোমালোকৰ পাছফালে কোৱা বাক্য শুনিবলৈ পাব, “এয়ে পথ, এই পথে চলা,”


তাত থকা ৰাজপথবোৰ পবিত্ৰ পথ বুলি মতা হ’ব। সেই পথেদি কোনো অশুচি লোকে যাত্রা নকৰিব। কিন্তু যি সকলে ইয়াত অহা-যোৱা কৰিব তেওঁলোকৰ বাবেহে হ’ব, কোনো মূর্খব্যক্তি সেই পথত নাযাব।


মই অন্ধসকলক তেওঁলোকে নজনা বাটেদি লৈ যাম, তেওঁলোকে নজনা পথেদি তেওঁলোকক লৈ যাম; মই তেওঁলোকৰ আগত আন্ধাৰক পোহৰ কৰিম, আৰু বেঁকাবেঁকি ঠাই পোন কৰিম। এইবোৰ কাৰ্য মই কৰিম; আৰু সেইবোৰ মই পৰিত্যাগ নকৰিম।


তেওঁলোক ক্ষুধাতুৰ বা তৃষ্ণাতুৰ নহ’ব; গৰমে বা সূৰ্যৰ তাপে তেওঁলোকক কষ্ট নিদিব; কাৰণ যি জনাই তেওঁলোকক দয়া কৰে, তেওঁ তেওঁলোকক চলাই লৈ যাব, আৰু জলৰ ভুমুকলৈ পথ দর্শক হৈ তেওঁলোকক চলাই নিব।


তেওঁলোকে কয়, “আমি কিয় লঘোনে থাকিলো?” তুমি দৃষ্টি নকৰিলা? আমি কিয় নিজকে নম্র কৰিলোঁ, তুমি মন নিদিলা? চোৱা, তোমালোকে লঘোনত থকা দিনাও তোমালোকৰ নিজৰ আনন্দ বিচাৰা আৰু তোমালোকৰ বনুৱাসকলক উপদ্ৰৱ কৰা।


মই বিচাৰা লঘোন সঁচাই এইয়ে নে? প্রতিজনে নিজকে নম্র কৰিবলৈ এদিন, নলখাগড়ৰিৰ দৰে তেওঁৰ মূৰ দোঁওৱা, আৰু চটকাপোৰ বিস্তাৰ কৰা আৰু ছাঁইত বহা, তুমি সঁচাই ইয়াকে লঘোন বোলা নে আৰু যিহোৱাৰ গ্রহণীয় দিন বোলা নে?


হে যিহোৱা, মই জানো যে, মানুহৰ গতি নিজ অধিকাৰত নাথাকে। নিজ খোজ স্থিৰ কৰিবলৈ খোজ চলাওঁতা জনাৰ শক্তি নাই।


আমি কোন বাটেদি যোৱা উচিত আৰু কি কাৰ্য কৰা উচিত ইয়াকে দেখুৱাবৰ অৰ্থে তোমাৰ ঈশ্বৰ যিহোৱাক নিবেদন কৰা।”


তেতিয়া মই লঘোন দি, চট কাপোৰ পিন্ধি, ছাঁইত বহি, অনুৰোধ আৰু প্ৰাৰ্থনাৰে প্ৰভু ঈশ্বৰৰ অনুগ্ৰহ বিচাৰিবলৈ মই তেওঁলৈ মুখ কৰিলোঁ।


তোমালোকে পবিত্ৰ উপবাস নিৰূপণ কৰা, সমাজ গোট খাবলৈ ঘোষণা কৰা। পৰিচাৰকসকল আদি কৰি দেশনিবাসী আটাই লোকক গোট খুউৱাই তোমালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহত যিহোৱালৈ কাতৰোক্তি কৰা,


তোমালোকৰ বাবে চিৰস্থায়ী বিধি এই। সপ্তম মাহৰ দশম দিনা স্বদেশীয় হওঁক বা তোমালোকৰ মাজত বাস কৰা বিদেশীয়েই হওঁক, তোমালোক সকলোৱেই নিজ নিজ প্ৰাণক দুখ দি লঘোন দিবা আৰু কোনো কৰ্ম নকৰিবা।


সেয়েই তোমোলোকৰ সম্পূর্ণ বিশ্ৰামৰ বিশ্ৰাম-দিন; তোমালোকে নিজ নিজ প্ৰাণত দুখ দি লঘোন দিবা। এইয়েই তোমালোকৰ মাজত চিৰস্থায়ী বিধি হ’ব।


কিয়নো যিকোনোৱে সেই দিনা উপবাস নাৰাখে, তেওঁক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।


তেতিয়া নীনবিৰ লোকসকলে ঈশ্বৰক বিশ্বাস কৰিলে আৰু তাৰ কাৰণে উপবাস ঘোষণা কৰিলে; ডাঙৰৰ পৰা সৰুলৈকে সকলোৱে চট্ কাপোৰ পিন্ধিলে।


তাৰ পাছত তেওঁ নীনবিত তেওঁৰ আৰু তেওঁৰ মন্ত্ৰীসকলৰ যোগেদি এই আদেশ ঘোষণা কৰালে: “মানুহ বা পশু, গৰু বা মেৰ-ছাগৰ জাক কোনেও একো বস্তুৰ আস্বাদ নলওক; আহাৰ কি পানী নাখাওঁক।


যিহোৱাই আমাক তৰোৱালৰ আগত পেলাবলৈ আৰু আমাৰ পত্নীসকল আৰু আমাৰ কনমানি সকলক লুট কৰাবলৈ এই দেশলৈ আমাক কিয় আনিছে? মিচৰ দেশলৈ উলটি যোৱা জানো আমাৰ পক্ষে ভাল নহয়?”


কিন্তু তোমালোকে নিজৰ যি ল’ৰা-ছোৱালীবোৰৰ বিষয়ে লুটদ্ৰব্য হ’ব বুলি কৈছিলা, মই তেওঁলোকক তাত সোমোৱাম; আৰু তোমালোকে যি দেশ অগ্ৰাহ্য কৰিলা, তেওঁলোকে তাৰ পৰিচয় পাব।


কিয়নো আপোনালোক আৰু আপোনালোকৰ সন্তান সকললৈ আৰু দূৰৈত থকা লোক সকলৰ কাৰণেও এই প্ৰতিজ্ঞা আছে যে, আমাৰ প্ৰভু পৰমেশ্বৰে সকলোকে নিমন্ত্ৰণ কৰিব।


তেতিয়া ইস্ৰায়েলৰ সকলো সৈন্য আৰু আটাই লোকসকলে বৈৎএললৈ উঠি গ’ল আৰু সেই ঠাইতে যিহোৱাৰ সাক্ষাতে ক্ৰন্দন কৰি বহি থাকিল। সেই দিনা সন্ধিয়ালৈকে লঘোনে থাকিল আৰু যিহোৱাৰ সাক্ষাতে হোম আৰু শান্তিৰ বলি উৎসৰ্গ কৰিলে।


তেতিয়া তেওঁলোকে মিস্পাত গোট খালে আৰু পানী তুলি যিহোৱাৰ আগত ঢালি দিলে। সেই দিনা লঘোন দি সেই ঠাইতে ক’লে, “আমি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।” এইদৰে চমূৱেলে মিস্পাত ইস্ৰায়েলৰ সন্তান সকলৰ বিচাৰ কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন